নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং কাঠৰ বেহা অব্যাহত , কাঠভৰ্তি গাড়ী জব্দ , বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী জড়িত বুলি ৰাইজৰ অভিযোগ

35
নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং কাঠৰ বেহা অব্যাহত , কাঠভৰ্তি গাড়ী জব্দ , বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী জড়িত বুলি ৰাইজৰ অভিযোগ
জানমণি দত্ত , নুমলীগড় , ২৬ জুলাই : গোলাঘাটৰ নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত যে বন ধ্বংসকাৰ্য অব্যাহত আছে , সেই কথা আকৌ এবাৰ প্ৰমাণিত হ’ল ৷ গোপন সূত্ৰৰ পম খেদি নুমলীগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিদা হাজৰিকাই যোৱা নিশা খুদ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ সমুখতে জব্দ কৰে চোৰাং কাঠভৰ্তি এখন টাটা ডিআই মিনি ট্ৰাক ৷ গাড়ীখনৰ নম্বৰ এএছ ০৩ এচি ৪৫২৬ আৰু তাৰ গৰাকী যোৰহাটৰ তৰাজানৰ বুলি জানিব পৰা গৈছে ৷ নুমলীগড় আৰক্ষীয়ে গাড়ীখনৰ চালক ৰাজেন দাসক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ গাড়ীখনৰ চালক ৰাজেন দাসে স্বীকাৰ কৰে যে , কাঠখিনিৰ কোনো বৈধ নথিপত্ৰ নাই ৷ কিন্তু কেৱল চালকজনক আটক কৰিয়েই আৰক্ষীয়ে দায়িত্ব সামৰিব নে চোৰাং কাঠৰ বেহাৰ স’তে জড়িত গাড়ীখনৰ গৰাকীকো গ্ৰেপ্তাৰ কৰিব , সেয়া সময়তহে স্পষ্ট হ’ব ৷ উল্লেখ কৰিব পাৰি যে , মৰঙিৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ সমুখেদিয়েই নিশা অবৈধ কাঠভৰ্তি ট্ৰাকৰ চলাচল আৰম্ভ হয় বুলি স্থানীয় ৰাইজে বহুদিনৰ পৰাই অভিযোগ কৰি আহিছিল ৷ বন মাফিয়াৰ স’তে বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বিষয়াজনৰ গোপন বুজাবুজি আছে বাবেই চোৰাং কাঠৰ কাৰবাৰ চলাই যাবলৈ চোৰাং ব্যৱসায়ীয়ে সাহ কৰিছে বুলিও ৰাইজে মুকলিকৈয়ে অভিযোগ তুলি আহিছে ৷ যোৱা নিশা আৰক্ষীয়ে কাঠভৰ্তি এখন গাড়ী জব্দ কৰিছে যদিও তাৰ আগৰ সময়খিনিত তেনে কাঠভৰ্তি বহুকেইখন গাড়ী বন কাৰ্যালয়ৰ সমুখেৰেই পাৰ হৈ যোৱা ৰাইজে দেখিছে ৷ বন বিষয়াজনৰ পৰা বনদস্যুসকল নিৰাপদ যদিও স্থানীয় আৰক্ষীৰ চকুত ধুলি দিবলৈকে জনৈক দাসে এখন বিলাসী থাৰ গাড়ীৰে কাঠভৰ্তি গাড়ীকেইখনৰ আগে আগে গৈ পথৰ সেউজ সংকেত দি যোৱা বহুতেই প্ৰত্যক্ষ কৰিছিল ৷ ক্ৰমে নিঃশেষ হ’বলৈ ধৰা নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত চলি থকা চোৰাং শিল , বালি আৰু কাঠৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে বহুবাৰ বাতৰিও পৰিৱেশিত হৈ আহিছে যদিও তালৈ ভ্ৰূক্ষেপ নকৰে বকিয়াল খণ্ড বন বিষয়াজনে ৷ আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি এই বন বিষয়াজনেও স্বীকাৰ কৰে যে নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং কাঠৰ কাৰবাৰীয়ে বন ধ্বংস অব্যাহত ৰাখিছে বুলিও স্বীকাৰ কৰে ৷ আৰক্ষীয়ে চোৰাং গাড়ীখনৰ গৰাকী আৰু সেই দাস উপাধিৰ লোকজনৰ লগতে বকিয়াল খণ্ড বন বিষয়াজনকো তদন্তৰ আউটিলৈ আনিলেহে বনদস্যু চক্ৰটো উৎখাত কৰা সম্ভৱ বুলি সচেতন লোকসকলে মত প্ৰকাশ কৰিছে ৷