বনগাঁও শংকৰদেৱ শিশু নিকেতন স্বাধীনতাৰ অমৃত মহোৎসৱৰ ব্যতিক্ৰমী কাৰ্যসূচী , ১০০০ দৰিদ্ৰ পৰিয়ালত বিলাব বিনামূলীয়া ৰাষ্ট্ৰীয় পতাকা 

31
বনগাঁও শংকৰদেৱ শিশু নিকেতন স্বাধীনতাৰ অমৃত মহোৎসৱৰ ব্যতিক্ৰমী কাৰ্যসূচী , ১০০০ দৰিদ্ৰ পৰিয়ালত বিলাব বিনামূলীয়া ৰাষ্ট্ৰীয় পতাকা
দুৰ্নীতিৰ দৰ্পণ , উজনী মাজুলী , ৬ আগষ্টঃ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতনে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আজি গ্ৰহণ কৰে এক ব্যতিক্ৰমী কাৰ্যসূচী । স্বাধীনতাৰ অমৃত মহোত্সৱক সফল কৰি তুলিবৰ বাবে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী বাস্তৱ কৰি তুলিবৰ বিদ্যালয় খনে আজিৰে পৰা অৱ কৰিছে ১০০০ দৰিদ্ৰ পৰিয়ালত বিনামূলীয়া ৰাষ্ট্ৰীয় পতাকা বিতৰণ , জন সজাগতা সৃষ্টিৰ বাবে চাইকেল ৰেলী আৰু পৰিয়াল সম্পৰ্ক অভিযান । এই উপলক্ষে আজি বিদ্যালয় প্ৰাংগণত আয়োজন হয় এক উদ্বোধনী কাৰ্যসূচীৰ । বিদ্যালয়ৰ প্ৰধান আচাৰ্য সূৰ্য কুমাৰ ভূঞাই আঁত ধৰা অনুষ্ঠানত বিনামূলীয়া পতাকা বিতৰণ কাৰ্যসূচী উদ্বোধন কৰে মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গামে । বিধায়ক গৰাকীয়ে উপস্থিত কেইবাজনো দুখীয়া ব্যক্তিক এই বিনামূলীয়া পতাকা অনুষ্ঠানিক ভাবে প্ৰদান কৰি নিকেতন কৰ্তৃপক্ষই হাতত লোৱা ১০০০ পৰিয়ালত বিনামূলীয়া পতাকা বিতৰণ কাৰ্যসূচীক শলাগ লোৱাৰ লগতে এই কাৰ্যসূচী সফল কৰিবৰ বাবে তেখেতে পাঁচ শ পতাকা নিকেতন খনিক প্ৰদান কৰিব বুলি ঘোষণা কৰে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী কৌশল্যা বায়ন হাজৰিকাইও ৫০ খন পতাকা , মাতৃ ভাৰতীৰ সভানেত্ৰী বৰ্ণালী কলিতা বৰাই চাৰিখন পতাকা উপহাৰ হিচাপে আগবঢ়ায় । মাজুলী জিলা বিজেপিৰ উপ সভাপতি পাপু দত্ত , ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দীপক গোস্বামী , পৰিচালনা সমিতিৰ সভাপতি উপেন ভূঞা , সম্পাদক ভোগেশ্বৰ শইকীয়া , মাতৃ ভাৰতীৰ সভানেত্ৰী বৰ্ণালী কলিতা বৰা , সম্পাদিকা ৰুণু হাজৰিকাই অনুষ্ঠানতে উপস্থিত সকলক বিনামূলীয়া পতাকা অৰ্পণ কৰে । ইয়াৰ পাছতে বিদ্যালয় খনৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা জন সজাগতা চাইকেল ৰেলিৰ শুভাৰম্ভ কৰে বিধায়ক গৰাকীয়ে । ছাত্ৰ ছাত্ৰী সকলে পূব মাজুলীৰ এক বৃহৎ অঞ্চলত চাইকেল চলাই এই অমৃত মহোৎসৱৰ বাবে জন সজাগতা সৃষ্টি কৰাৰ লগতে বনগাঁও চাৰিআলিত এক পথ সভা অনুষ্ঠিত কৰে । পথ সভাত মুখ্য বক্তা হিচাপে বক্তব্য প্ৰদান কৰি দ্বাদশ শ্ৰেণীৰ ছাত্ৰী পঙ্খী হাজৰিকাই স্বাধীনতাৰ অমৃত মহোৎসৱক সঁচা অৰ্থত মহোৎসৱলৈ পৰিণত কৰিবলৈ নিকেতনৰ তৰফৰ পৰা আজিৰে পৰা বাৰ আগষ্টলৈকে বিনামূলীয়া পতাকা বিতৰণ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰাৰ লগতে উৎসৱৰ বতৰত এজনে আনজনক ভিন্ন উপহাৰ সামগ্ৰী প্ৰদানৰ দৰে এই মহোৎসৱ কার্যসূচীও ঘৰে ঘৰে পালন কৰিব পৰাকৈ সুধি সমাজে নিজৰ আপোন দুটা দুখীয়া পৰিয়ালক দুখন পতাকা উপহাৰ হিচাপে প্ৰদান কৰিবৰ বাবেও সকলোকে আহ্বান জনায় । কৃতি শিক্ষয়িত্ৰীৰ প্ৰশংসনীয় পদক্ষেপঃ বনগাঁও শঙ্কৰদেৱ শিশু নিকেতনে হাতত লোৱা দুখীয়া পৰিয়ালত বিনামূলীয়া পতাকা বিতৰণ কাৰ্যসূচীক অধিক সফল কৰি তোলাত সহায় কৰি শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী তথা জিলা কৃতি শিক্ষয়িত্ৰী কৌশল্যা বায়ন হাজৰিকাই সভাতে ৫০ খন পতাকা উপহাৰ হিচাপে আগবঢ়ায় । শিক্ষয়িত্ৰী গৰাকীৰ এনে উপহাৰ নিকেতন কৰ্তৃপক্ষই ধন্যবাদৰে গ্ৰহণ কৰাৰ লগতে সভাত উপস্থিত বিধায়ক গৰাকীয়ে শিক্ষয়িত্ৰী গৰাকীৰ এই কাৰ্যক প্ৰশংসা কৰে ।