নলবাৰীৰ বৰভাগত গ্ৰীষ্মকালীন নাট কৰ্মশালা-

    26
    নলবাৰীৰ বৰভাগত গ্ৰীষ্মকালীন নাট কৰ্মশালা-
    কুলদ্বীপ বৰ্মন
    নলবাৰী জিলাৰ বৰভাগৰ নাট্যপ্ৰয়াস কালচাৰেল  অৰগেনাইজেচন্ ৰ উদ্যোগত আৰু শংকৰদেৱ একাডেমী বৰভাগৰ সহযোগত অনুষ্ঠিত হোৱা কৰ্মশালাটিৰ যোৱাকালি বন্তি প্ৰজ্বলন কৰি শুভ-উদ্বোধনী কৰে শিশুৰ অভিনয় প্ৰশিক্ষক তথা নাট পৰিচালক নয়নমনি বৰ্মন আৰু অভিনেতা তথা সংবাদ কৰ্মী কুলদ্বীপ বৰ্মনে । ভাষন প্ৰসংগত প্ৰশিক্ষক নয়ন মনি বৰ্মনে কয় যে ক’ভিড পৰিস্থিতিৰ পিছৰে পৰা  সাংস্কৃতিক ক্ষেত্ৰখনত কিছু পৰিমাণে ক্ষতি হয়। নাটক অভিনয়ৰ লগত জড়িত ব্যক্তিসকলৰ প্ৰতি মানুহৰ আগ্ৰহ আৰু আকৰ্ষণ কিছু পৰিমাণে হ্ৰাস পাইছে ।সেয়েহে প্ৰতিগৰাকী নাট্যকর্মী তথা অভিনয় শিল্পী সকলক পুনৰ ন উদ্যামেৰে সাংস্কৃতিক পথাৰখনত দুগুন উৎসাহেৰে কাম কৰিবলৈ আহ্বান জনালে ।অভিনেতা তথা সংবাদ কৰ্মী কুলদ্বীপ বৰ্মনে কয় যে পঢ়া শুনাৰ সমান্তৰালকৈ আমি সমানে আমাৰ ৰুচিবোধৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু এনেকুৱা কৰ্মশালা বিলাকত আমাৰ ছাত্ৰ-ছাত্ৰী বিলাকক আগবঢ়ায় দি বাহ্যিক পৃথিবীখনৰ জ্ঞান দিব লাগে। অনুষ্ঠানটোত নাট্য প্ৰয়াসৰ  সম্পাদক কৰেন বেজবৰুৱা আৰু সহ সম্পাদক ডিম্পলৰ লগতে বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল।