নগৰবেৰাত চি এম ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান , উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ঘোচখোৰ লাট মণ্ডল মদন কুমাৰ নাথ

53
নগৰবেৰাত চি এম ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান , উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ ঘোচখোৰ লাট মণ্ডল মদন কুমাৰ নাথ
দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা , ৩ আগষ্টঃ কামৰূপৰ নগৰবেৰাত ভিজিলেঞ্চ এণ্ড এন্টি কৰাপচন’ৰ বিশেষ অভিযান, জাঁলত পৰিল ঘোচখোৰ লাট মণ্ডল। এমূৰৰ পৰা গেলিছে নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয়, কাৰ্যালয়ত এতিয়া যেন মুকলিকৈ চলে দুৰ্নীতিৰ  মুকলি প্ৰতিযোগিতা। প্ৰাপ্ত তথ্য অনুসৰি আজি নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয়ত চি এম ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত কাৰ্যালয়টোৰ লাট মণ্ডল মদন কুমাৰ নাথক ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় দুৰ্নীতি নিবাৰক শাখাই। ৰাইজে অভিযোগ উত্থাপন কৰা মতে লাট মণ্ডল জনে  দীৰ্ঘদিনৰে পৰা কাৰ্যালয়টোত সদম্ভে হেনো চলাই আহিছিল দুৰ্নীতিৰ বেহা। আজি এজন লোকৰ  মাটিৰ কামৰ বাবদ ধন আদায় লৈ থকা অৱস্থাত পূৰ্বৰে পৰা খাপ পিটি থকা চি এম ভিজিলেঞ্চ আৰু দুৰ্নীতি নিবাৰক শাখাৰ লোকে হাতেলোটে ধৰা পেলায় লাট মণ্ডল জনক। সোঁৱে-বাওঁয়ে মাটি নামজাৰি কিম্বা অন্যান্য কামৰ বাবদ লাট মণ্ডল জনে হেনো আদায় লৈ আহিছে মোটা অংকৰ ধন হাতে-লোটে ধৰাৰ পাছত অভিযানকাৰী দলটিয়ে মণ্ডল আৰু কাৰ্যালয়ৰ প্ৰতিজনৰে ৰুদ্ধদ্বাৰ সোধপোচ কৰে বুলি জানিব পৰা গৈছে। আনহাতে কাৰ্যালয়টোৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী আনকি ৰাজহ চক্ৰ বিষয়া গৰাকীও দুৰ্নীতিত নিমজ্জিত বুলিও ৰাইজৰ অভিযোগ ।