বাক্সাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চৌকীয়ে কঢ়িয়াইছে শান্তিৰ বতৰা

28
বাক্সাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চৌকীয়ে কঢ়িয়াইছে শান্তিৰ বতৰা
দুৰ্নীতিৰ দৰ্পণ, জিণ্টুমণি দাস, মুছলপুৰ, ২১ জুলাই: গৰমৰ দিন। আপুনি যাব বিচাৰিছে নেকি চিকিম, শ্বিলং, মানালী কিম্বা দাৰ্জিলিঙলৈ ? তাত যোৱাৰ সলনি আপুনি এপাক মাৰিব পাৰে বাক্সা জিলাত। বাক্সাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ চৌকীৰ মনোৰম প্ৰাকৃতিক দৃশ্যই কঢ়িয়াই আনিছে ৰাজ্যখনলৈ এক শান্তিৰ বতৰা। দৈনিক সহস্ৰাধিক লোকৰ সমাগম পৰিলক্ষিত হৈছে বাক্সাৰ চৌকীত।জ্ঞাত যে প্ৰতিগৰাকী মানুহেই সৌন্দৰ্য প্ৰয়াসী। সৌন্দৰ্যৰ প্ৰতি হাবিয়াস নথকা ব্যক্তি ক’তো নাই। ই প্ৰত্যেকৰে কাম্য । কাম্যকাননৰ এই ভাৰত-ভূটান সীমান্তত থকা বাক্সা বাসীক সেয়েহে প্ৰকৃতিয়ে স্বাৰ্থহীনতাৰে প্ৰদান কৰিছে এক আকৃত্ৰিম পৰিবেশ। যাক উপভোগ কৰোতাইহে উপলব্ধি কৰিব পাৰে। ভূটান পাহাৰৰ পৰা কুলু-কুলুকৈ বৈ অহা পৰিস্কাৰ পানীৰ যুৱলিত শিলৰ শৃংখলিত সাজ্জনে প্ৰকৃতিৰ সমস্ত সৌন্দৰ্য যেন ইয়াতেই প্ৰকাশ পাই উঠিছে সেয়া অনুভৱ হয়। আমি উল্লেখ কৰিব বিচাৰিছো বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত চৌকীৰ কথা ৷ চৌকীত এতিয়া প্ৰকৃতিৰ শীতল বুকুত কিছু সময় নিজকে বিলীন কৰি দিয়াৰ বাবে আগমন ঘটিছে সহস্ৰাধিক লোকৰ ৷ ভূটান পাহাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত কুলু-কুলু শব্দৰে ওলাই অহা পাগলাদিয়া নদীৰ বুকুত সহস্ৰজনে লৈছে শীতল পানীৰ সুবাস ৷  উল্লেখ্য যে এই চৌকী নামৰ ঠাইখন চাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰাও হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে প্ৰতি বছৰে।আপোনাৰ বাৰু মন নাযায় নে এই অকৃত্ৰিম সৌন্দৰ্য উপভোগ কৰিবলৈ? যদি মন যায় পলম কিয়? এবাৰ আহক আৰু মন জুৰ পেলাওক। প্ৰকৃতাৰ্থত এই অকৃত্ৰিম প্ৰাকৃতিক সৌন্দৰ্যই যেন শান্তিৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বাক্সা জিলাত ।