বিন্নাকান্দি উন্নয়ন খণ্ডৰ সূতাৰগাঁৱত মডেল ভিলেজৰ কামত ব্যাপক লুণ্ঠনৰাজ , অংগনৱাদী কেন্দ্ৰৰ ৰং সানি এক লাখ লুট, পিএমৱাই সদৃশ ঘৰৰ নামত দহ লাখ

    46
    বিন্নাকান্দি উন্নয়ন খণ্ডৰ সূতাৰগাঁৱত মডেল ভিলেজৰ কামত ব্যাপক লুণ্ঠনৰাজ , অংগনৱাদী কেন্দ্ৰৰ ৰং সানি এক লাখ লুট, পিএমৱাই সদৃশ ঘৰৰ নামত দহ লাখ
    জমিৰ উদ্দিন তালুকদাৰ, ডবকা ১৪ জুলাইঃ দিছপুৰৰ মছনদত আসীন হৈ থকা চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিলেও একাংশ বিষয়াই কেৰেপ নকৰে চৰকাৰৰ এনে নীতিক ৷ শেহতীয়াকৈ হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডত ব্যাপক লুণ্ঠনৰাজৰ অভিযোগ উত্থাপন হৈছে ৷ উন্নয়ন খণ্ডটোত পঞ্চায়ত প্ৰতিনিধিৰ উপৰিও একাংশ দালালে এনৰেগা আঁচনিৰ কাম কৰি থকাৰ লগতে অসম আদৰ্শ গ্ৰাম যোজনাৰ নামত আবন্টিত ধনত ব্যাপক লুণ্ঠনৰাজ চলাৰ অভিযোগ পোহৰলৈ আহিছে ৷ অভিযোগ মতে, বিন্নাকান্দিৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত সূতাৰগাঁও পঞ্চায়তক মডেল ভিলেজ ৰূপে ঘোষণা কৰি ২০১৮-‘১৯ বিত্তীয় বৰ্ষত অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত কেবাটাও আঁচনি ৰূপায়নৰ বাবে ৫০ লাখ টকা আবন্টন দিয়া হয় ৷ এই ধনেৰে পঞ্চায়তখনৰ ৰাস্তাঘাট, অংগনৱাদী কেন্দ্ৰ মেৰামতি, বৈদ্যুতিকৰণ, বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণ, উপ স্বাস্থ্য কেন্দ্ৰৰ বাবে গৃহ নিৰ্মাণ আদিৰ নামত ৫০ লাখ টকা আবন্টন দিয়া হয় ৷ এই ধনৰাশী ব্যয় কৰাৰ বাবে এখন নিৰ্মাণ সমিতিও গঠন কৰি দিয়া হয় ৷ নিৰ্মাণ সমিতিত আছে বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালী শৰ্মা চক্ৰৱৰ্তী ৷ ইতিমধ্যে এই আঁচনিৰ বাবে আবন্টিত ধনৰ ৩০ শতাংশ ধন মোকোলায়ো দিয়া হৈছে ৷ কিন্তু কামৰ নমুনা দেখিলে আপোনাৰ চকু কঁপালত উঠিব ৷ মডেল ভিলেজৰ আঁচনিৰ বাবে কেবাটাও অংগনৱাদী কেন্দ্ৰৰ ৰং সনাৰ নামত ১ লাখ টকাকৈ আবন্টন দিয়া হৈছে ৷ ৯৬ নং মিকিৰআটি অংগনৱাদী কেন্দ্ৰৰ মেৰামতিৰ নামত ৫ লাখ টকা ব্যয় কৰা হয় ৷ মিকিৰআটি এলপি স্কুলৰ মেৰামতিৰ নামত ৫ লাখ ৫৬ হাজাৰ টকা, হাবিগাঁও এলপি স্কুলত অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ নামত ৬ লাখ ৫৫ হাজাৰ টকা, মিকিৰআটি হাঁওগাঁও আদৰ্শ এম ই স্কুলৰ মেৰামতিৰ নামত ৩ লাখ ২৭ হাজাৰ টকা, এখনকৈ উপ স্বাস্থ্য কেন্দ্ৰৰ গৃহ নিৰ্মাণ আৰু বাউণ্ডাৰী ৱালৰ বাবে দহ লাখ টকা আবন্টন দিয়া হয় ৷ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ দৰে এটি ঘৰ সাজি দহ লাখকৈ টকা আবন্টন দিয়াত স্থানীয় ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে ৷ একেদৰে চিচি ব্লকৰ এটা পথৰ নামত চাৰি লাখ টকা আবন্টন দিয়া হৈছে ৷ অতি নিম্নমানৰ কাম কৰিয়েই চাৰি লাখ টকাৰ হৰলুকীৰ ফন্দি পাতিছে নিৰ্মাণ সমিতিয়ে ৷ মুঠতে অসম আদৰ্শ গ্ৰাম যোজনাৰ নামত সূতাৰগাঁও পঞ্চায়তত ১৬ টাকৈ আঁচনি ৰূপায়ন কৰি থকা হৈছে ৷ এই আঁচনিৰ কাম তদাৰকীৰ বাবে কিছুদিন পূৰ্বে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এগৰাকী যুটীয়া সচিবে পৰিদৰ্শন কৰে ৷ পৰিদৰ্শনৰ সময়তে বিষয়া গৰাকীৰ সন্মুখত স্থানীয় ৰাইজে নিজৰ অসন্তুষ্টি ব্যক্ত কৰে যদিও বিষয়াগৰাকীয়ে ‘যি হ’ল, হ’ল’ বুলিয়েই ৰাইজক বুজাব বিচৰাত এক উত্তেজনাময় পৰিৱেশৰো সৃষ্টি হয় ৷ স্থানীয় ৰাইজে অসম আদৰ্শ গ্ৰাম যোজনাৰ কামত ব্যাপক লুণ্ঠনৰাজ চলাৰ অভিযোগ উত্থাপন কৰিছে ৷ বিন্নাকান্দি উন্নয়ন খণ্ডৰ বিডিঅ’ই নিজৰ পছন্দৰ মানুহ লৈ প্ৰতিটো আঁচনিতে ব্যাপক দুৰ্নীতি সংঘটিত কৰি ধন সৰকোৱাৰ অভিযোগ উঠিছে ৷ মুঠতে নিৰপেক্ষ তদন্তই বহুতৰ মুখা খুলিব ৷ হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে এই আঁচনিৰ প্ৰতি দৃষ্টি দিবনে ? তদন্ত হবনে বিন্নাকান্দিত চলি থকা আদৰ্শ গ্ৰাম যোজনাৰ আঁচনিত ?