পূব মাজুলী মহাবিদ্যালয়ত মূখ্যমন্ত্ৰীৰ বৃক্ষৰোপন কাৰ্যসূচী শুভাৰম্ভ

42
পূব মাজুলী মহাবিদ্যালয়ত মূখ্যমন্ত্ৰীৰ বৃক্ষৰোপন কাৰ্যসূচী শুভাৰম্ভ
দুৰ্নীতিৰ দৰ্পণ , উজনী মাজুলী , ১৯ জুলাই : মাজুলী জিলাৰ আগশাৰীৰ স্নাতক শিক্ষানুষ্ঠান পূব মাজুলী মহাবিদ্যালয়ত আজি ” মূখ্যমন্ত্ৰীৰ শিক্ষানুষ্ঠানত বৃক্ষ ৰোপন” কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । স্থানীয় পুৰোহিত যদু শৰ্মাই মংগল মন্ত্ৰ উচ্চাৰনৰ কৰাৰ পিছতেই অধ্যক্ষ দিপক বৰাই এটি বকুল ফুলৰ পুলি ৰোপন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে । উক্ত কাৰ্যসূচীত উপাধ্যক্ষ প্ৰশান্ত ভড়ালী, জ্যোষ্ঠ সহকাৰী অধ্যাপক বুধিন বৰা, যুগল হাজৰিকা, বিজু দত্ত, অঞ্জলী বৰা, শান্তনা তামুলী, গিৰিশ ওজা, দিজেন কুমাৰ শইকীয়া, সূৰ্য দলে, অমূল্য ভূঞা, গ্ৰন্থাগাৰিক ৰুবী গায়ন আৰু জ্যেষ্ঠ আৰু কনিষ্ঠ কাৰ্যালয় সহায়ক ক্ৰমে কৃষ্ণ বৰা আৰু অৰূপ দত্তই সহযোগিতা আগবঢ়াই একোটাকৈ গছফুলি ৰোপন কৰে । মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ামতে, শিক্ষানুষ্ঠানটিৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে চাৰিটাকৈ গছপুলি ৰোপন আৰু প্ৰতিপালনৰ দায়িত্ব গ্ৰহন কৰিছে আৰু মহাবিদ্যালয়ৰ চৌহদত পাঁচশ গছ পুলি ৰোপনৰ লক্ষ স্থিৰ কৰিছে ।