নামনি অসমৰ বানপানীৰ মূল উৎস ভুটানৰ বৃহৎ নদী বান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ ক্ষেত্ৰত বিশেষ নীতিৰ দাবী অসম জাতীয় পৰিষদৰ 

26
নামনি অসমৰ বানপানীৰ মূল উৎস ভুটানৰ বৃহৎ নদী বান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ ক্ষেত্ৰত বিশেষ নীতিৰ দাবী অসম জাতীয় পৰিষদৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , উত্তৰ বৰপেটা, ১ আগষ্টঃ নামনি অসমৰ বানপানীৰ মূল উৎস ভুটানৰ বৃহৎ নদী বান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহন কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে ৷ আজি বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি ভূটান চৰকাৰে সময়ে সময়ে এৰি দিয়া নদীবান্ধৰ অতিৰিক্ত পানীয়ে নামনি অসমত চলোৱা তাণ্ডব আৰু দূৰ্যোগৰ পৰা নামনি অসমবাসীক ৰক্ষা কৰাৰ বাবে নদীবান্ধৰ পানী এৰি দিয়াৰ ক্ষেত্ৰত বিশেষ নীতিৰ দাবী উত্থাপন কৰিছে । একেদৰে নামনি অসমৰ অভয়াপুৰী বৰপেটা হৈ গুৱাহাটীলৈ যোৱা ৰাজ্যিক ঘাইপথটো শীঘ্ৰে মেৰামতি আৰু বহলিকৰণৰ লগতে যোগীঘোপাৰ পৰা বৰপেটা হৈ গুৱাহাটীলৈ বিকল্প ৰে’লপথৰ দাবীক দিল্লীলৈ লৈ যোৱাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰযোগে দাবী জনায় ।