নলবাৰীত আবকাৰী বিভাগৰ তীব্ৰ অভিযান , জিলাখনৰ তিনিখন গাওঁত আবকাৰি বিভাগৰ অভিযান

40
নলবাৰীত আবকাৰী বিভাগৰ তীব্ৰ অভিযান , জিলাখনৰ তিনিখন গাওঁত আবকাৰি বিভাগৰ অভিযান
দুৰ্নীতিৰ দৰ্পণ , বাহাৰঘাট , ১৯ জুলাইঃ নলবাৰী জিলা আবকাৰী বিভাগৰ অধিক্ষক ডাঃ মুচাৰফ হুছেইন আৰু নলবাৰী সদৰ আবকাৰী বিভাগৰ পৰিদৰ্শক মিণ্টু কুমাৰ বৰাৰ নেতৃত্বত নলবাৰী আৰু টিহু আবকাৰি বিভাগৰ এটা সজাতি দলে মংগলবাৰৰে জিলাখনৰ তিনিখন গাওত অবৈধ্য চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই।জিলাখনৰ কটাহকুছি,লাওদল আৰু চেনচৰ ঘাটত আবকাৰী বিভাগৰ উক্ত সজাতি দলটোৱে অভিযান চলাই প্ৰায় ২২০০ কিলোগ্ৰাম মদ বনোৱা পাচ,১০ টা মদ বনোৱা সজুঁলি আৰু ১২০ লিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয়।জিলাখনত অবৈধ্য চুলাই মদ,ভাং আদিৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জিলা সদৰ আবকাৰি বিভাগৰ পৰিদৰ্শক মিণ্টু কুমাৰ বৰাই প্ৰকাশ কৰে।