নগাঁৱত মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্ত্তি উন্মোচন , নিজৰ মাতৃভাষাত অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীৰ বুদ্ধিমত্তা প্ৰকাশ পাব 

24
নগাঁৱত মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্ত্তি উন্মোচন , নিজৰ মাতৃভাষাত অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীৰ বুদ্ধিমত্তা প্ৰকাশ পাব
ৱাহিদুদ জামান , নগাঁও , ২০ জুলাই , “বহু সময়ত আমি ভাৱো অসমীয়া ভাষাক  অসমীয়া সাহিত্যক , ভাল পাব লাগিলে খাচ অসমীয়া মানুহ হব লাগিব ৷ এই কথাষাৰ শুদ্ধ নহয় ৷ যি মানুহৰ অন্তৰত অসমে বাসস্থান লৈছে , সেইজন মানুহৰ কাৰণেহে অসমীয়া ভাষা,সাহিত্য,সংস্কৃতি । সেই মানুহজন আমেৰিকা , লণ্ডন  কৰপৰা আহিছে সেইটো আমাৰ বোধগম্য নহয় ৷ মূল কথা হল তেওঁৰ অন্তৰত অসমীয়া ভাষাই স্থান পাইছে নে নাই “। এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ ৷ আজি নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ সাংসদ পুজিৰে নিৰ্মাণ কৰা অসমীয়া ভাষা সাহিত্যৰ উত্তৰনৰ কাণ্ডাৰী ড° মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া ভাষনত ড° শইকীয়াই কয়- মাইলছ ব্ৰনছন অসম এৰি যাব নোখোজা মানুহ আছিল ৷অসম এৰি যোৱাৰ সময়ত মাইলছ ব্ৰনছনে লিখি থৈ গৈছিল যে “মই অসম এৰি গলেও মোৰ হিয়া অসমতে থাকি যাব ” । বাহিৰৰ মানুহ এজন অসমীয়া ভাষাটোৰ প্ৰতি কিমান অনুৰাগী আছিল সেইয়া মন কৰিবলগীয়া কথা ৷সেই অনুৰাগ আমি অসমৰ অন্য ভাষা ভাষী লোকৰ মাজলৈ লৈ যাব নোৱাৰুনে ? ভাষন প্ৰসংগত মাইলছ ব্ৰনছনে অসমীয়া ভাষাৰ বাৱে কৰা সংগ্ৰামৰ কথা উল্লেখ কৰি ড° শইকীয়াই কয়-১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অসমীয়া ভাষা এলাগী হৈছিল ৷ সেই সময়ত চৰকাৰী কাৰ্য্যলয় আদিৰ পৰা চহকী অসমীয়া ভাষা নোহোৱা হৈ গৈছিল ৷ অৱশ্যে অসমীয়া ভাষাই পুনৰ স্বকীয় স্থান পালে ৷এনে এক জটিল পৰিস্থিতিত অসমীয়া ভাষাৰ হকে বহুতে সংগ্ৰাম কৰিছিল, যি সকলৰ এই প্ৰতিবাদী কণ্ঠৰ অন্যতম আছিল মাইলছ ব্ৰনছন৷ তেওঁ লগতে কয়-আজি  এটা প্ৰতিমূৰ্তি স্থাপন হল৷এই প্ৰতিমূৰ্তিটো ৰদ ,বৰষুন ,তুফান আদিৰ সম্মুখত থিয় হৈ থাকিব ৷ এই মূৰ্তিত এজন ব্যক্তিৰ ব্যক্তিত্ব আমি দেখা পাম৷ ইয়াত আমি সৰ্বাঙ্গীণ পৰিস্থিতি এটা দেখা পাম ৷ চহকী ভাষাৰ অসমীয়া জাতিয়ে এটা সময়ত স্বকীয়তা হেৰুৱাইছিল ৷ সেই বেদনা আমি সদায় উপলব্ধি কৰিব লাগিব ৷ ভাষণ প্ৰসংগত ড° শইকীয়াই কয় অসমীয়া ভাষা পাঠ্যক্ৰমত দ্বিতীয় ভাষা হিচাপে  ৰখা হৈছে ৷অসমীয়া এটা চহকী ভাষা । এই ভাষাৰ স্বকীয়তা আছে ৷ পৃথিৱীৰ বহু ভাষা চহকী । অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যাব লাগিব ৷নিজৰ মাতৃভাষাত ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিলে তেওঁলোকৰ বুন্ধিমতা প্ৰকাশ পাব  ৷ প্ৰসঙ্গ ক্ৰমে ড° শইকীয়াই আনন্দ ৰাম ঢ়েকীয়াল ফুকনৰ উল্লেখ কৰি কয়- আনন্দ ৰাম ঢ়েকীয়াল ফুকনেও অসমীয়া ভাষাৰ উত্তৰনৰ হকে কাম কৰিছিল৷সম্প্ৰতি অসমীয়া ভাষা সাহিত্যৰ প্ৰতি কিছু ভাবুকিৰ সৃষ্টি হৈছে ৷ পুনৰ মাইলছ ব্ৰনছনৰ প্ৰসঙ্গ উল্লেখ কৰি ড° শইকীয়াই কয়- মাইলছ ব্ৰনছন এগৰাকী ভৱিষ্যতৰ পথ প্ৰদৰ্শক আছিল ৷ তেওঁ লগতে কয় পুৰনিক লৈ নতুনৰ দিশে আগুৱাই যাব লাগিব।  নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই সভাপতিত্ব কৰা সভাত অংশ গ্ৰহণ কৰি নগাঁৱৰ  সাংসদ প্ৰদ্যুত বৰদলৈয়ে কয় -অসমীয়া ভাষাক স্বতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মাইলছ ব্ৰনছনে বিজ্ঞান সন্মত ভাৱে যুজ দিছিল ৷ নিজৰ বাৰ বছৰীয়া শ্ৰমৰ ফচল হিচাপে ১৪ হাজাৰ থলুৱা অসমীয়া শব্দ সামৰি তেওঁ অসমীয়া ইংৰাজী ভাষাৰ অভিধান ১৮৬৭ চনত প্ৰকাশ কৰি উলিয়াইছিল ৷এই শব্দাৱলীৰ দস্তাৱেজকে ভিত্তি হিচাপে লৈ যুক্তিপূৰ্ণ ভাৱে অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰাৰ অভিৰত সংগ্ৰাম খন সফল হল আৰু ১৮৭৩ চনত ইংৰাজ প্ৰশাসনে অসমীয়া ভাষাক শ্বীকৃতি দিলে ৷ বৰদলৈয়ে লগতে কয় আমেৰিকাৰ পৰা মূলত ধৰ্মপ্ৰচাৰ কৰিবলৈ আহি অসমত উপস্থিত হোৱা ড° মাইলছ ব্ৰনছনে বুজি উঠিছিল যে অসমীয়া কেৱল এটা থলুৱা ভাষাই নহয় ৷ই অতি চহকী আৰু প্ৰাচীন ভাষা ৷ উনৈছ শতিকাত অসমত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰা সংগ্ৰামত সেনাপতিৰ ভূমিকা লোৱা মাইলছ ব্ৰনছনক অসমীয়া জাতিৰ হৈ আজি তেওঁৰ জন্ম দিনত শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছো ৷ সভাত মূখ্য বক্তা হিচাবে অংশ গ্ৰহণ কৰি  তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰশান্ত দাসে কয়, ” সাতসাগৰ তেৰ নদী পাৰ হৈ সুদূৰ আমেৰিকাৰ পৰা মাইলছ ব্ৰনছন আহি অসমীয়া ভাষা-সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে। তেওঁ ১৮৪১ চনত নগাঁৱলৈ আহি অসমীয়া ভাষাটোৰ প্ৰতি দেখুওৱা উদাৰ আচৰণ আমাৰ কাৰণে এক প্ৰেৰণা। অকল তেওঁয়েই নহয় ব্ৰনছনৰ পত্নী মেৰী ব্ৰনছনৰ ভুমিকাও আছিল উল্লেখ্যনীয়। নাৰী সমাজক জাগ্ৰত কৰাত অন্যতম ভুমিকা লোৱা মেৰী এগৰাকী আদৰ্শ নাৰী আছিল। তেওঁলোকৰ পৰিয়ালটো সমাজৰ বাবে এক প্ৰেৰণাৰ উৎস। আচলতে মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্তি বহু দিন আগতেই প্ৰতিষ্ঠা হ’ব লাগিছিল। মাইলছ ব্ৰনছনে লিখি থৈ যোৱা কেবাখনো চিঠিত অসমীয়া সমাজক ভাল পোৱাৰ কথা উল্লেখ কৰিছে। উল্লেখ্য যে মাইলছ ব্ৰনছনৰ ওপৰত সম্প্ৰতি গৱেষণা কৰি আছে ইংৰাজী সাহিত্য বিভাগৰ অধ্যাপক প্ৰশান্ত দাসে। সভাত অংশ গ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে ইতিপূৰ্বেও মাইলছ বনছনৰ স্মৃতি ৰক্ষাৰ বাবে প্ৰয়াস কৰা হৈছিল যদিও বিভিন্ন কাৰণত সেয়া হৈ নুঠিল। এতিয়া বনছনৰ প্ৰতিমূৰ্তি স্থাপন হোৱাটো নগাঁও বাসীৰ বাবে গৌৰৱৰ বিষয়। সভাত সাহিত্যিক উপেন্দ্ৰ বৰকটকী বটদ্ৰবাৰ বিধায়িকা শিৱামণি বৰা,নগাঁও বেপ্টিষ্ট মিছনেৰীৰ সভাপতি মাণিক দাস আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্ত্তিতো নিৰ্মাণ কৰিছে ভাস্কৰ্য্য শিল্পী লক্ষ্যজিৎ বৰাই ৷ নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত হাজৰিকাই আত ধৰা  অনুষ্ঠানতে বিশিষ্ট লিখক পৰাণ কুমাৰ বৰুৱাৰ ‘মাইলছ ব্ৰনছন আৰু অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম’, ড° থুনু কলিতাৰ ‘আইতাৰ জোনাকী চোতাল আৰু তৰা জিলমিল’, ড° দিনেশ হাজৰিকাৰ ‘কৃষি ব্যৱস্থাপনা খাদ্য আৰু অনান্য’, স্বপ্না কলিতাৰ ‘দ্বাদশ জ্যোতি লিংগ আৰু সপ্তপুৰী’ আৰু স্মৃতা কলিতাৰ ‘ওপঁজা গাঁৱৰ চিনাকি ছবি’ গ্ৰন্থ কেইখন মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তি সকলে উন্মোচন কৰে ৷ইয়াৰ আগতে নগাঁও মিছন চৌহদত স্থাপন কৰা মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই ৷ বন্তি প্ৰজ্বলন কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷