ধুবুৰী সাংবাদিক সন্থা (ধুবুৰী প্ৰেছ ক্লাব)ৰ নতুনকৈ কমিটি বৈধভাৱে গঠন হল নে ? নিয়ম মতে নিৰ্বাচিত ভাৱে হব লাগে , সমৰ্থিতভাৱে হল কেনেকৈ ? নতুন সদস্য ভৰ্ত্তি কৰা হল নে ? প্ৰশাসনৰ হস্তক্ষেপৰ দাবী

129

ধুবুৰী সাংবাদিক সন্থা (ধুবুৰী প্ৰেছ ক্লাব)ৰ নতুনকৈ কমিটি বৈধভাৱে গঠন হল নে ? নিয়ম মতে নিৰ্বাচিত ভাৱে হব লাগে , সমৰ্থিতভাৱে হল কেনেকৈ ? নতুন সদস্য ভৰ্ত্তি কৰা হল নে ? প্ৰশাসনৰ হস্তক্ষেপৰ দাবী

ছায়েদ আলী খান , ধুবুৰী ।

ধুবুৰী সাংবাদিক সন্থা (ধুবুৰী প্ৰেছ ক্লাব)ৰ নতুনকৈ কমিটি গঠন হল , তাৰ বাবে ধুবুৰী প্ৰেছ ক্লাবৰ সকলো সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ । লগতে বহুত বছৰ পিছত ধুবুৰী প্ৰেছ ক্লাৱ গঠন কৰা হল , তাৰ বাবেও  জ্যেষ্ঠ সাংবাদিক আজাহাৰুল ইছলাম , জ্যেষ্ঠ সাংবাদিক বিজয় কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক আছিকুৰ ৰহমানক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো , তেখেত সকলৰ প্ৰচেষ্টাত ধুবুৰী প্ৰেছ ক্লাব গঠন কৰি সকলো সাংবাদিকক একত্ৰিত কৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিলে। ডাঙৰ সকলকৰ প্ৰতি মই সন্মান জনাই মই কব বিচাৰিছোঁ যে , মই ধুবুৰী সাংবাদিক সন্থা বা ধুবুৰী প্ৰেছ ক্লাৱত কোনো সদস্য বা কোনো পদত নাই । তথাপিও জ্যেষ্ঠ সাংবাদিক আজাহাৰুল ইছলাম , জ্যেষ্ঠ সাংবাদিক বিজয় কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক আছিকুৰ ৰহমানৰ চেষ্টাক মই মনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। কিয়নো , বহুত বছৰ পিছত সকলোকে একত্ৰিত কৰিব বিচাৰিছে । কিন্ত মোৰ প্ৰথম প্ৰশ্ন ,ধুবুৰী সাংবাদিক সন্থা (ধুবুৰী প্ৰেছ ক্লাব)ৰ নতুনকৈ কমিটি বৈধভাৱে গঠন হল নে ? কেইটামান কাৰণত মোৰ ওচৰত বৈধ বুলি অনুভৱ নহল।প্ৰথম কাৰণ , ধুবুৰী প্ৰেছ ক্লাবত ধুবুৰীৰ স্থানীয় সাংবাদিক তথা ধুবুৰী বিধান সভা সমষ্টিৰ সাংবাদিক হব লাগে , দ্বিতীয়তে , কোনো পৰ্টেলৰ সাংবাদিক ধুবুৰী প্ৰেছ ক্লাবত থাকিব নোৱাৰে । তৃতীয়তে , পুৰণি কমিটি তথা প্ৰায় ১০ বছৰ আগৰ কমিটিৰ ৫০ শতাংশতকৈ বেছি সাংবাদিক উপস্থিত নথকাৰ বাবে সমৰ্থিতভাৱে কমিটি গঠন কৰাৰ বাবেই ধুবুৰী সাংবাদিক সন্থা(ধুবুৰী প্ৰেছ ক্লাব) বৈধ বুলি অনুভৱ নহল । কিয়নো ,জ্যেষ্ঠ সাংবাদিক আজাহাৰুল ইছলাম , জ্যেষ্ঠ সাংবাদিক বিজয় কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক আছিকুৰ ৰহমানক মই বহুত সন্মান কৰোঁ আৰু তেখেত সকলে এনেকুৱা অনিয়ম কৰি কমিটি গঠন কৰিব বুলি অনুভৱ কৰা নাছিলোঁ । কাৰণ , এখন পুৰনি কমিটিৰ সাধাৰণ সম্পাদকৰ মৃত্যু , জ্যেষ্ঠ সাংবাদিক তপন দাৰ মৃত্যু ,জ্যেষ্ঠ সাংবাদিক জয়দেৱ বৰুৱা(দুলু বৰুৱা)ৰ মৃত্যু , জ্যেষ্ঠ তথা প্ৰাক্তন সাংবাদিক ঘনশ্যাম চক্ৰৱৰ্তীৰ অনুপস্থিত , জ্যেষ্ঠ সাংবাদিক তাৰকেশ্বৰ পালৰ অনুপস্থিত , জ্যেষ্ঠ সাংবাদিক অমিতাভ চক্ৰৱৰ্তীৰ অনুপস্থিত , জ্যেষ্ঠ সাংবাদিক জ্যোতিময় চক্ৰৱৰ্তীৰ অনুপস্থিত , জ্যেষ্ঠ সাংবাদিক ৰাজীৱ চোধুৰীৰ অনুপস্থিত , জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ সেন গুপ্তা আৰু জ্যেষ্ঠ সাংবাদিক পাৰভেজুৰ ৰহমানৰ অনুপস্থিত থকাৰ উপৰিও আৰু বহুত সাংবাদিকৰ মৃত্যুত পুৰনি কমিটিৰ প্ৰায় ৫০ শতাংশ সদস্যই অনুপস্থিত থকাৰ লগতে নতুনকৈ কোনো সদস্য অন্তৰ্ভুক্ত নকৰাকৈ কেনেকৈ সমৰ্থন আকাৰে এখন কমিটি গঠন হব পাৰে বা কমিটিখন বৈধভাৱে হব পাৰে ?

মোৰ দ্বিতীয় প্ৰশ্ন , নিয়ম মতে , পুৰনি কমিটিৰ সদস্য ৫০ শতাংশতকৈ বেছি সদস্য অনুপস্থিত থাকে , তেতিয়া সমৰ্থন আকাৰে এখন নতুন কমিটি হব নোৱাৰে ? উক্ত সময়ত নিৰ্বাচিত ভাৱে নতুন কমিটি হব লাগে , তেনেহলে সমৰ্থিতভাৱে হল কেনেকৈ ? অৱশ্যে , পুৰনি কমিটিৰ অন থাৰ্ড হলে সমৰ্থন আকাৰে কমিটি বনাব পাৰে । ইয়াৰ মাজতে আৰু কিছুমান প্ৰশ্ন আহিব পাৰে যে , যদি নতুন কমিটি গঠন কৰা হল ,উক্ত নতুন কমিটিৰ শপত গ্ৰহণ কৰাৰ আগতেই কাৰ্যকৰী সভাপতি প্ৰণৱাশীষ ৰায় কিয় অব্যাহতি দিব লগা হল ? যদি এখন কমিটিৰ কাৰ্যকৰী সভাপতিয়ে অব্যাহতি দিয়ে , তেতিয়া নতুন কাৰ্যকৰী সভাপতি নিৰ্বাচিত নোহোৱা লৈকে নতুন কমিটিৰ শপত গ্ৰহণ কেনেকৈ হব পাৰে ? কিয়নো , কাৰ্যকৰী সভাপতি সাধাৰণ পদ হবই নোৱাৰে । ইয়াৰ উপৰিও নতুন সদস্য অন্তৰ্ভুক্ত কেনেকৈ হল ? যদি নিয়ম ভাৱে নতুন সদস্য অন্তৰ্ভুক্ত কৰা হল , তেনেহলে ধুবুৰী বিধান সভা সমষ্টিৰ পৰা লেখা সাংবাদিক দেৱান জাহাংগীৰ আলম , সাহাদত আলী , সন্তোশ ৰায়ক কিয় অন্তৰ্ভুক্ত কৰা নহল ? আনহাতে , যদি পৰ্টেলৰ সাংবাদিক দু-এজন অন্তৰ্ভুক্ত কৰা হল , তেনেহলে ধুবুৰীৰ পৰা পৰ্টেল চলোৱা সাংবাদিক ছেলিম সেখ , তাপস দা , ছামিউল , জাহাংগীৰ আলমক কিয় অন্তৰ্ভুক্ত কৰা নহল। ইয়াৰ উপৰিও ধুবুৰী বিধান সভা সমষ্টিৰ পৰা একমাত্ৰ মহিলা সাংবাদিক ছাবিকুন নেহাৰক কিয় অন্তৰ্ভুক্ত কৰা নহল। গতিকে , দেওবাৰে ধুবুৰী সাংবাদিক সন্থাৰ কাৰ্য্যালয়ৰ কাষৰ আৰ কে বসু বিদ্যাপীঠত দিনৰ এঘাৰ বজাত জ্যেষ্ঠ সাংবাদিক আজাহাৰুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভা খনত পূৰ্বৰ কমিটি ভংগ কৰি নতুনকৈ এখন কাৰ্যকৰী কমিটি গঠন হোৱা জ্যেষ্ঠ সাংবাদিক বিজয় কুমাৰ শৰ্মাক সভাপতি , আছিকুৰ ৰহমানক সাধাৰণ সম্পাদক , আজাহাৰুল ইছলামক উপ সভাপতি লৈ তিনিজনৰ তালিকা ঘোষণা কৰিলে যদিও বাকী থকা ধুবুৰী সাংবাদিক সন্থা (ধুবুৰী প্ৰেছ ক্লাৱ)ৰ ২৮ জনীয়া এখন পুৰ্ণাংগ কমিটিৰ সকলো সদস্যৰ তালিকাও ঘোষণা কৰিব লাগে । যাতে সাধাণ ৰাইজৰ পৰা আৰম্ভ কৰি সকলো বুজি পায় যে , কোনে কোন পদত আছে আৰু কিমান জন প্ৰকৃত সাংবাদিক আৰু কিমানজন পৰ্টেলৰ সাংবাদিক ধুবুৰী সাংবাদিক সন্থা (ধুবুৰী প্ৰেছ ক্লাৱ)ত আছে ? মই জনা মতে , সাংবাদিকৰ জীৱন বগা কাগজৰ দৰে হয় । গতিকে , সাংবাদিক সন্থা বা প্ৰেছ ক্লাব বগা মনেৰে গঠন কৰিব লাগে বুলি মোৰ অনুভৱ । কোনোবাক বাদ দিব আৰু কাকো নিমন্ত্ৰণ নকৰি চুপ চাপ কমিটি গঠন কৰা বিষয়টো কেনেকৈ বগা কাগজৰ দৰে হব পাৰে ? ইয়াৰ আগতেও লকডাউনৰ সময়ত বহুত সাংবাদিকক নিমন্ত্ৰণ নকৰি অনিয়ম কৰি কমিটি গঠন কৰা হৈছিল বুলি আন এক অভিযোগ থকাৰ মাজতেই এইবাৰ নতুন কমিটি পূৰ্বৰ দৰেই গঠন কৰা বিষয় লৈ ধুবুৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুলি মোৰ অনুভৱ হৈছে । ইয়াৰ উপৰিও বৰ্তমান কমিটিখন গঠন কৰা সভাত পূৰ্বৰ কমিটিৰ উপ সভাপতি গৰাকীয়ে সাধাৰণ সম্পাদকৰ পৰা অব্যহতি দিয়া সাংবাদিক ৰাজীৱ শৰ্মাক সভালৈ কিয় আমন্ত্ৰণ জনোৱা হোৱা নাই বুলি প্ৰশ্ন কৰাত সভাপতি বিজয় শৰ্মাই ৰাজীৱ শৰ্মাৰ বিৰুদ্ধে নাৰীজনীত গোচৰ চলি থকা বাবেই প্ৰেছ ক্লাৱৰ সদস্য সকলক লৈ ভাৰ্চুৱেল মিটিং কৰি ৰাজীৱ শৰ্মাক অব্যাহতি দিয়া হৈছিল বুলি উল্লেখ কৰি নতুনকৈ এখন কমিটি গঠন কৰি ৰাজীৱ শৰ্মাৰ প্ৰসংগত তদন্ত কৰি সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি উল্লেখ কৰে বুলি বিবৃতিত উল্লেখ কৰিছে যদিও মোৰ মতে , ৰাজীৱ শৰ্মাক পদত বা কমিটিত নাৰাখিলেও তেখেতক নিমন্ত্ৰণ জনাব লাগিছিল বা ফোন কৰি হলেও জনাব লাগিছিল বুলি মোৰ অনুভৱ । কাৰণ , সাংবাদিকৰ দৃষ্টিত আদালতে দোষ ঘোষণা নকৰা সময়লৈকে পদত থাকিব নোৱাৰিলেও সদস্য পদত থাকিব পাৰে । অৱশ্যে , আদালতে দোষী বুলি ঘোষণা হলে পৰৱৰ্তী সময়ত সিদ্ধান্ত লব পাৰিলে হয় । ইয়াৰ উপৰিও সাংবাদিক ৰাজীৱ শৰ্মাৰ ঘটনা ব্যক্তিগত ঘটনা । গতিকে , কোনো সাংবাদিকৰ ব্যক্তিগত ঘটনাক কোনো সাংবাদিকে আদালতে ৰায় নিদিয়াকৈ দোষী বুলি কব নোৱাৰে । গতিকে , কমিটি গঠন কৰাৰ সময়ত সাংবাদিক ৰাজীৱ শৰ্মাক নিমন্ত্ৰণ নকৰা বিষয়টো মোৰ ওচৰত বেয়া হৈছে বুলি মোৰ ব্যক্তিগত ভাৱে অনুভৱ । মোৰ মতে , আচলতে ধুবুৰী সাংবাদিক সন্থা (ধুবুৰী প্ৰেছ ক্লাৱ)ত হৈছে কি ? মোৰ অনুভৱ , ধুবুৰী সাংবাদিক সন্থা (ধুবুৰী প্ৰেছ ক্লাৱ)ত ৰাজনীতি আৰম্ভ হৈছে । গতিকে , মোৰ মতে ,ধুবুৰী সাংবাদিক সন্থা (ধুবুৰী প্ৰেছ ক্লাৱ)ত ধুবুৰী জিলা উপায়ুক্তই হস্তক্ষেপ কৰিব লাগে আৰু সাংবাদিকৰ এক স্বচ্ছ আৰু নিকা ভাৱমূৰ্ত্তি বজাই ৰাখিবলৈ ধুবুৰী তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়াক দায়িত্ব দি নিৰ্বাচিত আকাৰে ভােটৰ মাধ্যমত কমিটি গঠন হব লাগে । সাংবাদিক সকলৰ স্বচ্ছ আৰু নিকা ভাৱমূৰ্ত্তি বজাই ৰাখিবলৈ এক তদন্ত ঘোষণা কৰিবলৈ প্ৰশাসনৰ প্ৰতি মোৰ এয়া অনুৰোধ ।

বিঃদ্ৰঃ মোতকৈ বেছিভাগ সাংবাদিকেই জ্যেষ্ঠ । মই অলপ সমালোচনা কৰিলোঁ যদিও কোনোবাই মনত নলব । কাৰণ , সচাঁ ঘটনাক যদি উত্থাপন নকৰোঁ , তেনেহলে সাংবাদিকৰ ধৰ্মই হব নোৱাৰে। তথাপিও যদি বেছিকৈ কিবা লেখা বা উল্লেখ কৰা হৈছে , সৰু ভাইটি হিচাপে ক্ষমা কৰিব ।