নগাঁও পুলিচ ৰিজাৰ্ভৰ কণিষ্টবলৰ বাসগৃহৰ পৰাই চুৰি হ’ল এ কে ৪৭ৰ ৯০জাঁই সক্ৰিয় গুলী 

51
নগাঁও পুলিচ ৰিজাৰ্ভৰ কণিষ্টবলৰ বাসগৃহৰ পৰাই চুৰি হ’ল এ কে ৪৭ৰ ৯০জাঁই সক্ৰিয় গুলী
ৱাহিদুদ জামান , নগাঁও , ১৭ জুলাইঃ নগাঁও আৰক্ষী ছাউনীৰ এজন পুলিচ কনিষ্টবলৰ বাসগৃহৰ পৰাই এ কে ৪৭ ৰাইফলৰ ৯০ জাঁই সক্ৰিয় গুলী চুৰি হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । নগাঁও আৰক্ষীৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দেহৰক্ষী (পি এছ অ’) হিচাপে কৰ্মৰত অৰুণজ্যোতি শইকীয়া নামৰ কনিষ্টবলজনৰ চৰকাৰী আৱাস গৃহৰ পৰাই চুৰি হয় এ কে ৪৭ ৰাইফলৰ বৃহৎ সংখ্যক সক্ৰিয় গুলী । এই ঘটনা পোহৰলৈ অহাৰ লগে লগে নগাঁও আৰক্ষীতো তোলপাৰ লগা পৰিলক্ষিত হৈছে । ইতিমধ্যে আৰক্ষী কণিষ্টবল অৰুণ জ্যোতি শইকীয়াক কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত নগাঁৱৰ আৰক্ষী অধীক্ষকে তৎকালে বলবৎ হোৱাকৈ চাকৰিৰ পৰাও নিলম্বিত কৰিছে । সমগ্ৰ ঘটণাৰ সন্দৰ্ভত আজি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেই সাংবাদিকৰ আগত কয় , “নগাঁৱৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পি এছ অ’ হিচাপে দায়িত্ব পালন কৰি থকা কণিষ্টবল অৰুণ জ্যোতি শইকীয়াৰ নগাঁও পুলিচ ৰিজাৰ্ভত থকা আৱাস গৃহত কোনো নথকা অৱস্থাত যোৱা ন জুলাইত এক চুৰি কাৰ্য সংঘটিত হৈছিল । চোৰে তেওঁৰ ঘৰৰ পৰা কেবা হেজাৰ টকা আৰু এ কে ৪৭ ৰাইফলৰ ৯০ জাঁই সক্ৰিয় গুলী চুৰি কৰি নিয়ে । এই বিষয়ে গম পাই কণিষ্টবল জনে আমাক অৱগত কৰে । আমি ঘটণাৰ সন্দৰ্ভত তদন্ত চলাই আছো । ইতিমধ্যে এটা গোচৰ পঞ্জীভুক্ত কৰা হৈছে । লগতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত কণিষ্টবল জনক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে ।” আৰক্ষী অধীক্ষক দলেই আৰু কয় , “ইতিমধ্যে চি চি টি ভিৰ ফুটেজ সমূহ সংগ্ৰহ কৰি তন্ন তন্নকৈ নিৰীক্ষণ কৰা হৈছে । তাত আমি ঘৰটোত চোৰ প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰা হৈছে । উল্লেখ্য যে , নগাঁও পুলিচ ৰিজাৰ্ভত আৰক্ষীৰ আৱাসগৃহৰ পৰাই আঠদিন পূৰ্বে এই চুৰিকাণ্ড সংঘটিত হয় যদিও ঘটণাটোৰ বিষয়ে নগাঁও আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাছিল । আজিহে আৰক্ষী অধীক্ষক লীনা দলেই সকলো কথা সদৰি কৰে । সাধাৰণ চোৰে সকলো সময়তে আৰক্ষীয়ে গিজগিজাই থকা নগাঁও পুলিচ ৰিজাৰ্ভৰ আৰক্ষীৰ আৱাস গৃহত প্ৰৱেশ কৰি এনেদৰে আৰক্ষীৰ এ কে ৪৭ ৰাইফলৰ ৯০ টাকৈ গুলী চুৰি কৰাৰ সাহস কৰিব নোৱাৰে । নগাঁও চহৰৰ মাজ মজিয়াৰ পৰা এগৰাকী আৰক্ষী কনিষ্টবলৰ ঘৰত চোৰে প্ৰৱেশ কৰি এ কে ৪৭ ৰ গুলী চুৰি কৰা ঘটনাই সকলোকে উদ্বিগ্ন কৰি তুলিছে ।