নাম্বাৰপাৰাত লক্ষ্যাধিক টকাৰ মাছ নিধন , ৰামটাঙোন পৰিছে মিনপালক মেতালেব মিঞাৰ মূৰত

23
নাম্বাৰপাৰাত লক্ষ্যাধিক টকাৰ মাছ নিধন , ৰামটাঙোন পৰিছে মিনপালক মেতালেব মিঞাৰ মূৰত
দুৰ্নীতিৰ দৰ্পণ , ইয়াছিন আলী , কোকিলা , ২৭ জুলাইঃ মানুহ কিমান অমানুষিক হব পাৰে । বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ড গাৱঁৰ আব্দুল খালেকৰ পুত্ৰ মোতালেব মিঞা বহু বছৰ ধৰি মীন পালন কৰি আহিছে। মোতালেব মিয়া মীন পালনৰ জড়িয়তে পোহ পাল দি আহিছে পৰিয়ালটো। বছৰি কেইবা লাখ টকা কৈ উপাৰ্জন কৰি শিক্ষিত নিৱনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ পথ দেখুৱাই আহিছে। মোতালেবৰ পৰা বহু ব্যক্তিয়ে মীন পালন কৰি আহিছে। যোৱা দুদিন ধৰি মোতালেবৰ পুখুৰীত লক্ষ্যাধিক টকাৰ মাছ নিধন হোৱাত অঞ্চল ব্যাপি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে যোৱা দুদিনে মোতালেব মিঞাই ভাড়া লোৱা পুখুৰীত মাছৰ মৃত্যু হোৱাৰ লগতে উপঙি উঠে। বিভিন্ন ঔষধ ব্যৱহাৰ কৰি মাছ সমুহ ৰক্ষা কৰিবলৈ চেষ্টা কৰে যদিওঁ লক্ষ্যাধিক টকাৰ মাছ মৰি যায়। কোনো দুষ্ট চক্ৰই বিষ দিয়াৰ ফলত মাছৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে । ইফালে , পানীত অক্সিজেন কম হোৱাৰ বাবে মৃত্যু হোৱা বুলিও বহুতে সন্দেহ কৰিছে। মিন পালক মোতালেব মিঞাই জানিব দিয়া মতে পাচঁ খনকৈ পূখুৰীত মাছ পুঁহিছিল।  চাৰি খনকৈ পুখুৰীৰ মাছ বানপানীত বাহিৰলৈ ওলাই যায়। এখন পুখুৰীৰ মাছ আছিল যদিওঁ তাতে ভুতৰ ওপৰত দানহ পৰাদি লক্ষ্যাধিক টকাৰ মাছ নিধন হোৱাত চকুপানী টুকিবলগীয়া হৈছে মীন পালক মোতালেবৰ । চৰকাৰক সাহায্য কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।