বছৰ বছৰ ধৰি স্তব্ধ মাকুম নগৰৰ উন্নয়ন

38
বছৰ বছৰ ধৰি স্তব্ধ মাকুম নগৰৰ উন্নয়ন
ৰাতুল ডেকা ,মাকুম , ২০ জুলাই: পোন্ধৰ বছৰে অভিযন্ত্ৰাৰ নিৰ্বিকাৰ ভূমিকাৰ বাবেই মাকুম নগৰৰ চৌদিশে কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে । মাকুম নগৰ সমিতিৰ পৰা মাকুম পৌৰসভা হ’ল অভিযন্ত্ৰা , তেতিয়াৰ পৰা বৰ্তমানলৈকে বছৰ বছৰ ধৰি একেজনেই ব্যক্তি । নাম তেঁওৰ বিকাশ বৰাইলী । দুৰ্নীতি মুক্ত শাসণৰ কথা কৈ অহা বিজেপি চৰকাৰৰ এইবাৰ দহজন সদস্যৰ ন জনকে মাকুমবাসী ৰাইজে নিৰ্বাচন কৰি মাকুম পৌৰসভা গঠণ কৰিলে যদিও ৰাইজৰ অভিযোগ আজিও মাকুম নগৰৰ কোনো উন্নয়ন নহ’ল । বৰঞ্চ প্ৰতিটো ৱাৰ্ডেই নেৰা-নেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ কৱলত । নতুন পৌৰ সভাক গতি দিবলৈ অভিযন্ত্ৰা জনৰ নাই কোনো আঁচনি । আজিও পৌৰসভাৰ গাতে লাগি থকা দহ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যাৰ ঘৰৰ পদুলিতে এজাক বৰষুণ দিলে হৈ পৰে এক আঠু পানী । মাকুম চহৰখনৰ সোভা বৰ্ধন , যান যটৰ সমস্যাৰ লগতে খোদ পৌৰ সভাতে চোৰৰ উপদ্ৰৱৰ পিছটো কোনো ধৰণৰ কাণসাৰ নাই পোন্ধৰ বছৰ চকী খামুচি থকা এই অভিযন্ত্ৰা জনৰ । উল্লেখযোগ্য যে , আজি কিছু দিন পূৰ্বে এই বিয়াগোম কাৰ্যালয়ত চিচি টিভি কেমেৰাৰ ব্যৱস্থা নথকাত চোৰে চলালে লুত-পাত । ৰাইজৰ অভিযোগ , মাকুম পৌৰসভাত এতিয়া উঠিৰজা বহিৰজা হৈ পৰা এই অভিযন্ত্ৰা জনৰ কাৰিকৰী কৌশলৰ অভাৱতে এনে ঘটনা সংঘটিত হৈছে । মাকুম পৌৰ সভাত বছৰ বছৰ ধৰি চাকৰি কৰি থাকি লক্ষ্য লক্ষ্য টকাৰ গৰাকী হোৱা এই অভিযন্ত্ৰা জনৰ গাত নালাগে মাকুমবাসী ৰাইজৰ দুখ দুৰ্দশাৰ কথা । উল্লেখযোগ্য যে , পৌৰসভা খনৰ পৰা এশ মিটাৰ দুৰত থকা মাকুমৰ আগশাৰীৰ গোপাল কৃষ্ণ বালিকা বিদ্যালয়ৰ চৌপাশ পৌৰসভাৰ কাৰিকৰী ভুলৰ বাবেই পানীৰে ওপচি পৰিছে । বিদ্যালয়খনৰ বহু মূল্যৱান গছ-গছনিৰ লগতে পানী যোগানৰ পাইপ , চাইকেল ষ্টেণ্ড আদি সকলো পানীত ডুব গৈছে । এই ক্ষেত্ৰত মাকুম পৌৰ সভাক বিদ্যালয় কতৃপক্ষই বাৰম্বাৰ অনুৰোধ কৰাৰ পিছটো অভিযন্ত্ৰা জনে আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিবলৈ দিছে । কৃত্ৰিম বানৰ বাবে চাৰি দিনকৈ বিদ্যালয় বন্ধ ৰাখিব লগা হোৱাত ছাত্ৰ ছাত্ৰীৰ লগত অভিভাৱক সকলো সমস্যাত পৰা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত তাৎক্ষনিক পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে ডিগবৈৰ বিধায়ক সুৰেন ফুকনক অনুৰোধ জনাইছে মাকুমৰ বিভিন্ন ৱাৰ্ডৰ জনতাই ।