দলিল নাটনিৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ স্মাৰক পত্ৰ প্ৰেৰণ 

35
দলিল নাটনিৰ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ স্মাৰক পত্ৰ প্ৰেৰণ
দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ৬ আগষ্ট ঃ বিশ্বনাথ চাৰিআলি সদৰত বিগত কেইবামাহো ধৰি বিভিন্ন মূল্যৰ দলিলৰ অস্বাভাৱিক নাটনিৰ ফলত সাধাৰণ ৰাইজে যথেষ্ঠ আহুকালৰ সন্মুখীন হ’ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। বিভিন্ন কামত বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলৰ ৰাইজ বিশ্বনাথ সদৰৰ ক’ৰ্ট-কাছাৰী  লৈ  আহে যদিও দলিলৰ অভাৱত বহু কাম কৰিব নোৱাৰি উভতি যাব লগীয়া পৰিস্থিতি পৰিষদৰ দৃষ্টিগোচৰ হৈছে  । আনহাতে জিলাখনৰ অন্য কোনো কোনো ঠাইত অধিক মূল্যত দলিল উপলব্ধ হয় বুলি বিভিন্ন জনে পৰিষদক ইতিমধ্যে অৱগত কৰিছে । এই  দিশৰ ওপৰত দৃষ্টি ৰাখি দলিলৰ ব্যৱসায়ত কোনো অসাধু চক্ৰ জড়িত হৈ আছে যেন পৰিষদৰ অনুভৱ হৈছে । সেয়েহে এই বিষয়টো ওপৰত গুৰুত্ব প্ৰদান কৰি উপযুক্ত তদন্তৰ জৰিয়তে ৰাইজক সকাহ দিবলৈ বিশ্বনাথ জিলাৰ  উপায়ুক্তক  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় । আজিৰ এই কাৰ্য্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহ সদস্য নাচিৰ আহমেদ, বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত বৰুৱা, যুটিয়া সম্পাদক নিহাৰ শ‌ইকীয়া আদিয়ে অংশগ্ৰহণ কৰে।