ধুবুৰীত ‘দেশভক্তি দিৱস’ পালন , জিলা প্ৰশাসনৰ সৌজন্যত আৰু ধুবুৰী জনসংযোগৰ উদ্যোগত দেশভক্তক সশ্ৰদ্ধ স্মৰণ

20

ধুবুৰীত ‘দেশভক্তি দিৱস’ পালন , জিলা প্ৰশাসনৰ সৌজন্যত আৰু ধুবুৰী জনসংযোগৰ উদ্যোগত দেশভক্তক সশ্ৰদ্ধ স্মৰণ

দুৰ্নীতিৰ দৰ্পণ, ছৈয়দুৰ ৰহমান, ধুবুৰী, ২৮ জুলাইঃ ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত  জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ধুবুৰী জিলা পৰিষদৰ সভাকক্ষত আজি দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩ সংখ্যক মৃত্যু তিথি ‘দেশভক্তি দিৱস’ হিচাপে পালন কৰা হয় ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত দেশৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সেনানীগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা়ঞ্জলি জনোৱা হয় ৷ ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিয়ে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই ৷ ‘স্বাধীনতা সংগ্ৰামী আৰু অসম হিতৈষী তৰুণৰাম ফুকন’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি অধ্যাপক শৰ্মাই কয়, ‘তৰুণৰাম ফুকনে অসম আৰু অসমীয়াৰ স্বকীয় মহিমাৰে গৌৰৱান্বিত হোৱাৰ মাজেৰে গৈহে সৰ্বভাৰতীয় পৰিচয় আকোৱলি লৈছিল ৷ তেওঁৰ জাতিপ্ৰেম আৰু দেশপ্ৰেম আছিল অতুলনীয় ৷ আধুনিক মনৰ অধিকাৰী ফুকন ডাঙৰীয়াই সেইসময়ৰ গোড়া সমাজখনত অতি সাহসেৰে লোৱা বহু পদক্ষেপ পিছত সকলোৱে আকোৱলি লৈছিল ৷’ ডঃ শৰ্মাই তৰুণৰাম ফুকনৰ জীৱনৰ আন বহু বিচিত্ৰ দিশৰ ওপৰত আলোকপাত কৰে৷ অনুষ্ঠানত মুক্তি যুঁজাৰু আব্দুৰ ৰছিদ আল ফাৰুকৰ নাতি তথা সমাজকৰ্মী মহম্মদ আব্দুল নাছেৰ আল ফাৰুক, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰহমান,  সমাজকৰ্মী শিমূল সৰকাৰ,  স্থানীয় সাংবাদিক সকল প্ৰমুখ্যে বহু লোক উপস্থিত থাকে ৷