ধৰ্মীয় বিতৰ্ক আৰু ইছলামিক শিক্ষানুষ্ঠানৰ ভুমিকা

34
ধৰ্মীয় বিতৰ্ক আৰু ইছলামিক শিক্ষানুষ্ঠানৰ ভুমিকা
চৈয়দ মেহবুব দেৱান , বুঢ়াদৈ চপৰা , দৰং ৷
সাম্প্ৰতিক সময়ত অসমীয়া মুছলমান সমাজত ধৰ্মীয় দিশত বিভিন্ন বিতৰ্কই মুৰ দাঙি উঠা পৰিলক্ষিত হৈছে ৷ এই বিতৰ্ক সমুহে ধৰ্মীয় দিশত সৰ্ব-সাধাৰণ মুছলমানৰ মনত ব্যাপক হাৰত বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে ৷ অৱশ্যে এই বিতৰ্ক তথা বিভ্ৰান্তি সমুহ সমাজত সৰ্ব-সাধাৰণ মুছলমানৰ দ্বাৰা সৃষ্ট অথবা ৰোপিত নহয় ৷ লক্ষণীয় ভাবে মুছলমান সমাজৰ একাংশ আলিম শ্ৰেণীৰ লোকেই ইছলামিক ৰীতি-নীতি তথা বিধি-বিধান সন্দৰ্ভত সমাজত বহু সময়ত কিছুমান বিভ্ৰান্তি মুলক মন্তব্য ব্যক্ত কৰি অথবা বহু সময়ত পৱিত্ৰ কোৰআন-হাদীছৰ বাণীৰ ভুল ব্যাখ্যা দাঙি ধৰি সৰ্ব-সাধাৰণৰ মনত বিভ্ৰান্তি সৃষ্টি কৰি অহাৰ লগতে সময়ে সময়ে বিভিন্ন বিতৰ্কৰ সুচনাৰে মুছলমান সকলক ধৰ্মীয় মতৰ ভিত্তিত একাধিক ফৈদত বিভক্ত কৰি আহিছে ৷ বহু সময়ত আবেগ প্ৰণোদিত বয়ান অৰ্থাৎ ভাষণ তথা মন্তব্যৰে এই ফৈদ সমুহৰ পৰস্পৰৰ মাজত বাক-বিতণ্ডা তথা দণ্ড-কাজিয়া আদি সৃষ্টি কৰি অহাৰ ক্ষেত্ৰতো প্ৰত্যক্ষ ভাৱে ইন্ধন যোগাই আহিছে এই সকল আলিমে ৷ এতিয়া প্ৰশ্ন হৈছে , ধৰ্মীয় শিক্ষাৰ অধিকাৰী হোৱা সত্তেও একাংশ আলিমৰ দ্বাৰা কোৰআন-হাদীছৰ ভুল ব্যাখ্যা কিয় ? একেখন কোৰআন শ্বৰীফ তথা একে হাদীছৰ শিক্ষা গ্ৰহণ কৰাৰ পাছতো ধৰ্মীয় বিষয়ক লৈ আলিম সকলৰ মতভেদৰ কাৰণ কি ? ধৰ্মীয় বিতৰ্কক কেন্দ্ৰ কৰি একেজন ৰছুল (দঃ)ৰ উম্মতৰ মাজত বিভিন্ন সময়ত একাধিক ফৈদৰ সৃষ্টি হৈ অহাৰ পাছতো সেই সকলক সহমতত উপনিত কৰাব পৰা যুক্তি কোৰআন-হাদীছৰ আধাৰত বিচাৰি নাপায় কিয় , সেই সকল আলিমে ? নে ধৰ্মীয় শিক্ষাৰ ডিগ্ৰীৰ অধিকাৰী সেই সকল আলিমে প্ৰকৃতাৰ্থত ধৰ্মীয় শিক্ষা পৰিপুৰ্ণ তথা যথাযথ ভাৱে গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ? কোৰআন-হাদীছৰ বাণীৰ সাৰমৰ্মক সঠিক তথা যথাযথ ভাৱে উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই নেকি , সেই সকল আলিমে ? যাৰ ফলত কিছুমান বিষয় সন্দৰ্ভত সমাজক সঠিক সিদ্ধান্ত দিবলৈ অথবা সঠিক আদেশ-নিষেধ প্ৰদান কৰিবলৈ সেই সকল আলিম তেনেই অসমৰ্থ তথা অযোগ্য ৷ আনকি , ইছলামৰ কিছুমান বিষয় সন্দৰ্ভত স্বয়ং আলিম সমাজেই সহমতত উপনিত হবলৈ সক্ষম নহয় ৷
এই ক্ষেত্ৰত আমি আমাৰ একাংশ ধৰ্মীয় শিক্ষানুষ্ঠানৰ শিক্ষা ব্যৱস্থাও ক্ৰুটিমুক্ত নহয় বুলি ভবাৰ থল আছে ৷ কিয়নো , কেৱল অসমৰেই নহয় , বৰং সমগ্ৰ ভাৰতবৰ্ষৰে একাংশ ইছলামিক শিক্ষানুষ্ঠানে কিছুমান ধৰ্মীয় বিষয় সন্দৰ্ভত উক্ত আলিম সকলৰ দৰেই ভুমিকা অৱলম্বন কৰি আহিছে ৷ অৱশ্যে উক্ত আলিম সকলে ইছলামৰ বিভিন্ন বিষয় সন্দৰ্ভত প্ৰদৰ্শন কৰি অহা উক্ত আপত্তিজনক স্থিতি অথবা ভুমিকাৰ মুলতে হ’ল এই শিক্ষানুষ্ঠান সমুহ ৷ কিয়নো , উক্ত আলিম সকল এই ধৰণৰ শিক্ষানুষ্ঠান কিছুমানৰ দ্বাৰাই আলিম হিচাপে স্বীকৃত ৷
অপ্ৰিয় হলেও ক’ব লাগিব যে , ভাৰতবৰ্ষৰ যিকেইখন ইছলামিক শিক্ষানুষ্ঠানে শিক্ষাদান কৰি অসংখ্য মুছলমান ল’ৰা-ছোৱালীক আলিম হিচাপে স্বীকৃতি প্ৰদান কৰি আহিছে , সেই শিক্ষানুষ্ঠান সমুহৰ মাজত ইছলামৰ বিভিন্ন বিষয় সন্দৰ্ভত তীব্ৰ মতবিভেদ দেখা যায় ৷ তেনেস্থলত এই শিক্ষানুষ্ঠান সমুহৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আলিম সকলৰ মাজত মতবিভেদ থকাটো তেনেই স্বাভাৱিক ৷ এই শিক্ষানুষ্ঠান সমুহে মতবিভেদ থকা বিষয় সমুহৰ ক্ষেত্ৰত গভীৰ ভাৱে বিচাৰ-বিশ্লেষণ , চিন্তা-চৰ্চা তথা আলাপ-আলোচনাৰ জৰিয়তে সহমতত উপনিত হৈ উক্ত বিষয় সমুহৰ ক্ষেত্ৰত বিতৰ্কৰ অৱসান ঘটোৱাৰ প্ৰচেষ্টা কৰাৰ পৰিৱৰ্তে প্ৰতিখন শিক্ষানুষ্ঠানে উক্ত বিষয় সমুহৰ ক্ষেত্ৰত নিজৰ নিজৰ মতত অটল হৈ থাকি গতানুগতিক ভাৱেই ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছে ৷ কালক্ৰমত সেই ছাত্ৰ-ছাত্ৰী সকলেই একো একোখন সমাজত ধৰ্মীয় আলিম হিচাপে আসন অধিকাৰ কৰি সেই একেই তথা গতানুগতিক ধাৰাৰেই চলাই আহিছে ধৰ্মীয় নেতৃত্ব ৷ ফলত সমাজত ধৰ্মীয় বিষয় কিছুমানক লৈ দিনে দিনে বাঢ়ি আহিছে বিভিন্ন মতবিভেদ তথা গোমৰাহ ৷ লগতে বাঢ়ি আহিছে ধৰ্মীয় বিষয়ক বিতৰ্ক আৰু বিতৰ্কৰ পৰিণতিত সঠিক পথৰ পৰিৱৰ্তে বাক-বিতণ্ডা , দণ্ড-কাজিয়া আৰু পৰস্পৰৰ মাজত হিংসা-বিদ্বেষ বৃদ্ধি পাই আহিছে  ৷ অথচ এই সকলোবোৰ ইছলামৰ পৰিপন্থি ৷ এতিয়া এই লেখিয়া ইছলামৰ পৰিপন্থি একাধিক কাৰ্য্যৰ বীজ মুছলমান সমাজত অথবা সৰ্ব-সাধাৰণ মুছলমান লোক সকলৰ মাজত ৰোপণ কৰি অহাৰ ক্ষেত্ৰত মুলতঃ আমাৰ একাংশ ইছলামিক শিক্ষানুষ্ঠানেই ইন্ধন যোগাই অহা বুলি ভবাৰ থল নাই নে ? আচলতে আমাৰ ইছলামিক শিক্ষানুষ্ঠান সমুহৰ শিক্ষক-কৰ্তৃপক্ষই নিজৰ নিজৰ শিক্ষানুষ্ঠানত শিক্ষাদানৰ ব্যৱস্থা কৰাৰ পূৰ্বে কোৰআন-হাদীছত উল্লেখিত ইছলামৰ প্ৰতিটো বিষয় সন্দৰ্ভত সহমতত উপনিত হোৱা উচিত ৷ লগতে শিক্ষন পদ্ধতি,শিক্ষক নিৰ্বাচন আদি কাৰ্য্য কিছুমানো এক সামুহিক তথা উচ্চস্তৰীয় সমিতিৰ দ্বাৰা সম্পাদিত কৰা উচিত ৷ তেনে কৰিলে সেই শিক্ষানুষ্ঠান সমুহৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আলিম সকলৰ মাজত ধৰ্মীয় মতবিভেদ নাথাকিব ৷ আৰু যেতিয়া আলিম সকলৰ মাজত ধৰ্মীয় মতবিভেদ নাথাকিব তেতিয়া সমাজৰ পৰাও আপোনা আপুনি ধৰ্মীয় মতবিভেদ আতৰি যাব লগতে ধৰ্মীয় বিতৰ্কৰ অৱসান ঘটিব ৷ ধৰ্মীয় মতবাদক লৈ মুছলমান সমাজত সৃষ্টি নহব একাধিক ফৈদৰ। বিশ্বাস গাঢ় হ’ব ধৰ্মৰ ওপৰত ৷ ইমান মজবুত হ’ব আল্লাহ-ৰছুল(দঃ)ৰ ওপৰত ৷ কিন্তু পৰিতাপৰ বিষয় যে ,আমাৰ ইছলামিক শিক্ষানুষ্ঠান সমুহে এই ক্ষেত্ৰত এই ধৰণৰ গঠনমুলক ,ধৰ্মীয় লাভকাৰী তথা বাস্তৱ পদক্ষেপ গ্ৰহণৰ পৰিৱৰ্তে সমান্তৰাল গতিত নিজৰ নিজৰ মত তথা মতাদৰ্শত অটল হৈ থকাহে পৰিলক্ষিত হৈ আহিছে ৷