তামুলপুৰ মহাবিদ্যালয়ত বিটিচি চৰকাৰৰ ছুপাৰ ৫০-ৰ ইউপিএছচি কোচিঙৰ বাচনি পৰীক্ষা

24
তামুলপুৰ মহাবিদ্যালয়ত বিটিচি চৰকাৰৰ ছুপাৰ ৫০-ৰ ইউপিএছচি কোচিঙৰ বাচনি পৰীক্ষা
প্ৰতিবেদক , তামুলপুৰ, ৬ আগষ্টঃ সমগ্ৰ বিটিচিৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিটিচি চৰকাৰে ছুপাৰ ৫০ নামেৰে প্ৰতিখন জিলাৰ পৰা অৰ্হতাসম্পন্ন ১০ গৰাকী ছাত্ৰ-ছাত্ৰীক ইউপিএছচি কোচিঙৰ বাবে আজি বাচনি পৰীক্ষা অনুষ্ঠিত কৰে। উল্লেখ্য যে সমগ্ৰ বিটিচি অঞ্চলৰ পৰা অৰ্হতাসম্পন্ন ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক এই ইউপিএছচি কোচিঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিটিচি চৰকাৰে । বিটিচিৰ অন্যান্য অঞ্চলৰ লগতে ৫ আগষ্টৰ দিনা তামুলপুৰ মহাবিদ্যালয়ত এই বাচনি পৰীক্ষা অনুষ্ঠিত হৈ যায়। তামুলপুৰ জিলাৰ সৰ্বমুঠ ১৬৮ গৰাকী ছাত্ৰ-ছাত্ৰী উক্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ প্ৰদান কৰাৰ বিপৰীতে ১০৮ গৰাকী পৰিক্ষাৰ্থীয়ে অবতীৰ্ণ হয়। ইয়াৰে ৭৯ গৰাকী ছাত্ৰ তথা ২৯ গৰাকী ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়। ইউপিএছচি প্ৰশিক্ষণৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন চৰকাৰ উদ্যোগত অনুষ্ঠিত এই পৰীক্ষা অৰ্হতাসম্পন্ন ছাত্ৰ ছাত্ৰী সকলক দিল্লীস্থিত চাণক্য আইএএছ একাডেমীত কোচিং গ্ৰহণ কৰিব পাৰিব। মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী সকলে চৰকাৰৰ এনেধৰণৰ পদক্ষেপক ভুয়সী প্ৰশংসা কৰে।