বৰপেটাৰ শিক্ষা বিষয়া লীলাধৰ দাসক শিক্ষা ৰত্ন বঁটা প্ৰদান

18
বৰপেটাৰ শিক্ষা বিষয়া লীলাধৰ দাসক শিক্ষা ৰত্ন বঁটা প্ৰদান
দুৰ্নীতিৰ দৰ্পণ সেৱা , উত্তৰ বৰপেটা , ১ আগষ্ট : অসমৰ অন্যতম সামাজিক, সাংস্কৃতিক আৰু সাংবাদিক সংস্থা ” বিহগী মিডিয়া গ্ৰুপ অসম”ৰ তৰফৰ পৰা দেওবাৰে নলবাৰী জিলাৰ পূৱ বৰক্ষেত্ৰী আদাবাৰী ছোৱালী হাইস্কুল খেলপথাৰত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত সত্ৰ নগৰী বৰপেটাৰ শিক্ষা বিষয়া লীলাধৰ দাসক “শিক্ষা ৰত্ন” বঁটা প্ৰদান কৰা হয় । বঁটা প্ৰাপক শিক্ষা বিষয়া লীলাধৰ দাসে বঁটাটো গ্ৰহণ কৰি উদ্যোক্তাসকলক কৃতজ্ঞতা জনায় । এই অনুষ্ঠানতে অসমৰ বিচক্ষণ ৰাজনীতিবিদ প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনলৈ মৰণোত্তৰভাৱে ৰামধেনু বঁটা, বিশিষ্ট সাহিত্যিক চিন্তাবিদ ড° দিনেশ বৈশ্যলৈ জীৱন জোৰা সাধনা বঁটা, কন্ঠ শিল্পী কুমাৰ ভৱেশক সংগীত ৰত্ন বঁটা প্ৰদান কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা কেবাগৰাকী ব্যক্তিলৈও বঁটা আগবঢ়োৱা হয় । এই ক্ষেত্ৰত বিহগী মিডিয়া গ্ৰুপ অসমৰ তৰফৰ পৰা পূৰ্বতে এক সংবাদ মেল যোগে জানিবলৈ দিছিল যে, ৰাজনৈতিক, অনুগত, পেছাদাৰী, ঈৰ্ষা, স্বজনপ্ৰীতি, তোষামোদ আদি অনেক কাৰণত এচাম যোগ্য আৰু প্ৰতিভাৱান ব্যাক্তিয়ে যুগ- যুগ ধৰি প্ৰাপ্য সন্মান আৰু স্বীকৃতিৰ পৰা বঞ্চিত হৈ আহিছে । এই সকল ব্যাক্তিক সচেতন ৰাইজ, অভিজ্ঞ নাট্যকাৰ- সমালোচক, বিশিষ্ট চিন্তাবিদ, সাংবাদিক আদিৰে গঠিত নিৰ্বাচক মণ্ডলীৰ নিৰ্বাচন মৰ্মে এই বঁটা সমূহ প্ৰদান কৰা হয় । উল্লেখযোগ্য যে, বৰপেটাৰ গলিয়াহাটী নিৱাসী শিক্ষা বিষয়া লীলাধৰ দাসে ”শিক্ষা ৰত্ন” বঁটা লাভ কৰি সত্ৰ নগৰী বৰপেটালৈ গৌৰৱ কঢ়িয়াই অনা বাবে বৰপেটাৰ সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে ।