বটদ্ৰৱাৰ দলংঘাটত মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

11
বটদ্ৰৱাৰ দলংঘাটত মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন
দুৰ্নীতিৰ দৰ্পণ সেৱা , আবুল হুছেইন , টুকটুকী , ১ আগষ্ট : বটদ্ৰৱা বাসীৰ বাবে আজি এটা আনন্দৰ দিন। নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ দলংঘাটত আজি আধাৰশিলা হয় মহিলা মহাবিদ্যালয়ৰ । এই আধাৰশিলা অনুষ্ঠান বন্তি প্ৰজ্বলন আৰু নাৰিকল ভাঙি শুভাৰম্ভণি কৰে বটদ্ৰৱাৰ বিধায়িকা শিৱামনি বৰাই । ২৪ কোটি ৩৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ হবলগীয়া মহিলা মহাবিদ্যালয়খনে সমষ্টিটোৰ মহিলা সবলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি বিধায়িকা গৰাকীয়ে প্ৰচাৰ মাধ্যমক জনায় । আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত গড়কাপ্তানি গৃহ নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্ত্রা নিকুঞ্জ মোহন গোস্বামীৰ সভাপতিত্বত হোৱা সভাত উপস্থিত থাকে অঞ্চলৰ দুই শতাধিক ৰাইজ ।