বৰভাগৰ উত্তৰকুছিত বান সাহাৰ্য অনিময় হোৱাৰ অভিযোগত প্ৰতিবাদী কাৰ্যসুচী , গাও সভাৰ সদস্যা গীতাঞ্জলী কলিতাৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

    28
    বৰভাগৰ উত্তৰকুছিত বান সাহাৰ্য অনিময় হোৱাৰ অভিযোগত প্ৰতিবাদী কাৰ্যসুচী , গাও সভাৰ সদস্যা গীতাঞ্জলী কলিতাৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ
    দুৰ্নীতিৰ দৰ্পণ , বাহাৰঘাট , ১৪ জুলাইঃ নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বানে বিধস্ত কৰা উত্তৰকুছিত বান সাহাৰ্য অনিময় হোৱাৰ অভিযোগত প্ৰতিবাদী কাৰ্যসুচী অনুষ্ঠিত কৰা হয়।উল্লেখনীয় যে উত্তৰকুছিৰ বানপীড়িত ৰাইজৰ বানপানীত শিৱিৰত থকা লোকৰ তালিকা প্ৰস্তূত কৰাত গাওঁ সভাৰ সদস্যা গীতাঞ্জলী  কলিতাই অনিয়ম কৰা বুলি বানপীড়িত ৰাইজে অভিযোগ তুলি সানেকুছি পঞ্চায়তৰ কাৰ্য্যলয়ৰ লগতে গাওসভাৰ সদস্যা গৰাকীৰ ঘৰৰ সন্মুখত বিভিন্ন শ্লোগান দি প্ৰতিবাদী কাৰ্যসুচী ৰুপায়ন কৰে।বানপীড়িত লোকসকলে অভিযোগ কৰা মতে সদস্যা গৰাকীকে বানপানীত শিবিৰত থকা লোকৰ পৰিবৰ্তে শিবিৰত নথকা আৰু নিজৰ অঙহি বঙহি লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰি চৰকাৰী সাহায্য লুণ্ঠণ কৰাত প্ৰকৃত হিতাধিকাৰী বঞ্ছিত হৈছে।চৰকাৰে উচিত তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীক চৰকাৰী সাহায্য প্ৰদান কৰাৰ লগতে চৰকাৰী সাহাৰ্যত দুৰ্নীতি কৰা সদস্যা গৰাকীৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহন কৰিবলৈ বঞ্চিত লোকসকলে চৰকাৰৰ ওচৰত দাবী জনাইছে।