তামুলপুৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সোঁৱৰণী গ্ৰন্থ “বটবৃক্ষ“ উন্মোচন

31
তামুলপুৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সোঁৱৰণী গ্ৰন্থ “বটবৃক্ষ“ উন্মোচন
প্ৰতিবেদক , তামুলপুৰ , ২০ জুলাইঃ তামুলপুৰৰ সমাজ জীৱনৰ মহীৰূহ, অসম আন্দোলনৰ  নেতা, আধুনিক তামুলপু্ৰৰ অন্যতম খনিকৰ, অৱসৰ প্ৰাপ্ত শিক্ষক  তামুলপুৰ পৌৰসভাৰ পৌৰপতি প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সোঁৱৰণত প্ৰকাশ কৰি উলিওৱা এখন সোঁৱৰণী গ্ৰন্থ “বটবৃক্ষ” আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ৷  যোৱা বিশ জুনত মৃত্যুবৰন কৰা প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তৰ আজি পৱিত্ৰ মাহিলি তিথিৰ শুভক্ষণত তেখেতৰ সোঁৱৰণত প্ৰকাশিত সোঁৱৰণী গ্ৰন্থ খনি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে৷ সোঁৱৰণী গ্ৰন্থ প্ৰকাশক সমিতিৰ অন্যতম সম্পাদক ডুলুজিৎ দাসে পৰিচালনা কৰা গ্ৰন্থ উন্মোচনী সভাৰ প্ৰাকমুহূৰ্তত তেখেতৰ সহধৰ্মিণী বনদেৱী মহন্তই প্ৰয়াত স্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গ্ৰন্থ উন্মোচনী সভাত এসময়ৰ তেখেতৰ কৰ্মস্থলী তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থ অৱসৰপ্ৰাপ্ত শিক্ষক মহোন চন্দ্ৰ দাস প্ৰমুখ্যে তামুলপুৰৰ সমাজজীৱনৰ সৈতে জড়িত বিশিষ্ট লোক সকল উপস্থিত থাকে৷ সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰি বিধায়ক জলেন দৈমাৰীয়ে প্ৰয়াত মহন্তদেৱৰ কৰ্মজীৱন- সমাজজীৱনৰ ওপৰত আলোকপাত কৰি আজি উন্মোচিত হোৱা সোঁৱৰণী গ্ৰন্থ খনে তামুলপুৰৰ এক সম্পদ হৈ ৰ’ব বুলি কয়। আনহাতে তেখেতৰ একালৰ সতীৰ্থ অৱসৰপ্ৰাপ্ত শিক্ষক মোহন চন্দ্ৰ দাসেও মহন্ত দেৱৰ স্কুলীয়া দিনৰ বহু কথা কোৱাৰ উপৰিও বিশেষকৈ অসম আন্দোলন আৰু শিক্ষক সংগঠন সমূহৰ সৈতে জড়িত হৈ কি দৰে পৰিচালনা কৰিছিল তাৰ ওপৰত সবিশেষ বক্তব্য আগবঢ়াই সতীৰ্থগৰাকীৰ মৃত্যুত তামুলপুৰৰ সমাজজীৱনৰ ব্যাপক ক্ষতি হৈছে বুলি কয় ৷ আজিৰ গ্ৰন্থ উন্মোচনী সভাত সোঁৱৰণী গ্ৰন্থ প্ৰকাশক সমিতিৰ সভাপতি ব্ৰজেন্দ্ৰনাথ ডেকা, মুখ্য সম্পাদক গনেশ ৰাভা উপ সভাপতিদ্বয়  ক্ৰমে বৰুন ৰামচিয়াৰী, উমেশ দাস, উপদেষ্টা মণ্ডলীৰ লগতে তামুলপুৰ শাখা সাহিত্য সভাৰ কৰ্মকৰ্তা সকল  তামুলপুৰ পৌৰসভাৰ উপাধ্যক্ষ বানীকান্ত বসুমতাৰী, পৰিয়ালৰ সকলো সদস্য তথা আত্মীয় স্বজন উপস্থিত আছিল।