নৱ নিৰ্মিত দলংৰ বাবে হাহাকাৰ পৰিস্থিতি বৃহৎ নাজিৰা, গেলেকী সংযোগী হুদুপৰা এটা অঞ্চল , কেইবছৰ ধৰি যাতায়ত বাবে সুব্যৱস্থা কৰি নিদিলে ঠিকাদাৰে

30
নৱ নিৰ্মিত দলংৰ বাবে হাহাকাৰ পৰিস্থিতি বৃহৎ নাজিৰা, গেলেকী সংযোগী হুদুপৰা এটা অঞ্চল , কেইবছৰ ধৰি যাতায়ত বাবে সুব্যৱস্থা কৰি নিদিলে ঠিকাদাৰে
দুৰ্নীতিৰ দৰ্পণ সেৱা, নাজিৰা, নয়নমণি ফুকন : নিৰ্বাচন প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৃহৎ হুদুপৰা অঞ্চলৰ পৰিভ্ৰমণ কৰি এখন দলং নিৰ্মাণ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে। কথা দিয়া মতে কাম আৰম্ভ হল কিন্তু সম্পূৰ্ণ নহল আজিকোপতি। যাৰ পৰিপেক্ষিতত জীয়াতু ভুগিছে হুদুপৰা অঞ্চলবাসীয়ে। দলং নিৰ্মাণ পূৰ্বে গড়কাপ্তানি বিভাগে অস্হায়ী ভাবে যাতায়ত বাবে এখন সৰু দলং নিৰ্মাণ কৰি দিছিল যদিও বাৰিষা বাঢ়নি পানীয়ে দলংখন বিধস্ত কৰিলে। যাৰ ফলত বৃহৎ হুদুপৰা অঞ্চলৰ ৰাইজে যাতায়তৰ বাবে হাহাকাৰ কৰিব লাগিয়া হৈছে ।বিভিন্ন সময়ত উক্ত দলংখন দুৰ্ঘটনা সংঘটিত হৈছে যদিও বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো বিৱস্হা গ্ৰহণ নকৰাত ক্ষোভ উজাৰে স্থানীয় ৰাইজে।