নেহেৰু যুৱ কেন্দ্ৰৰ তৰফৰ পৰা ঘৰে ঘৰে তিৰংগা পতকা উত্তোলৰ আহ্বান

29
নেহেৰু যুৱ কেন্দ্ৰৰ তৰফৰ পৰা ঘৰে ঘৰে তিৰংগা পতকা উত্তোলৰ আহ্বান
দুৰ্নীতিৰ দৰ্পণ সেৱা , দলগাওঁৰ পৰা আনোৱাৰ হুছেইন , দলগাওঁ ,৩ আগষ্ট : দৰং জিলাৰ দলগাওঁ প্ৰগতি সংঘৰ প্ৰেক্ষাগৃহত বেছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৯৭২ চনতে শুভাৰম্ভ কৰা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱক সংঘ উন্নয়ন আঁচনি ৰূপায়নৰ কৰা হয় । এই আঁচনিৰ জৰিয়তে যুৱ সংঘ সমূহ উন্নীত কৰাৰ লগতে নেহেৰু যুৱ কেন্দ্ৰৰ অধীনত অহা সকলো সা সুবিধা লাভ কৰিব । দেশ স্বাধীনৰ ৭৫ বছৰ গৰকাত আজাদি কা অমৃত মহোৎসৱৰ লগত মিল ৰাখি নেহেৰু যুৱ কেন্দ্ৰৰ তৰফৰ পৰা ঘৰে ঘৰে তিৰংগা পতকা উত্তোলৰ আহ্বান জনায় ।সভাত অৰ্ধ শতাধিক বিভিন্ন সংঘ , এন জি অৰ সভাপতি , সম্পাদক উপস্থিত থাকে । সভাত সভাপতিৰ আসন অলংকৃত কৰে প্ৰগতি সংঘৰ সভাপতি সাধন কুমাৰ মজুমদাৰে । সভাত অতিথিৰূপে নেহেৰু যুৱ কেন্দ্ৰৰ দৰং জিলাৰ গাণনিক বিষয়া সজল ভূঞা , দিব্যজ্যোতি ডেকা , মবিন খান , বেচিমাৰী উন্নয়ন খণ্ডৰ স্বেচ্ছাসেৱক ছহিদুৰ ইছলাম , আলমিদা পাৰবীন , দলগাওঁ আদৰ্শ জাতীয় বিদ্যালয়ৰ সঞ্চালক ৱাছিৰ আহমেদ , প্ৰগতি সংঘৰ সম্পাদকৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে । গাওঁ তথা ভিতৰুৱা অঞ্চলৰ সামাজিক , সাংস্কৃতিক , বৌদ্ধিক উন্নয়ন সাধন কৰাই হৈছে এই নেহেৰু যুৱ কেন্দ্ৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য ।