ধুবুৰী ৰাজহ চক্ৰৰ অভদ্ৰ নুৰ লাট মণ্ডলৰ অভদ্ৰ আচৰণত অতিষ্ঠ জনতা  

40

ধুবুৰী ৰাজহ চক্ৰৰ অভদ্ৰ নুৰ লাট মণ্ডলৰ অভদ্ৰ আচৰণত অতিষ্ঠ জনতা

দুৰ্নীতিৰ দৰ্পণ , নিউজ ডেক্স , ধুবুৰী , ৩১ জুলাইঃ ধুবুৰী ৰাজহ চক্ৰৰ বিভিন্ন লাট মণ্ডলৰ বিভিন্ন অভিযোগ ৰাজহুৱা কৰাৰ পিছতেই সমগ্ৰ ধুবুৰী জিলাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এইবাৰ ধুবুৰী ৰাজহ চক্ৰৰ অধীনত লাট মণ্ডল নুৰৰ বিৰুদ্ধে সাধাৰণ ৰাইজৰ লগত অভদ্ৰ আচৰণ কৰাৰ অভিযোগ উঠিছে । প্ৰাপ্ত অভিযোগ মতে , সাধাৰণ ৰাইজে বিভিন্ন কামৰ বিষয়ে সুবিধা-অসুবিধাৰ বিষয়ে প্ৰশ্ন কৰিলেই ৰাইজৰ লগত অভদ্ৰ আচৰণ কৰাৰ অভিযোগ তুলিছে । নুৰ নামৰ লাট মণ্ডলে বৃদ্ধৰ পৰা আৰম্ভ কৰি যিকোনো ৰাইজে প্ৰশ্ন কৰিলেই খঙত অগ্নিগৰ্ভা হৈ পৰাৰ লগতে বেছিভাগ ৰাইজৰ লগত তুৰ্ক যুদ্ধ লিপ্ত হৈ পৰে বুলি অভিযোগ উঠিছে । প্ৰায় মাজে মাজে ৰাইজৰ লগত কাজিয়াৰ সুত্ৰপাত হোৱা পৰিলক্ষিত হয় ধুবুৰী ৰাজহ চক্ৰৰ লাট মণ্ডল নুৰৰ বিৰুদ্ধে । আনহাতে , নুৰ নামৰ লাট মণ্ডল গৰাকীয়ে ধুবুৰী ৰাজহ চক্ৰৰ চৰকাৰী কাৰ্যালয়ত চিগাৰেট সেৱন কৰা পৰিলক্ষিত হয় বুলি অভিযোগ । প্ৰায় আধা ঘন্টা মান পিছতেই চিগাৰেট সেৱন কৰি সাধাৰণ ৰাইজৰ লগত অভদ্ৰ আচৰণ কৰে বুলি অভিযোগ উঠিছে । ইপিনে , নুৰ নামৰ লাট মণ্ডল গৰাকীয়ে অভদ্ৰ আচৰণৰ চৰম সীমা অতিক্ৰম কৰি থাকে বুলিও অভিযোগ পোৱা গৈছে । উক্ত মণ্ডল গৰাকীয়ে জাকিৰ নামৰ পি এ দ্বাৰাই কাম-কাজ চলাই আছে যদিও প্ৰকৃততে জাকিৰ নামৰ পি নাথাকিলে ৰাইজৰ লগত কাজিয়াৰ চৰম সীমাও অতিক্ৰম কৰিলেও সাধাৰণ ৰাইজক শান্ত কৰা পৰিলক্ষিত হয় বুলি অভিযোগ । যাৰ বাবে ৰাইজে অভদ্ৰ আচৰণৰ লাট মণ্ডলৰ বিৰুদ্ধে অভদ্ৰ বুলি অভিহিত কৰিছে ৰাইজে ।