নৱৈ দশকৰ শিক্ষক নিযুক্তি কেলেংকাৰী কেৱল এজন শিক্ষকক গ্ৰেপ্তাৰ আৰু নিলম্বন কৰিয়ে কেলেংকাৰী বিষয়টো যৱনিকা পেলাব নেকি?  

19
নৱৈ দশকৰ শিক্ষক নিযুক্তি কেলেংকাৰী কেৱল এজন শিক্ষকক গ্ৰেপ্তাৰ আৰু নিলম্বন কৰিয়ে কেলেংকাৰী বিষয়টো যৱনিকা পেলাব নেকি?
২০১৯ বৰ্ষতে অবৈধভাৱে নাবালক শিক্ষক-শিক্ষয়িত্ৰী চাকৰি সেৱাপুস্তিকা (Service book) জব্দ কৰি দৰ্মহা লাভ কৰা তথ্য পোহৰলৈ অনাৰ পিছতো কিয়  বাকীসকলক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস গোটাব পৰা নাই আৰক্ষীয়ে?
অবৈধভাৱে নিয়োগ লাভ কৰা বাকীসকল শিক্ষক-শিক্ষয়িত্ৰী অতি শীঘ্ৰে গ্ৰপ্তাৰৰ দাবী-অসম নৱ নিৰ্মাণ সমিতি।
দুৰ্নীতিৰ দৰ্পণ সেৱা, বিশেষ সেৱা ,শিৱসাগৰ, দিচাংমুখ সেৱা, ২০ জুলাইঃ অবৈধ আৰু অনিয়মেৰে  নৱৈ দশকত  নিযুক্তি লাভ কৰা শিক্ষা বিভাগৰ অধীনত  শিৱসাগৰ,চৰাইদেউ,আমগুৰি  আৰু নাজিৰা শিক্ষাখণ্ডৰ  প্ৰায় ৪ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰী কেলেংকাৰী সমগ্ৰ তথ্য অসম নৱ নিৰ্মাণ সেনাই  সংবাদ মাধ্যমৰ লগতে দুৰ্নীতিৰ দৰ্পণ কাকতৰ জৰিয়তে সমগ্ৰ তথ্য পোহৰলৈ অনাত শিক্ষাগুৰুসকলৰ  ভিতৰ’চৰাত তীব্ৰ জোকাৰণি সৃষ্টি হৈছিল। উল্লেখ্য যে অবিভক্ত শিৱসাগৰ জিলাত নৱৈ দশকৰ শিক্ষক নিযুক্তি সৰ্ববৃহৎ কেলেংকাৰী বিষয়ে বিস্তৃত আকাৰত দুৰ্নীতিৰ দৰ্পণ কাকতত তথ্য সহকাৰে ৭ টাকৈ প্ৰতিবেদন প্ৰকাশ পাইছিল।শিক্ষক নিযুক্তৰ বৃহৎ কেলেংকাৰীৰ বিষয়ে অসম নৱ-নিৰ্মাণ সমিতি নামৰ জাতীয় সংগঠনটোৱে কৰা আৰ টি আইৰ তথ্য আধাৰত দুৰ্নীতি দৰ্পণ কাকত ন ন তথ্যৰে ৭টাকৈ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে  ১৪-১৫ বয়সতে প্ৰায় ১৫০ জন  শিক্ষাগুৰু নিযুক্তি লাভ  কৰি তথ্যৰ ভিত্তিত আৰক্ষীয়ে কেৱল সংগঠনটোৱে গৌৰীসাগৰ থানাত ১৩৬৯/২০১৯ আৰু ধাৰা ১২০B/৪২০/৪৬৫/৪৬৮ ভাৰতীয় দণ্ডবিধি আইনৰ গোচৰৰ ভিত্তিত বাঘজান হাইস্কুলৰ নাবালক শিক্ষক বাবুল হুছেইনক নিলম্বন আৰু গ্ৰেপ্তাৰ কৰা বিষয়টো সহজভাৱে ল’ব পৰা নাই একাংশ শৈক্ষিক মহলে।কিয়নো নৱৈ দশকত অবিভক্ত শিৱসাগৰ জিলাত  ধনৰ বিনিময়ত অবৈধভাৱে ৪ হাজাৰো শিক্ষক-শিক্ষয়িত্ৰী নিযুক্তি লাভ কৰিছিল।উক্ত ৪ হাজাৰৰ ভিতৰত ১৪-১৫ বছৰৰ প্ৰায় ১৫০ জন  নাবালকে  পবিত্ৰ বৃত্তিত নিয়োগ লাভ কৰিছিল।অসম নৱ নিৰ্মাণ সমিতিয়ে  বয়সৰ জালিয়াতি তথ্য  আৰক্ষী হাতত পৰা পাছত বিষয়টো  তৎকালীনভাৱে  আইনগত  ব্যৱস্থাটো সহজ হৈ পৰিছিল।আশ্চৰ্যজনক বিষয়টো হ’ল যে উক্ত নাবালক শিক্ষকৰ ভিতৰত এজন শিক্ষকক গ্ৰেপ্তাৰ আৰু নিলম্বনৰ বিষয়টোক লৈ বাকীসকলক কিয় বিহীত তথা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া শৈক্ষিক মহলৰ মাজত চৰ্চা বিষয় হৈ পৰিছে ? আমগুৰি শিক্ষাখণ্ডৰ অধীনত প্ৰায়   অবৈধভাৱে নিযুক্তি লাভ কৰা ২৫০ জন শিক্ষক-শিক্ষয়িত্ৰী ভিতৰত প্ৰায় ১৫০ গৰাকী শিক্ষাগুৰু অবৈধভাৱে নিয়োগ লাভ কৰা  তথ্য পোহৰলৈ আহিছিল।উক্ত শিক্ষাখণ্ডটোৰ অধীনত অবৈধভাৱে নিয়োগ লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰী বিৰুদ্ধে অসম নৱ নিৰ্মাণ সমিতিয়ে কেইবাটাও গোচৰ তৰা পাছত  আৰক্ষীক শিক্ষাখণ্ডটোৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে সংগোপন মিতিৰালিয়ে নামমাত্ৰ ৭ জনৰ নাবালক শিক্ষাগুৰু তথ্য যোগান ধৰা অভিযোগ উত্থাপিত হৈছে।যিহেতু আৰক্ষীৰ হাতত পৰা তথ্য কেৱল ৭ জন নাবালক শিক্ষাগুৰু চিনাক্তকৰণে  তেওঁলোকৰ সেৱাপুস্তিকা জব্ধ কৰিবলৈ সক্ষম হৈছে যদিও  সেইসকল শিক্ষাগুৰু  দৰ্মহা লাভ কৰি থকাৰো অভিযোগ উঠিছে।আমগুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কায্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীক বৃহৎ ধনৰ লেনদেনেৰে বয়সৰ জালিয়াতিৰে নাবালক শিক্ষাগুৰু আৰু ভুৱা চাৰ্টিফিকেটেৰে নিয়োগ লাভ কৰা  শিক্ষাগুৰুসকলে নিজৰ নাম আৰক্ষী হাতত পৰাকৈ গাপ দিবলৈ সক্ষম হয়।কেৱল  ৭ জন নাবালক শিক্ষাগুৰু ষড়যন্ত্ৰমূলকভাৱে  তথা ধনৰ লেনদেন নকৰাৰ ফলত  উক্ত শিক্ষাখণ্ডটোৰ একাংশ দুৰ্নীতিপৰায়ণ শিক্ষা বিষয়াই আৰক্ষীক তথ্যখিনি যোগান ধৰে।যাৰ ফলত ৭ জন নাবালক শিক্ষাগুৰু সেৱা পুস্তিকা জব্ধ কৰা পিছতে উক্ত শিক্ষাখণ্ডৰ শিক্ষা বিষয়া-কৰ্মচাৰীক ধনৰ বিনিময়ত মেনেজ কৰি  পুনৰ  তেওঁলোকে নিয়মীয়াকৈ অবৈধভাৱে দৰ্মহা লাভ কৰিবলৈ সক্ষম হয়। ইপিনে উক্ত শিক্ষাখণ্ডটোত বহু সংখ্যক নাবালক শিক্ষক নিয়োগ লাভ কৰা তথ্য পোহৰলৈ অহাৰ পিছতো কেৱল বাঘজান হাইস্কুলৰ নাবালক শিক্ষাগুৰু বাবুল হুছেইনক গ্ৰেপ্তাৰ আৰু নিলম্বন কৰা আৰক্ষী পদক্ষেপক  অসম নৱ নিৰ্মাণ সমিতি  আদৰণি জনাইছে যদিও বাকীসকলক অনতিপলমে গ্ৰেপ্তাৰ আৰু নিলম্বন কৰিবলৈ দাবী জনাইছে। উল্লেখ্য যে শেহতীয়াকৈ অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকালয় সুৰঞ্জনা সেনাপতি স্বাক্ষৰিত eaa/b/111/2020/4-a ৰ নিদেৰ্শ মৰ্মে নাবালক শিক্ষক গৰাকীক চাকৰি পৰা নিলম্বন কৰিছে।লক্ষ্যণীয় বিষয় যে অবিভক্ত শিৱসাগৰ  জিলাৰ নাজিৰা,চৰাইদেউ,আমগুৰি আদি শিক্ষাখণ্ডৰ অধীনত নৱৈ দশকত অবৈধ নিযুক্তি লাভ কৰা তথ্যৰ ভিত্তিত অসম নৱ নিৰ্মাণ সমিতিয়ে বিভিন্ন থানাত গোচৰ তৰা পাছত আৰক্ষীৰ তদন্তত কেৱল অবৈধভাৱে নিয়োগ কৰা এজন শিক্ষকক গ্ৰেপ্তাৰ কৰা আৰু বাকীসকলক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টো ৰহস্য আৱৰ্তত সোমাই পৰিছে।সংগঠনটোৰ গোচৰীয়া পক্ষই অভিযোগ কৰা মতে নৱৈ দশকৰ শিক্ষক নিযুক্তি সৰ্ববৃহৎ কেলেংকাৰী সমগ্ৰ তথ্য আৰক্ষীক দিয়া পাছতো উক্ত শিক্ষাখণ্ডটোৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কায্যালয়ৰ একাংশ শিক্ষা বিভাগৰ বৰমূৰীয়াই ধনৰ লেনদেনেৰে ভুৱা শিক্ষকৰ তালিকাৰ আৰু তদন্ত প্ৰক্ৰিয়াত গাপ দিয়া বুলি চেষ্টা  চলাইছে।যাৰ পৰিপ্ৰেক্ষিতত নামমাত্ৰ সাতজন নাবালক শিক্ষাগুৰু সেৱা পুস্তিকা জব্ধ কৰিবলৈ সক্ষম হয় আৰু এজন নাবালক শিক্ষকক নিলম্বন কৰে। তদুপৰি সংগঠনটোৱে অভিযোগ উত্থাপন কৰা মতে  একাংশ শিক্ষা বিভাগৰ বৰমূৰীয়াক মেনেজ তথা গোপন বুজাবুজিৰ ফলত গাপ দিয়া চেষ্টা আৰক্ষীক সঠিকৈ তথ্যসমূহ যোগান নধৰাৰ ফলত তদন্ত প্ৰক্ৰিয়াটো লেহেমীয়া হোৱাৰ লগতে শিক্ষা বিভাগৰ বৰমূৰীয়াই ভুৱা তথ্য যোগান ধৰা ফলত তদন্ত প্ৰক্ৰিয়া বিপথে পৰিচালিত হোৱা সম্ভাৱনাই দেখা দিব পাৰে।     হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে শৈক্ষিক জগতখনক তথা শিক্ষাৰ মান উন্নত কৰিবলৈ ন ন অভিলাষী আঁচনিয়ে কোটি কোটি টকা ব্যয় কৰা লগতে শিক্ষকক প্ৰশিক্ষণৰ জৰিয়তে   ছাত্ৰ-ছাত্ৰীক অভিজ্ঞতাৰে পৰিপুষ্ট কৰি শিক্ষাৰ সংস্কাৰ সাধনৰ বাবে প্ৰচেষ্টা হাতত লৈছে তেনে সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ সময়ত অসম নৱ নিৰ্মাণ সেনা(সমিতি)নামৰ এটা জাতীয় সংগঠনে নৱৈ দশকত অবৈধভাৱে  শিক্ষক নিযুক্তি কেলেংকাৰী বিষয়ে  ব্যৱস্থা গ্ৰহণৰ পৰা চৰকাৰৰ চকু মুদা কুলি ভাও ধৰা কাৰ্যই শৈক্ষিক মহলক ক্ষোভৰ উদ্‌গীৰণ কৰি তুলিছে।প্ৰণিধানযোগ্য যে তথ্য জনাৰ অধিকাৰ আইন,২০০৫ ৰ জৰিয়তে ২০১৭ বৰ্ষতে অসম নৱ নিৰ্মাণ সেনাই উক্ত কেলেংকাৰী বিষয়ে পোহৰলৈ আনি দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱা চৰকাৰখনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰা পিছতো  সেই অবৈধভাৱে তথা ভুৱা চাৰ্টিফিকেট আৰু বয়সৰ জালিয়াতিৰে নিযুক্তি পোৱা একাংশ শিক্ষকক চৰকাৰখনৰ শিক্ষা বিভাগে শিক্ষকতাৰ  বঁটা দৰে পুৰষ্কৃত কৰিবলৈ  উঠি পৰি লগাত ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে।ইপিনে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতিয়ে আমগুৰি শিক্ষা খণ্ডৰ অধীনত ১৮ বছৰ তলত  অবৈধভাৱে তথা ভুৱা শিক্ষক হিচাপে নিযুক্তি লাভ কৰা বিৰুদ্ধে গৌৰীসাগৰ থানাত গোচৰ নম্বৰ ৭০/২০১৯ আৰু ধাৰা ১২০/B/৪২০/৪৬৫/৪৬৮/৪৭১ গোচৰ পঞ্জীয়নৰ ভিত্তিত উক্ত  শিক্ষাখণ্ডৰ অধীনৰ  অতুল চন্দ্ৰ নেওগ,প্ৰণতি ফুকন,হৰেন কুমাৰ দাস, লাৱণ্য দত্ত, অঞ্জনা দত্ত,প্ৰশান্ত  বড়া আৰু মন্দিৰা তামুলী কাকতিৰ শিক্ষকতাৰ চাকৰি সেৱাপুষ্টিকা (Service book) জব্দ কৰিছিল।তাৎপৰ্যপূৰ্ণ বিষয় যে দুৰ্নীতি,অনিয়ম আৰু ভ্ৰষ্টাচাৰ বিৰুদ্ধে মাত মাতি ৰাইজৰ আস্থা বুটলিবলৈ সক্ষম হোৱা চৰকাৰখনৰ দিনতে আৰক্ষীয়ে তদন্ত কৰি  উক্ত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ  সেৱাপুষ্টিকা  জব্দ কৰা পিছতো শিক্ষা বিভাগে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিৱৰ্তে  সেইসকল শিক্ষক-শিক্ষয়িত্ৰীক বেতন ভোগ কৰিবলৈ দিয়াতো চৰম দুৰ্ভাগ্যজনক বুলি সংগঠনটোৱে আখ্যা দিছে।  দুৰ্নীতি আৰু অনিয়ম নিৰ্মূলৰ প্ৰতিশ্ৰুতি দি দুবাৰকৈ ক্ষমতালৈ  অহা  বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত দুৰ্নীতি নিৰ্বাৰণ কাৰ্যকৰী ব্যৱস্থা হাতত লোৱা নাই।যি দুই-এটা দুৰ্নীতিৰ তদন্ত কৰিছে সেয়া কেৱল ৰাইজক দেখুৱাবৰ বাবেহে।চৰকাৰে যে দুৰ্নীতিৰ নিমুৰ্লৰ ফলপ্ৰসু ব্যৱস্থা লোৱা নাই,বৰং আওপকীয়াকৈ দুৰ্নীতি অনিয়মৰ প্ৰশ্ৰয়হে দিছে তাৰ স্পষ্ট ৰূপত প্ৰমাণ হ’ল নৱৈ দশকৰ অবিভক্ত শিৱসাগৰ জিলাৰ  নাজিৰা,ডিমৌ,আমগুৰি চৰাইদেউ আদিৰ শিক্ষা খণ্ডৰ অধীনত অসম নৱ-নিৰ্মান সেনাই তথ্য জনাৰ অধিকাৰ আইন,২০০৫ ৰ জড়িয়তে প্ৰায় ৪০০০ হাজোৰো অধিক অবৈধ শিক্ষক নিযুক্তিৰ কেলেংকাৰী পোহৰলৈ অনাত চৰকাৰখনৰ নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰাটো সন্দেহজনক ৰূপে বিবেচিত হৈছে।স্বচ্ছ আৰু নিকা প্ৰশাসনৰ প্ৰতিশ্ৰুতিয়ে তথা দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা কণ্ঠৰ আওৰাই থকা বিজেপি চৰকাৰৰ ৬ বছৰীয়া শাসনকালছোৱাত  এছ. আই,PNRD,প্ৰধানমন্ত্ৰী কৃষি সন্মান যোজনা আঁচনি,প্ৰধানমন্ত্ৰী আবাস যোজনা, আদি বিভাগত হোৱা কেলেংকাৰী জোকাৰি যোৱাৰ পিছত পুনৰ দুৰ্নীতিৰে নিমজ্জিত হোৱা  কংগ্ৰেছৰ শাসনৰ সময়ত বিয়াগোম শিক্ষা বিভাগত নৱৈ দশকত শিক্ষক নিযুক্তি কেলেংকাৰী বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিৱৰ্তে   দুৰ্নীতি আৰু স্বজন-তোষণ নীতিৰ জৰিয়তে আকৌ এবাৰ উদঙালে মিথ্যাচাৰী আৰু প্ৰৱঞ্চনা  স্বৰূপটো।সংগঠনটোৱে অভিযোগ কৰা মতে ২০১৭ বৰ্ষত শিক্ষক নিযুক্তি কেলেংকাৰী তথ্য সহকাৰে প্ৰতিবেদন জিলা প্ৰশাসন-আৰক্ষী আৰু শিক্ষা বিভাগত দাখিল কৰাৰ পিছতো দুৰ্নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মৌন ব্ৰত তথা ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰিছে।লগতে সংগঠনটোৱে শিক্ষা ব্যৱস্থাটো সংস্কাৰ সাধনৰ লগতে উঠি অহা নৱ প্ৰজন্মই যাতে যোগ্যতাৰ ভিত্তিত  শিক্ষক হিচাপে নিয়োগ লাভ কৰি শিক্ষাৰ মানদণ্ড উন্নত কৰি এখন সুস্থ  শৈক্ষিক পৰিবেশ গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ প্ৰশাসনিক কাৰ্যালয় আৰু শিক্ষা বিভাগৰ কাৰ্যালয়লৈকে দুৱাৰে দুৱাৰে শিক্ষক নিযুক্তি কেলেংকাৰী বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অহৰহ চেষ্টা চলাই আছে।তৎসত্ত্বেও গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব আৰোপ নকৰাটো আক্ষেপ প্ৰকাশ কৰি সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰে যে আমি পৰিৱৰ্তনৰ স্বাৰ্থত চৰকাৰ গঠন কৰিছিলো।ইপিনে সংগঠনটোৱে উল্লেখ কৰে যে অবৈধ শিক্ষক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অসম চৰকাৰৰ সঞ্চালকালয় তদাৰকী আৰু দুৰ্নীতি  নিৰ্বাৰক শাখা নামৰ তদন্তকাৰী সংস্থাত লিখিত যোগে তথ্যসহ পত্ৰ প্ৰেৰণ কৰা   পিছতে উক্ত পত্ৰ তদাৰকী সংস্থাটোৱে জিলা আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰা কথা সংগঠনটোক ২০২১ বৰ্ষত জানিবলৈ দিয়ে।সততে অসম আৰক্ষী সঞ্চালক প্ৰধানে স্মাৰ্ট পুলিছৰ জৰিয়তে ড্ৰাগ্‌ছ বিৰোধী অভিযান,গাড়ী চোৰ,চোৰাং গৰু সৰবৰাহ চক্ৰ বিৰুদ্ধে সফল অভিযানৰ জৰিয়তে বাতৰি শিৰোনামা দখল কৰি  শীৰ্ষত থকা অসম আৰক্ষীৰ গৃহ বিভাগ আৰু দুৰ্নীতি নিৰ্বাৰক সংস্থাৰ দ্বাৰা তৎকালীন তদন্ত কৰি উপযুক্ত বিহীত ব্যৱস্থা গ্ৰহণ কৰা পৰিৱৰ্তে থমকি ৰ’বলগীয়া তথা লেহেমহীয়া হোৱাটো সংগঠনটোৰ লগতে একাংশ সচেতন মহলৰ মাজত চৰ্চা বিষয় হৈ পৰিছে।