দৰঙত বিশ্ব স্তনপান পষেকৰ শুভ উদ্ধোধনী অনুষ্ঠান
মঙ্গলদৈৰ পৰা প্ৰাঞ্জল কুমাৰ শৰ্মা ,১ আগষ্ট: ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি দৰঙতো আয়োজিত হয় বিশ্ব স্তনপান পষেকৰ কাৰ্য্যসূচী। এই পষেক জোৰা কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্য্যালয়ৰ পৰা পুৱা এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় । এই সজাগতামূলক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে মহকুমা স্বাস্থ্য বিষয়া ডা: প্ৰীতিৰেখা শইকীয়াই । এই কাৰ্যসূচীৰ পিছতেই হোটেল শ্যমলীত অনুষ্ঠিত হয় শুভ উদ্ধোধনী অনুষ্ঠান । পষেকৰ সময়ছোৱাত স্তনপান সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ বাবে সকলো স্বাস্থ্য কৰ্মীৰ প্ৰতি অনুৰোধ জনাইছে উপস্থিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিয়ে।অনুষ্ঠানত মঙ্গলদৈ অসামৰিক চিকিৎসালয় ৰ অধীক্ষক ডাঃ গোপীনাথ বৰা , মহকুমা স্বাস্থ্য বিষয়াদ্বয় ক্ৰমে ডা: ইলোৰা চৌধুৰী , ডা: প্ৰীতি ৰেখা শইকীয়া, জিলা টীকাকৰণ বিষয়া ডাঃ ৰূপৰেখা কলিতাই ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, এই স্তনপান পষেক আজিৰে পৰা ৭ আগষ্টলৈ চলিব । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মাধ্যম বিশেষজ্ঞ জাহ্নৱী শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত আঁচনি প্ৰবন্ধক নয়না পৰাশৰ, জিলা সামূহিক সংগঠক মল্লিকা দেৱীৰ লগতে অৰ্ধ শতাধিক নাৰ্ছ, আশা আৰু অংগণৱাদী কৰ্মী উপস্থিত থাকে । অনুষ্ঠানত তিনিগৰাকী স্তনপান কৰোৱাই থকা মাতৃক সম্বৰ্ধনাও জনোৱা হয় ।