বৰপেটা জিলাৰ বিদায়ী উপায়ুক্ত তেজ প্ৰসাদ ভুষালক বিদায় সম্ভাষণ , নৱ নিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গক আদৰণি

46

বৰপেটা জিলাৰ বিদায়ী উপায়ুক্ত তেজ প্ৰসাদ ভুষালক বিদায় সম্ভাষণ , নৱ নিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গক আদৰণি

দুৰ্নীতিৰ দৰ্পণ সেৱা , বৰপেটা , ১৮ জুলাইঃ বৰপেটা জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি বৰপেটা জিলা উপায়ুক্ত কাৰ্য্যালয় পৰিয়াল বৰ্গ‌ই সদ্য বিদায়ী উপায়ুক্ত তেজ প্ৰসাদ ভুষালক বিদায় জনোৱাৰ লগতে নৱ নিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গক আদৰণি জনাই এখনি চমু সভা অনুষ্ঠিত কৰে ।

 

কাৰ্যালয় সহায়ক সুনীল নাথে আঁত ধৰা আৰু ৰাজহ চিৰস্তাদাৰ তপোধন দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অতিৰিক্ত উপায়ুক্ত ক্ৰমে খনীন দাস , লখিমী দত্ত আৰু উপায়ুক্ত কাৰ্যালয়ৰ কেইবাগৰাকীও কৰ্মচাৰীয়ে সদ্য বিদায়ী উপায়ুক্ত তেজ প্ৰসাদ ভুষালৰ কাৰ্য্যকালৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে । লগতে ভুষালৰ অনাগত দিনবোৰৰ মঙ্গলময় যাত্ৰা আন্তৰিকতাৰে কামনা কৰে । ইয়াৰোপৰি নৱ নিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গক স্বাগতম জনায় । উপায়ুক্ত গাৰ্গৰ অভিভাৱকত্বত জিলাখনে এক সঠিক দিশত অগ্ৰসৰ হ’ব বুলি মনে-প্ৰাণে কামনা কৰে । এই ক্ষেত্ৰত উপায়ুক্ত কাৰ্য্যালয়ৰ সমুহ পৰিয়ালে তেখেতক সম্পূৰ্ণ সহযোগিতা আগবঢ়াৱ বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নৱজিৎ ওজা , অতিৰিক্ত উপায়ুক্ত গীতাশ্ৰী লাচিত , সহকাৰী আয়ুক্ত নিমাশ্ৰী দাউকা , জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰকল্প বিষয়া নন্দিতা দত্ত সহ ভালেমান বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷