তিনিদিন ধৰি সন্ধানহীন লক্ষীপুৰৰ মহিদুল ইছলাম

    25

    তিনিদিন ধৰি সন্ধানহীন লক্ষীপুৰৰ মহিদুল ইছলাম

    দুৰ্নীতিৰ দৰ্পণ সেৱা, কোকৰাঝাৰ, ১৪ জুলাইঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰী (হালৈ পাৰা) গাঁৱৰ আমজাদ আলীৰ ডেকা ল’ৰা মহিদুল ইছলাম (১৯) যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ আছে। যুৱকজন তিনিদিন পূৰ্বে অৰ্থাৎ ঈদুল আজহাৰ দিনা পুৱা এঘাৰ বজাত নিজ ঘৰৰ পৰা ওলাই যায়। দিনটোৰ অন্তত মহিদুল ইছলাম ঘৰত উভতি নহা দেখি পৰিয়ালৰ লোকে খা-খবৰ লোৱা আৰম্ভ কৰে। যুৱকজন নিৰুদ্দেশ হৈ পৰাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে। পৰিয়ালৰ লোকে একাদিক্ৰমে আত্মীয়-স্বজন, বন্ধু-বান্ধৱ আনকি চা চিনাকিৰ ঘৰত খা খবৰ কৰিও আজিলৈকে মহিদুল ইছলামৰ কোনো শুং-সূত্ৰ উলিওৱাব পৰা নাই। নিৰুদ্দেশ হোৱা মহিদুল ইছলামক বিচাৰি পৰিয়ালৰ লোকে হাইৰাণ হৈ অৱশেষত বুধবাৰে ধুমেৰ ঘাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। নিৰুদ্দিষ্ট ইছলামৰ পিতৃ আমজাদ আলীয়ে এজাহাৰখনত উল্লেখ কৰা অনুসৰি মাটি বৰণৰ মহিদুল ইছলামৰ শাৰীৰিকভাৱে ভৰি দুখন অৰ্ধ ভগ্ন (বিকলাংগ)। নিৰুদ্দিষ্ট যুৱকজনৰ কোনো সম্ভেদ লাভ কৰিলে ৬০০২০৮৬৬০২৮৪৫৩৭০৮৪০২ আদি যিকোনো নম্বৰত ফোন কৰিবলৈ নাইবা ধুমেৰ ঘাট আৰক্ষী চকীত অৱগত কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।