ধুবুৰীত মাটি ক্ৰয়-বিক্ৰয় কৰাৰ অনুমতিৰ নামত মুকলি বেহা , লাট মণ্ডলৰ পি এৰ পৰা আৰম্ভ কৰি অতিৰিক্ত উপায়ুক্ত লৈ চলিছে লেনদেনৰ খেল

59

ধুবুৰীত মাটি ক্ৰয়-বিক্ৰয় কৰাৰ অনুমতিৰ নামত মুকলি বেহা , লাট মণ্ডলৰ পি এৰ পৰা আৰম্ভ কৰি অতিৰিক্ত উপায়ুক্ত লৈ চলিছে লেনদেনৰ খেল

দুৰ্নীতিৰ দৰ্পণ , নিউড ডেক্স , ধুবুৰী , ২৯ জুলাইঃ ধুবুৰীত মাটি ক্ৰয়-বিক্ৰয় কৰাৰ অনুমতিৰ নামত চলিছে মুকলি বেহা । প্ৰাপ্ত অভিযোগ মতে , লাট মণ্ডলৰ পি এৰ পৰা আৰম্ভ কৰি অতিৰিক্ত উপায়ুক্ত লৈ চলিছে লেন-দেনৰ খেল । প্ৰশ্ন হৈছে , ধুবুৰীত কেনেকৈ চলে মাটি ক্ৰয়-বিক্ৰয় কৰাৰ অনুমতি ? প্ৰথমতে চৰকাৰী নিয়ম অনুসৰি , আবেদনকাৰীৰ পৰা বিচৰা তথ্য মতে , তথ্য প্ৰমাণ দি লাট মণ্ডলৰ ওচৰত জমা দিব লাগে। তথ্য সমূহ জমা দিয়াৰ লগে লগেই আৰম্ভ হয় লেন-দেনৰ খেল । লাট মণ্ডলৰ পি এ ফ্লিট তদন্তৰ নামত দিব লাগে ১৫০০ টকা , মণ্ডলৰ তদন্তৰ প্ৰতিবেদনৰ নামত ১০০০ হেজাৰ টকা , ৰাজহ চক্ৰ বিষয়াৰ ৰিৰ্পট দিয়াৰ নামত ৩০০০ হেজাৰ টকা আৰু অতিৰিক্ত উপায়ুক্তৰ চহী কৰি দিয়াৰ নামত চাৰি হেজাৰ টকা । এনেকৈ ধুবুৰীত চলিছে মাটি ক্ৰয়-বিক্ৰয় কৰাৰ মুকলি বেহা । প্ৰাপ্ত অভিযোগ মতে, ঝগৰাৰপাৰ লাট মণ্ডলৰ অধীনত যোৱা ১৮/০৫/২০২২ ইং তাৰিখত এন অ চি /০২/২৫০২২/২০২২ নম্বৰ মেমােযোগে জমিৰ উদ্দিনে মাটি ক্ৰয়-বিক্ৰয় কৰাৰ নামত বিচাৰিছিল অনুমতি । কিন্ত ঝগৰাৰপাৰ লাট মণ্ডলৰ পি এ তথা দালালক ১৫০০ টকা নিদিয়াৰ বাবেই লাট মণ্ডলে প্ৰদীপ ৰয় নামৰ কৰ্মচাৰীজনক ৰাজহ চক্ৰ বিষয়াৰ ৰিৰ্পট চৰকাৰী ৱেৱচাইটত আপডেট দিবলৈ পাৰ্চ ৱাৰ্ডৰ অনুমতি দিয়া নাই বুলি প্ৰদীপ ৰয়ে উল্লেখ কৰে । কাৰণ , ইয়াতেই আছে লেন-দেনৰ জটিল খেল । কিয়নো, ৰিৰ্পট দিয়াৰ লগে লগেই লাট মণ্ডলৰ লেন-দেন , দালালৰ লেনদেন , প্ৰদীপ ৰয় নামৰ কৰ্মচাৰীৰ লেনদেন আৰু ৰাজহ চক্ৰ বিষয়াৰ ভাগৰ কাম শেষ হৈ যায় । গতিকে, তেখেত সকলৰ প্ৰাপ্য বুজি নোপেৱাৰ বাবেই আজি দিম , কালি দিম কৈ আটক কৰিছে ফাইল । আটক কৰাৰ একমাত্ৰ কাৰণ হল , লাট মণ্ডল আৰু তেখেতৰ পি এক দিব লাগে ধন । ধন নিদিলে ৰিৰ্পট দিয়াৰ বাবে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী প্ৰদীপ ৰয়ক পাৰ্চ ৱাৰ্ট ব্যৱহাৰ কৰিবলৈ নিদিয়ে অনুমতি । এনেকৈ মাহৰ পৰা মাহ ধৰি সাধাৰণ ৰাইজক হাৰাশাস্থি কৰি থকাৰ অভিযোগ উঠিছে । আন এক অভিযোগ মতে, একাংশ লাট মণ্ডলে জেলৰ পৰা ওলাই আহি প্ৰতিটো কামৰ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ চহীৰ বাবেই তিনি হেজাৰ টকা দাবী ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে । ধুবুৰী ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে নতুনকৈ যোগদান কৰাৰ পাছতেই বৃদ্ধি হৈছে দালালৰ দপদপনি । যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দালালৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে , তেনেকুৱা সময়ত ধুবুৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দালালৰ দপদপনি বৃদ্ধি পোৱাত সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে বুলি অভিযোগ উঠিছে । আচলতে , চৰকাৰী নিৰ্দেশ আৰু নিয়ম-নীতিৰ কোনো গুৰুত্ব নাই বুলিও অভিযোগ উঠিছে । পৰৱৰ্তী সময়ত ফাদিল কৰা ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ আৰু ভয়াৱহ কু-কীৰ্তি ।