ধুবুৰীত জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত বিশেষ ডায়াৰিয়া (Diarrhoea) নিয়ন্ত্ৰণ পষেকৰ শুভাৰম্ভণী

32
ধুবুৰীত জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত বিশেষ ডায়াৰিয়া (Diarrhoea) নিয়ন্ত্ৰণ পষেকৰ শুভাৰম্ভণী
দুৰ্ণীতিৰ দৰ্পণ,ছফিকুল ইছলাম, ধুবুৰী, ১৫ জুলাইঃ জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত বিশেষ ডায়াৰিয়া (Diarrhoea) নিয়ন্ত্ৰণ পষেক উপলক্ষে ধুবুৰী জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ সভা গৃহৰ পৰা ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) , অতিৰিক্ত উপায়ুক্ত (প্ৰতিষেধক),  স্বাস্থ্য সেৱাৰ যুটিয়া সঞ্চালক আৰু ধুবুৰী মিউনিচিপাল বৰ্ড ৰ উপ-সভানেত্ৰীৰ উপস্থিতিত পষেকৰ দিন জোৰা কাৰ্য্য সুচীৰ শুভাৰম্ভণি কৰা  হয় । উল্লেখ যোগ্য যে এই বিশেষ ডায়াৰীয়া নিয়ন্ত্ৰন পশেষক ১৫ জুলাইৰ পৰা ২৯ জুলাই,২০২২ লৈকে সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাতো বিভিন্ন স্বাস্থ্য খণ্ডৰ অধীনত চলিব । এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে Diarrhea জনিত মৃত্যু ৰোধ কৰা । এই পশেষত প্ৰতিটো ঘৰতে থকা ৫ বছৰ বয়সৰ বা তাৰ তলৰ যিমান লৰা ছোৱালী আছে ORS ৰ এটা পেকেট দিয়াৰ লগে লগে ORS বনোৱা পদ্ধতি দেখোৱাৰ লগতে হাত কেনেকৈ  শুদ্ধ ভাবে ধুবো লগে তাৰো ওপৰত আলোচনা আৰু ডায়াৰিয়াৰ পৰা হাত সাৰিবলৈ কি কি পদ্ধতি অৱলম্বন কৰিব পাৰি তাৰ আলোচনা কৰিব । আজিৰ এই কাৰ্যসূচী লগতে ১৮ বছৰৰ ওপৰৰ COVID১৯ ৰ বিনামূলীয়া তৃতীয় পালি প্ৰতেষেধকৰ কাৰ্য্যসূচীৰো শুভাৰম্ভণি কৰা হয়। উল্লেখ যোগ্য আজিৰ পৰা অহা ৭৫ দিনলৈকে COVID১৯ তৃতীয় পালি প্ৰতিষেধক সকলো চৰকাৰী কভিড প্ৰতিষেধক কেন্দ্ৰত ১৮ বছৰৰ ওপৰৰ সকলো ব্যক্তিক বিনামূলীয়া কৈ প্ৰদান কৰা হব। আজিৰ এই কাৰ্য্যসূচীত ধুবুৰী জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া, জিলা প্ৰতিষেধক বিষয়া ৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষযববীয়া সকল, জন স্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা সমাজ কল্যান বিভাগৰ বিষযববীয়া সকল উপস্থিত থাকে।