বন্দিহানাত পত্নীক অমানুষিক নিৰ্যাতন স্বামী পৰিয়ালৰ , থানাত এজাহাৰ দাখিল

68
বন্দিহানাত পত্নীক অমানুষিক নিৰ্যাতন স্বামী পৰিয়ালৰ , থানাত এজাহাৰ দাখিল

দুৰ্নীতিৰ দৰ্পণ সেৱা , জৰুৱা-বন্দিহানা , ২০ জুলাই : দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত ডিমাতলা পয়েস্তীৰ চৰ গাঁৱত স্বামী পৰিয়ালৰ দ্বাৰা এগৰাকী বোৱাৰী নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত অভিযোগ মতে , প্ৰায় বাৰ বছৰমান পূৰ্বে উক্ত গাঁৱৰ নিবাসী ছোৰহাব আলীৰ পুত্ৰ খোৰছেদ আলীয়ে একে গাঁৱৰে আছেৰ উদ্দিনৰ জীয়ৰী আছিয়া খাতুনক ইছলাম ধৰ্মীয় বিধি মতে বিয়া পাতিছিল । কিন্তু বিয়াৰ কিছু দিন পাছৰে পৰাই পত্নীক যৌতুক বিচৰাৰ লগতে বিনা কাৰণতে তাইক শাৰীৰিক মানসিক অত্যাচাৰ চলাই আহিছে ।
                                 ইতিমধ্যে আছিয়াৰ কোলাত চাৰিটাকৈ সন্তানৰ জন্ম হয় । সন্তানৰ ভৱিষ্যত চাই আছিয়াই দীৰ্ঘ দিন ধৰি স্বামী পৰিয়ালৰ অত্যাচাৰ সহ্য কৰি আহিছে । প্ৰায় ডেৰ মাহমান পূৰ্বে স্বামী খোৰছেদ আলীয়ে আছিয়া খাতুনক নিশাৰ ভাগত অমানুষিক নিৰ্যাতন চলোৱাৰ লগতে বানৰ পানীত জুবুৰিয়ায় । সিদিনাই সূৰ্য উদয়ৰ পূৰ্বেই কোনো আহি পিতৃ গৃহত আশ্ৰয় লয় । ঘটনা সন্দৰ্ভত আছিয়া খাতুনে বন্দিহানা আৰক্ষী চকীত কালি এজাহাৰ দাখিল কৰাত আজি স্থানীয় আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্ত সম্পূৰ্ণ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত কেনে ব্যৱস্থা লয় , সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ’ব। লক্ষণীয় যে , নিৰ্দয় স্বভাৱৰ খোৰছেদ আলীয়ে আছিয়া খাতুনক পূৰ্বে এবাৰ উতলা দালিত পেলাই গুৰুতৰভাৱে জ্বলাই দিছিল । কেৱল পত্নীক মাৰপিট কৰি সীমাবদ্ধ নাথাকি পূৰ্বে শাহু আই আৰু শহুৰেককো মাৰপিট কৰিছিল । তালাকৰ ভয়ত চৰাঞ্চলত এনে বহু নাৰীয়ে চৰাঞ্চলত পুৰুষৰ অত্যাচাৰ সহ্য কৰিব লগা হৈছে ।