বিশ্বনাথৰ গোপ সাধাৰুত “আটুৱা” প্ৰাথমিক গোট গঠনৰ সভা সম্পন্ন 

31
বিশ্বনাথৰ গোপ সাধাৰুত “আটুৱা” প্ৰাথমিক গোট গঠনৰ সভা সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ সেৱা , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২৬ জুলাই ঃ অসম চাহ জনজাতি মহিলা বিশ্বনাথ শাখা সমিতিৰ উদ্যোগত “আটুৱা” সাধাৰু প্ৰাথমিক গোট গঠনৰ উদ্দেশ্যে আজি গোপ সাধাৰু প্ৰাথমিক বিদ্যালয়ত প্ৰতিনিধিত্বমূলক সভা এখন অনুষ্ঠিত কৰা হয় । “আটুৱা” বিশ্বনাথ শাখা সমিতিৰ সভানেত্ৰী অনিমা গোৱালাৰ সভাপতিত্বত আৰু সম্পাদিকা মমী সিং তাঁতীয়ে আত ধৰা সভাত সংগঠনটিৰ সাংগঠনিক দিশ , শৈক্ষিক , আৰ্থসামাজিক তথা মহিলা সবলীকৰণৰ ওপৰত আলোচনা কৰাৰ অন্ততঃ ৰানী গোৱালাক সভানেত্ৰী আৰু মিনু ঘাটোৱাৰক সম্পাদিকা হিচাপে লৈ ২৫ জনীয়া আটুৱা সাধাৰু প্ৰাথমিক গোটটিও গঠন কৰি সাংগঠনিক দায়িত্ব অৰ্পণ কৰা হয় ৷ সভাত আটছাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঐবন তাঁতী, বিশ্বনাথ শাখা  আটছাৰ উপ-সভাপতি জিতেন তাঁতী , আটুৱা বিশ্বনাথ জিলা সমিতিৰ সাংগঠনিক সম্পাদিকা অনিমা সোনাৰী ,  সাংগাঠনিক সম্পাদিকা দ্বিপশিখা কুৰ্মী উপস্থিত থাকে।