ধুবুৰী জিলাৰ চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড পৰ্যায়ৰ পৰ্যালোচনা সভা

44
ধুবুৰী জিলাৰ চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড পৰ্যায়ৰ পৰ্যালোচনা সভা
দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ২৩ জুলাইঃ ধুবুৰী জিলাৰ চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড পৰ্যায়ৰ পৰ্যালোচনা সভা চাপৰ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ত আজি অনুষ্ঠিত হয় । মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত বিতং ভাবে পৰ্যালোচনা কৰাৰ লগতে গৰ্ভৱতী  সুৰক্ষাৰ বাবে ১০০% গুণগত স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা সকলো স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰক নিৰ্দেশনা দিয়ে লগতে প্ৰসূতি মাতৃৰ মৃত্যু আৰু শিশুৰ মৃত্যু  ৰোধ কৰিবলৈ নিৰ্দেশনা দিয়ে। জিলা উপায়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ  সভা খনত ধুবুৰী জিলা উন্নয়ন আয়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া,  বিলাসীপাৰা  মহকুমাধিপতি’ৰ (SDO,Civil) লগতে ধুবুৰী জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া কৰ্মচাৰী সকলেও উপস্থিত থাকে । উল্লেখযোগ্য যে আজি চাপৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰসূতি অস্ত্ৰোপ্ৰচাৰৰ ধুবুৰী জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক তথা প্ৰসূতি ৰোগ বিশেষজ্ঞৰ উপস্থিতিত শুভাৰম্ভনী কৰা হয়।