বানত ক্ষতিগ্ৰস্থ বাসগৃহৰ তালিকা পৰীক্ষণৰ বাবে ধুবুৰীত মন্ত্ৰী অশোক সিংঘাল , জিলা প্ৰশাসনৰ কামত সন্তুষ্টি প্ৰকাশ

40

বানত ক্ষতিগ্ৰস্থ বাসগৃহৰ তালিকা পৰীক্ষণৰ বাবে ধুবুৰীত মন্ত্ৰী অশোক সিংঘাল , জিলা প্ৰশাসনৰ কামত সন্তুষ্টি প্ৰকাশ

দুৰ্নীতিৰ দৰ্পণ , ছৈয়দুৰ ৰহমান , ধুবুৰী , ২৬ জুলাই : অসম চৰকাৰৰ জলসিঞ্চন , গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ধুবুৰীত শেহতীয়া বানত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱা আৰু ক্ষতিগ্ৰস্থ বাসগৃহ সন্দৰ্ভত জিলা প্ৰশাসনে প্ৰস্তুত কৰা তালিকাৰ যাদৃচ্ছিক পৰীক্ষণৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে ধুবুৰী জিলা ভ্ৰমণ কৰে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে , ধুবুৰীলৈ অহা মন্ত্ৰীগৰাকীয়ে কালি বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত বানত হোৱা ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰে ৷ আজি পুৱা তেওঁ বিলাসীপাৰা মহকুমাৰ যমৰদুৱাৰত আৰু তাৰ পিছত ধুবুৰী মহকুমাৰ আদাবাৰী অঞ্চলত বানত ক্ষতিগ্ৰস্থ গৃহ পৰিদৰ্শন কৰে ৷ দুপৰীয়া ১২ বজাৰ পৰা মন্ত্ৰী গৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বানত হোৱা ক্ষয়ক্ষতি সন্দৰ্ভত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷ এই বৈঠকতে ৰাজ্যিক পৰ্যায়ৰ পাঁচজনীয়া দল আৰু জিলা পৰ্যায়ৰ ৫০ জনীয়া দলে বানত ক্ষতিগ্ৰস্থ বাসগৃহ সন্দৰ্ভত ইতিপূৰ্বে প্ৰস্তুত কৰা তালিকাৰ পৰীক্ষণ কৰি লাভ কৰা তথ্য মন্ত্ৰীগৰাকীক দাখিল কৰে ৷ পৰীক্ষণৰ ফলাফলক লৈ মন্ত্ৰী গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে ৷ মন্ত্ৰী সিংঘালে আন বিভাগবোৰৰ ক্ষয় ক্ষতিৰ প্ৰতিবেদন শীঘ্ৰে ক্ষতিপূৰণৰ বাবে জমা দিবলৈ কয় ৷ বানৰ ক্ষয় ক্ষতিৰ পৰ্যালোচনা বৈঠকখনত ধুবুৰী জিলা উপায়ুক্ত আনবামুথান এম পি, জলসিঞ্চন বিভাগৰ সচিব পবিত্ৰ খাউণ্ড , বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিবানী , প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী , অতিৰিক্ত উপায়ুক্তদ্বয় নিত্য বিনোদ ৱাৰী আৰু মানস শইকীয়া প্ৰমুখ্যে চক্ৰ বিষয়াসকল , বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল , ধুবুৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়ববীয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷ বৈঠকৰ অন্তত সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে কয় , ‘দুদিনীয়া ভ্ৰমণকালত মই বান বিধ্বস্ত অঞ্চল ভ্ৰমণ কৰিলোঁ ৷ পৰীক্ষামূলক ভাৱে বানত বাসগৃহ ক্ষতিগ্ৰস্থ হোৱা লোকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে প্ৰস্তুত কৰা তালিকা চালো ৷ কাম ভাল হৈছে ৷ তাৰ বাবে জিলা উপায়ুক্ত আৰু তেওঁৰ সহযোগী বিষয়াসকলক ধন্যবাদ দিছোঁ ৷’ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘালে ধুবুৰী জিলাৰ ছয়খন পৌৰসভাৰ বিষয়ববীয়াৰ সৈতেও বৈঠকত মিলিত হয় ৷ এই সন্দৰ্ভত সাংবাদিকৰ আগত তেওঁ কয় , ‘ধুবুৰী আৰু আন পাঁচখন পৌৰসভাক আগুৱাই নিয়া সন্দৰ্ভত আলোচনা কৰিলোঁ ৷ আটাইকেইখন পৌৰসভাৰ বাবে মাষ্টাৰপ্লেন প্ৰস্তুত কৰাৰ বিষয়ে আলোচনা কৰা হৈছে ৷ জাবৰ নিষ্কাষন , পানীযোগান আঁচনি , ষ্ট্ৰীট লাইট সন্দৰ্ভতো আলোচনা হৈছে ৷ সোনকালে ভাল ফলাফল পাম ৷’