বাপুজী বালিকা বিদ্যালয়ত কেৰিয়াৰ, জীৱন শৈলী আৰু অভিনন্দন অনুষ্ঠান

33
বাপুজী বালিকা বিদ্যালয়ত কেৰিয়াৰ, জীৱন শৈলী আৰু অভিনন্দন অনুষ্ঠান
চৈয়দ মেহবুব দেৱান , দুৰ্নীতিৰ দৰ্পণ সেৱা , পশ্চিম দৰং , ৩০ জুলাইঃ পশ্চিম দৰঙৰ বিষ্ণুপুৰ স্থিত নাৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি কেৰিয়াৰ-জীৱন শৈলী সম্পৰ্কীয় এক দিনযোৰা কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মদন মোহন কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাষ্ট্ৰীয় বটাপ্ৰাপ্ত শিক্ষক শশাংক হাজৰিকাই আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকি কেৰিয়াৰ আৰু জীৱন শৈলী সম্পৰ্কে বক্তব্য আগবঢ়ায় । ষষ্ঠ শ্ৰেণীৰ পৰাই কেৰিয়াৰ সম্পৰ্কে জ্ঞান আহৰণ কৰি ইস্পিত লক্ষ্যত উপনীত হবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা উচিত বুলি বক্তা গৰাকীয়ে দোহাৰে । তেওঁ লগতে যোগাযোগ , সমস্যাৰ সমাধান , সময় ব্যৱস্থাপনা , গঠনমূলক চিন্তা , আবেগৰ নিয়ন্ত্ৰণ আদি শৈলী সমূহৰ বিষয়ে সদা সচেতন হৈ থাকি জীৱন যুঁজত আগবাঢ়ি এগৰাকী সুনাগৰিক হিচাপে গঢ়ি উঠিবলৈ ছাত্ৰী সকলক আহ্বান জনায় । এই সভাতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ গত বৰ্ষৰ প্ৰাক্তন সভাপতি দীনেশ্বৰ ৰাজবংশী,অৱসৰী শিক্ষক ৰমেশ কুমাৰ, অৱসৰী প্ৰধান শিক্ষক শাস্তিৰাম ডেকাও উপস্থিত থাকি ছাত্ৰী সকলৰ জ্ঞাতাৰ্থে বক্তব্য আগবঢ়ায়। এই সভাতে এই বিদ্যালয়ৰ পৰা এইবেলি প্ৰবেশিকা পৰীক্ষাত উৰ্তীন ৪৫ গৰাকী কৃতী ছাত্ৰীলৈ বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয় ।  বিদ্যালয়ৰ শিক্ষক হিৰণ্য কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটোত আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়ায় বিদ্যালয় প্ৰধান পলাশ চমুৱাই। সভাৰ মাজতে ছাত্ৰী সকলে  কেইবাটাও গীত আৰু নৃত্য পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।*