বাক্সাৰ মুছলপুৰত হৰ ঘৰ ত্ৰিৰংগাৰ আহ্বানেৰে চাইকেল ৰেলি 

23
বাক্সাৰ মুছলপুৰত হৰ ঘৰ ত্ৰিৰংগাৰ আহ্বানেৰে চাইকেল ৰেলি 
দুৰ্নীতিৰ দৰ্পণ, জিণ্টুমণি দাস, মুছলপুৰ, ৫ আগষ্ট : স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে আজি বাক্সা জিলাৰ মুছলপুৰত বাস্কা ৰাজহ চক্ৰৰ উদ্যোগত এক চাইকেল ৰেলি উলিওৱা হয়।এইবাৰৰ স্বাধীনতা দিৱসত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী পালনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে দেশৱাসীৰ প্ৰতি আহ্বান জনায়। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্যবাসীক হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই আজি বাক্সা জিলাৰ মুছলপুৰৰ দূৰ্গা মন্দিৰ প্ৰাংগনৰ পৰা ৰাতিপুৱা ৭ বজাত এক চাইকেল ৰেলি উলিওৱা হয়। বাস্কা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰ জ্যোতি বৰাই হৰ ঘৰ ত্ৰিৰংগা সম্পৰ্কে জনতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি চাইকেল ৰেলি উলিওৱা বুলি মন্তব্য কৰি সকলোকে নিজ নিজ ঘৰ, চৰকাৰী প্ৰতিষ্ঠান আদিত জাতীয় পতাকা উৰুৱাবলৈ আহ্বান জনায়। এই চাইকেল ৰেলিত বাস্কা ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া মনোজ কুমাৰ দলে, মুছলপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন সোনোৱাল , বিজেপিৰ বাক্সা জিলাৰ সাধাৰণ সম্পাদক ৰিদীপ কুমাৰ ডেকাকে ধৰি বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰে।