নতুন পৰিবহন মন্ত্ৰীয়ে উদ্ধাৰ কৰিব পাৰিবনে জল পৰিবহন বিভাগ , সঘন ছাদেন ভিজিট হলেহে গা লৰিব কৰ্মচাৰীৰ 

29

নতুন পৰিবহন মন্ত্ৰীয়ে উদ্ধাৰ কৰিব পাৰিবনে জল পৰিবহন বিভাগ , সঘন ছাদেন ভিজিট হলেহে গা লৰিব কৰ্মচাৰীৰ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১৫ জুলাই : আটাইতকৈ সস্তীয়া আৰু সহজলভ্য জল যাতায়ত ব্যবস্থাৰ আজি কোপতি কোনো পৰিবৰ্তন নহল । বছৰ বছৰ ধৰি প্ৰাক্তন পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ব্ৰহ্মপুত্ৰৰ জল যাতায়ত ব্যবস্থাৰ দ্ৰুত উন্নয়নৰ কথা কৈ কাৰ্যত কোনো সময়োপযোগী যাতায়ত ব্যবস্থা গঢ় দিব নোৱাৰিলে । কৌটি কৌটি ৰাজকোষৰ ধন ব্যয়ৰে জাহাজ ক্ৰয় কৰা হল যদিও ৰাজ্যত উপযুক্ত কাৰিকৰী লোক আৰু প্ৰশিক্ষিত নাবিকৰ অভাবত জাহাজ চলাবলৈ অসমৰ্থ জল পৰিবহন বিভাগ । অধিক দৰমহাৰে কলিকতাৰ পৰা জাহাজ চালক আৰু আন আন কৰ্মচাৰী আনিব লগীয়াতো দুৰ্ভাগ্যজনক । ইফালে অদৰকাৰী বহু কৰ্মচাৰী জাহাজ নেদেখাকৈয়ে ঘৰত বহি দৰমহা লাভ কৰি আহিছে । গুৱাহাটী উত্তৰ গুৱাহাটীৰ দুয়োপাৰৰ প্ৰতিটো ঘাটত ৪০জনৰ পৰা ৬০গৰাকী কৰ্মচাৰী আছে । কিন্তু, ইয়াৰে প্ৰায় ১৬ গৰাকী কৰ্মচাৰী দুটা ছীফটত কাম কৰে আৰু বাকী কৰ্মচাৰীয়ে হয় পলামৰা নহলে ঘাটৰ পৰিচালকৰ লগত গোপন অংকৰে মাহিলি দৰমহাভাগ লাভ কৰি আহিছে । উত্তৰ গুৱাহাটী মধ্যমখণ্ড পাৰঘাটত নিয়োজিত দুগৰাকী মহিলা কৰ্মচাৰীয়ে ১০ বজাত পাৰঘাটত দেখা দিয়ে ঘৰমুৱা হয় । জাহাজ বন্ধা খালাছী পদত নিয়োগ লাভ কৰা দুয়ো গৰাকীয়ে জাহাজ বন্ধা ৰছী আজি লৈ চুই পোৱা নাই । ইতিপুৰ্বে এই বাতৰি প্ৰকাশৰ পিছত জল পৰিবহন কাৰ্যালয়ে কামত নহা   দুয়োগৰাকী মহিলা কৰ্মচাৰীক পাৰঘাটট বহীত পাৰাপাৰ যাত্ৰীৰ চহী সংগ্ৰহৰ ভেকোভাওনা পাতি অদৰকাৰীভাবে কামত ৰখা হৈছিল । তেনেদৰে গুৱাহাটী উত্তৰ গুৱাহাটী( মাজগাঁও) পাৰঘাটটো আছে অদৰকাৰী মহিলা কৰ্মচাৰী । লক্ষণীয়ে যে গুৱাহাটী পাৰঘাটট থকা প্ৰতি গৰাকী মহিলা কৰ্মচাৰীৰ স্বামী চৰকাৰী চাকৰিয়াল । কিন্তু, ৰাজ্যত লাখ লাখ নিবনুৱা থকাৰ পিছতো কিয় চৰকাৰে একেটা পৰিয়ালতে অনাবশ্যকভাবে স্বামী স্ত্ৰী দুজনক চৰকাৰী চাকৰি দিয়া হৈছে এক বৃহৎ প্ৰশ্ন । ব্ৰহ্মপুত্ৰক আন্তৰাষ্ট্ৰীয় জল মাৰ্গ কৰিবলৈ বহু আঁচণিৰ কথা আঁচণি হৈয়ে ৰ”ল । গুৱাহাটী ফেৰীঘাটক অত্যাধুনিক ৰূপ দিয়াৰ কথা ,স্থায়ী পাৰঘাট , টাৰ্মিনেল প’ৰ্ট  এইবোৰ যেন এতিয়া পুৰণি হৈ গল । পানী বঢ়া টুটাত ফেৰ মাৰিব পৰা জাহাজ অনা হল কামতহে নাহে । এখন কল্যাণকামী ৰাষ্ট্ৰত বহু সেৱাই চৰকাৰৰ ৰাজহ পাহৰি আগবঢ়োৱা হয় । ফেৰী সেৱাও তেনে এক অত্যাবশ্যকীয় সেৱা । কিন্তু, চৰকাৰে ব্যবসায়িক লাভালভৰ কথা ভাবি জনতাৰ প্ৰয়োজনীয়তাক ওলাই কৰি  এই সেৱা ৰদ কৰিছে । দুখৰ বিষয় যে গুৱাহাটী পানবজাৰস্থিত  ৰাজ্যৰ একমাত্ৰ নাবিক প্ৰশিক্ষণ কেন্দ্ৰটোও বহু বছৰৰ পযা বন্ধ থকাত সাধাৰণ তথা প্ৰশিক্ষণ বিহীন চালকে চলাব লগা হৈছে অত্যাধুনিক ফেৰী । যাৰ বাবে বহু সময়ত জলাকলা খাই ফেৰীযাত্ৰীয়ে । তদুপৰি অত্যাধুনিক ফেৰীত থকা চেনিটেৰী শৌচালয় তেনেই পুতৌ লগা । চাফাই কৰ্মীৰ অভাবত কদৰ্য ৰূপ শৌচালয় ,নাই পানীৰ সুব্যবস্থা । লাইফবয়, লাইফ জেকেট পৰ্যাপ্ত আছে যদিও চেনিটাইজ কৰাৰ ব্যবস্থা নথকা বাবে যাত্ৰীয়ে নিপিন্ধে  । নতুন পৰিবহন মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই অলপতে গুৱাহাটী ফেৰী ঘাটত ছাদেন ভিজিটেৰে জল পৰিবহন কৰ্মীক থকা সৰকা কৰিছিল । কিন্তু, এদিনৰ বাবে নহয় পাৰঘটলৈ অভিযন্তাক মাতি উত্তৰ গুৱাহাটীত কিয় স্থায়ী পাৰঘাট নহয় তাৰ ওপৰত আঁচণি যুগুতৰ দায়িত্ব দিলিহে কামত আহিব । আধুনিক প্ৰযুক্তিৰ ওচৰত অসম্ভবো সম্ভব হয় । কিয় জল পৰিবহন অভিযন্তাই তথ্য প্ৰযুক্তিৰ পৰিবৰ্তে প্ৰকৃতিক দোহাই থাকে । অলপতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ফেৰীঘাটৰ বিষয়ে সৈধা প্ৰশ্নৰ উত্তৰত কৈছিল আৰু মাত্ৰ দুবছৰ । দুবছৰ পিছত নতুন দলং হৈ যাব । কিন্তু, দলং হলেও গুৱাহাটীত জাহাজ সেৱা লাগিবই । গতিকে ক্ষিপ্ৰ ফলপ্ৰসু আচণিৰ জৰিয়তে জল পৰিবহন সেৱাৰ উন্নত কৰাৰ প্ৰয়োজন আছে । ওচৰতে থকা তথ্য প্ৰযুক্তি বিদ্যা প্ৰতিস্থান গুৱাহাটী আই আই টিৰ সহায়লৈ স্থায়ী ফেৰীঘাটৰ কথা ভাবিলে নিশ্বয় সমাধান ওলাব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ।