বিগত প্ৰায় তিনি দিনৰ পৰা অব্যাহত আছে শিৱসাগৰ পৌৰসভাৰ চাফাই কৰ্মীৰ প্ৰতিবাদ

16
বিগত প্ৰায় তিনি দিনৰ পৰা অব্যাহত আছে শিৱসাগৰ পৌৰসভাৰ চাফাই কৰ্মীৰ প্ৰতিবাদ
দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰ , ১ আগষ্ট : নৰক কুণ্ডত পৰিণত ঐতিহাসিক শিৱসাগৰ চহৰ , বিগত তিনিদিন ধৰি চাফাই কৰ্মীৰ প্ৰতিবাদত উত্তপ্ত শিৱসাগৰ জিলা । শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি চাফাই কৰ্মী সকলে ধৰ্মঘট কৰাৰ ফলতে এক অভাৱনীয় দোৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে শিৱসাগৰ চহৰখন । দৰমহা বৃদ্ধি কৰা আৰু চাকৰি স্থায়ীকৰন কৰাৰ দাবীত শণিবাৰৰ পৰা চাফাই কৰ্মীসকলে অব্যাহত ৰাখিছে ধৰ্মঘট । ফলত  চহৰৰ চৌ দিশে দ’ম বান্ধিছে জাবৰে । ইয়াৰ মাজতে সোমবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । চাফাই কৰ্মীসকলৰ দাবীৰ প্ৰতি পৌৰসভাৰ শীৰ্ষ নেতৃত্বই কোনো গুৰুত্ব নিদি উপলুঙাহে কৰা বুলি অভিযোগ তুলি সাব্যস্ত কৰে প্ৰতিবাদ । বছৰ বছৰ ধৰি চাফাই কাম কৰি অহাৰ পিছতো পৌৰসভাৰ বিষয়ববীয়া সকলে বৰ্তমান চাফাই কৰ্মী সকলৰ দাবীক কাণ-সাৰ নোহোৱাৰ লগতে দাবী মানি লোৱাৰ পৰিবৰ্তে কামৰ পৰাহে অব্যাহতি দিয়াৰ ভাবুকি দিয়া বুলি ক্ষোভ প্ৰকাশ কৰিছে চাফাই কৰ্মী সকলে । জিলা প্ৰশাসনিক বিষয়া , পৌৰনেত্ৰীৰ সন্মুখতে চাফাই কৰ্মীসকলে উজাৰে ক্ষোভ । ইপিনে , চাফাই কৰ্মী সকলৰ দাবী বৰ্তমান মানি ল’ব পৰা নহ’ব বুলি ইংগিত দিছে শিৱসাগৰ পৌৰ সভাই । এনে পৰিস্থিতিত কোনোপধ্যেই ধৰ্মঘট প্ৰত্যাহাৰ নকৰে বুলি স্পষ্ট কৰি দিছে চাফাই কৰ্মী সকলে । ফলত দুই ম’হৰ যুঁজত আবৰ্জনাৰ পাহাৰ সৃষ্টি হোৱাত দুৰ্ভোগ ভুগিছে চহৰবাসীয়ে ।