বিদ্যুৎ বিভাগত অস্থায়ী  কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰণৰ দাবীত চিলাপথাৰত সংবাদ মেল

39
বিদ্যুৎ বিভাগত অস্থায়ী  কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰণৰ দাবীত চিলাপথাৰত সংবাদ মেল
 বিকাশ শইকীয়া , চিলাপথাৰ , ১ আগষ্টঃ বছৰ বছৰ ধৰি অসমৰ বিভিন্ন ঠাইত অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰা অসম বিদ্যুৎ নিগমৰ কৰ্মচাৰী সকলে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ সংমণ্ডলৰ কৰ্মচাৰী সকলেও আজি চিলাপথাৰত এখন সংবাদ মেলৰ জৰিয়তে চৰকাৰক চাকৰি নিয়মীয়া কৰণৰ দাবী উত্থাপন কৰে । বিদ্যুৎ বিভাগত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ থকা কৰ্মীসকলৰ উমৈহতীয়া মঞ্চ আসাম ষ্টেট আউটচ’চ পাৱাৰ ৱ’কাচ ইউনিয়নৰ লখিমপুৰ বিদ্যুত চক্ৰ সমিতিয়ে চিলাপথাৰত আয়োজন কৰা এক সংবাদ মেল যোগে বিদ্যুৎ খণ্ডত নিয়োজিত হৈ থকা পাঁচ হাজাৰৰোধিক অস্থায়ী শ্ৰমিকক স্থায়ীকৰণৰ দাবী সৰব হৈ পৰে ৷ সংবাদ মেলত তেখেত সকলে কয় যে , অসমৰ ভিন্ন প্ৰান্তত পাঁচ হাজাৰতকৈ অধিক লোক বিগত কেইবাবছৰ ধৰি অস্থায়ী ভিত্তিত বিদ্যুৎ খণ্ডত নিয়োজিত থাকি লাখ লাখ গ্ৰাহকক সেৱা আগবঢ়াই আহিছে যদিও চৰকাৰে এই পৰ্যন্ত স্থায়ীকৰণৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি ক্ষোভ উজাৰে । অত্যাৱশ্যকীয় সেৱাৰ নামত এইসকল শ্ৰমিকে দিন-ৰাতি একাকাৰ কৰি গ্ৰাহকক সেৱা আগবঢ়াই অহাৰ পাছতো বিদ্যুৎ বিভাগ তথা অসম চৰকাৰে হাজাৰ হাজাৰ শ্ৰমিকৰ ভৱিষ্যৎ জীৱনৰ নিৰাপত্তালৈ লক্ষ্য ৰাখি স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ সংবাদমেলযোগে চৰকাৰৰ প্ৰতি দাবী জনায় । লোকচানৰ সন্মুখীন হোৱা বিদ্যুৎ বিভাগটোক অস্থায়ী কৰ্মচাৰী সকলে কৰ সংগ্ৰহৰ পৰা বিদ্যুৎ সেৱা চোৱা চিতা কৰি বহু কৰ্মচাৰী বিদ্যুত সেৱাৰ কাম কৰোঁতে পংগু অথবা মৃত্যুৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতি সৃষ্টি হৈছে । পূৰ্বৰ শক্তি মন্ত্ৰী বিমল বৰাই লাভৰ ঘৰ দেখিলে চাকৰি নিয়মীয়া কৰণ কৰিব বুলি কথা দিছিল যদিও পৰৱৰ্তী সময়ত কোনো গুৰুত্ব প্ৰদান নকৰা বুলি ক্ষোভ প্ৰকাশ কৰে । অতি শীঘ্ৰে স্থায়ী নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ইউনিয়নে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি নেতৃবৃন্দই আজিৰ সংবাদ মেলত সদৰী কৰে ।