দেৰগাঁৱত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অৱণী বৰঠাকুৰৰ”নাম-নিজৰা”উন্মোচন , নৱ প্ৰজন্মক আধ্যাত্মিক জ্ঞানেৰে উদ্বুদ্ধ কৰিবলৈ আহবান উন্মোচক ৰোহিনী বল্লভ গোস্বামীৰ

64
দেৰগাঁৱত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অৱণী বৰঠাকুৰৰ”নাম-নিজৰা”উন্মোচন , নৱ প্ৰজন্মক আধ্যাত্মিক জ্ঞানেৰে উদ্বুদ্ধ কৰিবলৈ আহবান উন্মোচক ৰোহিনী বল্লভ গোস্বামীৰ
দেৰগাঁও , ১ আগষ্টঃ দেৰগাঁও সাহিত্য সভাৰ চন্দ্ৰনাথ খাউণ্ড ভৱনত ৩১ জুলাইত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা লেখিকা অবণী বৰঠাকুৰৰ”নাম নিজৰা” শীৰ্ষক এখনি গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।এই উপলক্ষে দেৰগাঁও সাহিত্য সভাৰ সভাপতি প্ৰভাত চন্দ্ৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনৰ শুভাৰম্ভণী কৰে অনাদি বৰঠাকুৰে পৰিৱেশন কৰা এটি বৰগীতেৰে।সাহিত্য সভাৰ সম্পাদক অজিত চন্দ্ৰ দত্তই আত ধৰা সভাত গ্ৰন্থ খনি উন্মোচন কৰে ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সংস্কৃত পণ্ডিত ৰোহিনী বল্লভ গোস্বামী শাস্ত্ৰীয়ে।ক্ৰমশ হেৰাই যাব ধৰা গোঁসানী নাম,উপনয়নৰ নাম আদি সংগৃহীত ৰূপত ছপা আকাৰে প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰি আচাৰ্য গোস্বামীয়ে বেদ বেদান্তৰ পটভূমিৰে হিন্দুৰ বিভিন্ন দেৱ দেৱীৰ উপাসনাৰ্থে প্ৰাচীন কালৰ পৰা প্ৰচলিত হৈ অহা উপাসনা গীত তথা নামসমূহ লেখিকাই গ্ৰন্থ আকাৰে প্ৰকাশ কৰাত সন্তোষ্টি প্ৰকাশ কৰে।ধৰ্ম শাস্ত্ৰৰ উদ্ধৃতিৰে দিয়া সাৰগৰ্ভ ভাষণত তেও উঠি অহা নৱপ্ৰজন্মক আধ্যাত্মিক জ্ঞানেৰে উদ্বুদ্ধ কৰি তুলিবলৈ ৰাইজক আহবান জনাই।প্ৰসংগক্ৰমে তেওঁ  সাম্প্ৰতিক কালত” গীতাৰ প্ৰাসংগিকতা”শীৰ্ষক বিষয়ৰ দৰে আলোচনা চক্ৰ,বক্তৃতানুষ্ঠান আদি অনুষ্ঠিত কৰাৰো পোষকতা কৰে।অৰিয়ন বৰঠাকুৰে এটি কবিতা আবৃত্তি কৰা সভাখনত,বিশিষ্ট সাহিত্যিক নুৰুল চুলতান গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পবিত্র বৰবৰা,সম্পাদক বন্তি বৰা,উপসভাপতি তফজুল হক বৰবৰা,সমাজপ্ৰাণ অতুল গোস্বামী,জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ভোলা হাজৰিকা, সম্পাদক উমা শঙ্কৰ চাহু,সমাজপ্ৰাণ অতুল গোস্বামী, প্ৰবীণ সাংবাদিক মহেন্দ্ৰ নাথ হাজৰিকা, অধ্যাপক ডঃ ৰমানন্দ দাস,সাহিত্য সভাৰ প্ৰাক্তন জিলা সম্পাদক তুলুমণি দেৱী প্ৰমুখ্যে কেবাগৰাকীয়ো বিশিষ্ট ব্যক্তিয়ে আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে । বৃহত্তৰ দেৰগাঁৱৰ শতাধিক সাহিত্যনুৰাগী আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে ভাগ লোৱা সভাখনত লেখিকা তথা সাহিত্য সভাৰ আজীৱন সভ্য অৱনী বৰঠাকুৰে মাতৃ স্বৰ্ণলতা দেৱীৰ নামত উচৰ্গিত গ্ৰন্থখনৰ সম্পৰ্কত বক্তব্য ৰাখে । শেষত শলাগৰ শৰাই আগবঢ়াই লেখিকাৰ ভ্ৰাতৃ তথা সাংস্কৃতিক কৰ্মী দ্বিপেন বৰঠাকুৰে ।