নুমলীগৰঙিৰ তেলগৰমত শিৱভক্তক আদৰ , অভ্যৰ্থনা  দুই নং পংকা গ্ৰান্ট গাওঁৰক্ষী বাহিনীৰ আৰু তেলগৰমৰ ব্যবসায়ী সকল 

34
নুমলীগৰঙিৰ তেল গৰমত শিৱভক্তক আদৰ , অভ্যৰ্থনা  দুই নং পংকা গ্ৰান্ট গাওঁৰক্ষী বাহিনীৰ আৰু তেলগৰমৰ ব্যবসায়ী সকল
দুৰ্নীতি দৰ্পণ সেৱা , তেলগৰম , গৌতম বৰা , ১ আগষ্টঃ এতিয়া পবিত্ৰ শাওণ মাহ , এই পবিত্ৰ শাওণ মাহতে হিন্দু ধৰ্মৰ ধৰ্মীয় পৰম্পৰা অনুসৰি শিৱভক্ত সকলে দুৰ দুৰণিৰ পৰা পদব্ৰজে গৈ শিৱথান সমুহত পূজা অৰ্চনা কৰে ৷ সমান্তৰালভাৱে আজিও গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা উৰে নিশা পদব্ৰজে আহি পুৱতি নিশা উপস্থিত হয় নুমলীগড় তেলগৰমত উদ্দেশ্য নুমলীগড়ৰ বাবাথান , এই উদ্দেশ্যে তেলগৰমত পূৰ্বৰে পৰা আদৰ আপ্যায়নৰ বাবে সাজু হৈ আছিল গাওঁৰক্ষী বাহিনী আৰু তেলগৰম ব্যবসায়ী সকল পুৱতী নিশা এইসকল শিৱভক্ত উপস্থিত হোৱাত আদৰ আপ্যায়ন কৰি আশীৰ্বাদ গ্ৰহণ কৰে ৷ এনে পদক্ষেপক শিৱভক্ত সকলে শলাগ লয় ।