বড়ো থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা প্ৰযোজক হিচাপে পাম্পুলী গয়াৰী এক ইতিহাস হৈ ৰ’ব” , বড়ো ভ্ৰাম্যমাণ থিয়েটাৰ জগতত ‘থিয়েটাৰ আইৰাখি’ৰ আত্মপ্ৰকাশ

42
বড়ো থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা প্ৰযোজক হিচাপে পাম্পুলী গয়াৰী এক ইতিহাস হৈ ৰ’ব” , বড়ো ভ্ৰাম্যমাণ থিয়েটাৰ জগতত ‘থিয়েটাৰ আইৰাখি’ৰ আত্মপ্ৰকাশ
✍️সঞ্জীৱ সাগৰ দাস
ফোনঃ ৮৭২১৯৫৭৫১৭
বড়ো ভ্ৰাম্যমাণ থিয়েটাৰ জগতত নতুনকৈ আত্মপ্ৰকাশ কৰিলে ‘থিয়েটাৰ আইৰাখিয়ে’। যোৱা ২০ জুলাইত শালবাৰী সমষ্টিৰ ৰূপহীৰ ঘোঁৰামাৰাত পোণপ্ৰথমবাৰৰ বাবে বড়ো ভাষাৰ মহিলা প্ৰযোজক পাম্পুলী গয়াৰীৰ দ্বাৰা প্ৰযোজিত ‘থিয়েটাৰ আইৰাখি’ৰ আখৰা শিবিৰৰ শুভ উদ্বোধন হয়। আখৰা শিবিৰ উদ্বোধন কৰে বিটিআৰৰ শালবাৰী সমষ্টিৰ টিচিএলচিচি অধ্যক্ষ বিনোদ মুছাহাৰীয়ে। উদ্বোধন কৰি মুছাহাৰীয়ে তেওঁৰ ভাষণত কয়- “বড়ো সংস্কৃতি, বড়ো ভাষা, সাহিত্যৰ লগতে বড়ো ভ্ৰাম্যমাণ থিয়েটাৰে সাংস্কৃতিক ক্ষেত্ৰখনত অগ্ৰগতি লাভ কৰিছে । বড়ো সংস্কৃতি, ভাষা, সাহিত্যৰ লগতে বড়ো ভ্ৰাম্যমাণ থিয়েটাৰক আগুৱাই নি চিৰস্থায়ী ৰূপত জীয়াই ৰাখিবলৈ সকলো ৰাইজ, চৰকাৰ আৰু শিল্পী সমাজে ঐক্যবদ্ধভাৱে আগুৱাই নিব লাগিব । বড়ো থিয়েটাৰৰ প্ৰথমগৰাকী মহিলা প্ৰযোজক পাম্পুলী গয়াৰী আৰু থিয়েটাৰ আইৰাখি এক ইতিহাস হৈ ৰ’ব “।
উল্লেখ্য যে, বড়ো কথাছবি আৰু ভ্ৰাম্যমাণ নাট্যজগতৰ মোহোময়ী অভিনেত্ৰী পাম্পুলী গয়াৰীয়ে প্ৰযোজনা কৰা ‘থিয়েটাৰ আইৰাখি’ নামৰ বড়ো ভাষাৰ ভ্ৰাম্যমাণ নাট্যদলটোৰ সম্পাদকৰ দায়িত্বত আছে নৰেশ্বৰ খেৰকটাৰীয়ে। উদ্বোধনী সভাত নাট্যদলটোৱে চলিত নাট্যবৰ্ষত মঞ্চস্থ কৰিবলগীয়া তিনিখন নাটৰ পাণ্ডুলিপিয়ো উন্মোচন কৰে। উদ্বোধনী সভাত বড়ো সাহিত্য কছাৰী স্বায়ত্ব শাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য মহিপাল বড়ো, শালবাৰী মহকুমা জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ বিউটী বসুমতাৰী, জ্যেষ্ঠ সাংবাদিক নাট্যশিল্পী ৰাজীৱ তালুকদাৰ, সুদক্ষ তবলাবাদক লাচিত স্বৰ্গীয়াৰীয়ে বিশিষ্ট অতিথিৰূপে বক্তৃতা প্ৰদান কৰাৰ লগতে ইউ পি পি এল নেতা সুৰেশ সৰকাৰ, চক্ৰধৰ বসুমতাৰী, অকণ দৈমাৰী, খনীন স্বৰ্গীয়াৰী, নাট্যকাৰ- পৰিচালক জয়কান্ত বসুমতাৰী, প্ৰবীণ অভিনেতা দাৰেন দুৰ্গা বড়ো, ধনীৰাম স্বৰ্গীয়াৰী, প্ৰবীন অভিনেত্ৰী ছাতিমায়া গয়াৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে নিমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, চলিত ২০২২-২৩ বৰ্ষত ‘থিয়েটাৰ আইৰাখি’য়ে নাট্যকাৰ নৰেশ্বৰ খেৰকটাৰীৰ ৰঁচিত ‘দাহা’ (নিৰাশা), পাম্পুলী গয়াৰীৰ ৰঁচিত ‘ফাখন’ (চাকনৈয়া) আৰু জয়কান্ত ৰামছিয়াৰী ৰঁচিত ‘হাথোফ্লা জৌংব্লাওনাই’ (অগ্নিশিখাৰ  ছাই) মঞ্চস্থ কৰিব। নাটসমূহ পৰিচালনা কৰিব নৰেশ্বৰ খেৰকটাৰী আৰু জয়কান্ত ৰামছিয়াৰীয়ে। সংগীত পৰিচালনা কৰিব দেৱ বসুমতাৰীয়ে, নৃত্য পৰিচালনা কৰিব অক্ষয় খাখলাৰীয়ে আৰু পোহৰৰ দায়িত্বত থাকিব কেশৱ কলিতা। নাটসমূহত অভিনয় কৰিব ক্ৰমেঃ পাম্পুলী গয়াৰী, নিৰিবিলি ৰামছিয়াৰী, জৌংমা বসুমতাৰী, মাইকেল বড়ো, সোনেশ্বৰ বড়ো, নৃপেন কছাৰী, ৰুগুনী বড়ো, শুকু বড়ো, অক্ষয় বড়ো, ধনজিৎ বসুমতাৰী, সৌমাইনা বসুমতাৰী, সানথুলি গয়াৰী, মিঠিংগা ব্ৰহ্ম, জৌংসাৰ বড়োকে ধৰি প্ৰায় ত্ৰিশগৰাকী অভিনেতা-অভিনেত্ৰীয়ে। আন এক উল্লেখ্য যে, তিনিখন নাটৰ লগতে তিনিখন গীতি নৃত্য-নাটিকাও মঞ্চস্থ কৰিব ‘থিয়েটাৰ আইৰাখি’য়ে।