পশ্চিম যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

14
পশ্চিম যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা
পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট,২৮জুলাই:পশ্চিম যোৰহাটৰ পুৰণিমাটি সত্ৰৰ সমীপত সংঘটিত হয় এক পথ দুৰ্ঘটনা। যাত্ৰীবাহী ৰখাই থোৱা AS03AC3836 নম্বৰৰ মেজিক এখনক খুন্দা মাৰে তীব্ৰবেগী যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী AS01HC9675 নম্বৰৰ এখন  ট্ৰাকে। যোৰহাটৰ পৰা একেদিশে আহি থকা অৱস্হাত সংঘটিত হয় এই দুৰ্ঘটনা। ট্ৰাকখনে খুন্দা মৰাৰ ফলত যাত্ৰীবাহী মেজিকখন বাগৰি পৰে এটি পুখুৰীত। যাত্ৰীবাহী মেজিকখনত ৭জন লোক আছিল।৭ জনক চিকিৎসাৰ বাবে   যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে ৩জনৰ অৱস্হা সংকটজনক। উল্লেখ্য যে  ঘটনা সংঘটিত কৰি দ্ৰুত বেগেৰে পলায়ন কৰা ট্ৰাকখনক পুলিবৰ আৰক্ষী থানাই পিছা লোৱাত দেৰগাঁও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।