নিৰপেক্ষ মোৰ কলম 

    34
    নিৰপেক্ষ মোৰ কলম 
    প্ৰেৰকঃ ইয়াছিন আলীঃ কোকিলা ।
    নিৰপেক্ষ মোৰ কলম
    কাকো নকৰে ভয়,
    অবিৰত চলিয়েই থাকিব
    কাৰো ভয়ত থমকি নৰয়।
    সাগৰসম চিয়াহী হ’ব
    অনিয়মৰ বিৰুদ্ধে লিখিয়েই যাব,
    যেতিয়ালৈ সুস্থ সমাজ
    নিৰ্মুল দেশ গঢ়ি নুঠিব।
    মোৰ কলমৰ অন্তিম বিন্দু চিয়াহীয়েও
    লিখি যাব দেশ মাতৃৰ হৈ,
    যিদিনা লৈ মোৰ জনম ভূমি আই
    সুস্থিৰে নিশ্বাস নলয়।
    মোৰ জনম ভূমি মোৰ আই
    মোৰ আই কোলাৰ সমান শান্তি
    পৃথিৱীৰ ক’তো নাই।
    মোৰ জনম ভূমি মোৰ আই।