ভবেশ কলিতা বিৰোধী মুক্ত সমষ্টিলৈ পৰিণত হোৱাৰ দিশে ৰঙিয়া , পুনৰ যোগদান ১৮০ গৰাকী যুৱ নেতা কৰ্মীৰ

27
ভবেশ কলিতা বিৰোধী মুক্ত সমষ্টিলৈ পৰিণত হোৱাৰ দিশে ৰঙিয়া , পুনৰ যোগদান ১৮০ গৰাকী যুৱ নেতা কৰ্মীৰ
ষ্টাফ ৰিপ’ৰ্টাৰ , ৰঙিয়া , ১ আগষ্টঃ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত ভাৰতীয় জনতা পাৰ্টি , ৰঙিয়া ব্লক মণ্ডল আৰু নগৰ মণ্ডলৰ উদ্যোগত দেওবাৰে এক বৃহৎ যোগদান কার্যসূচী অনুষ্ঠিত কৰা হয় । উক্ত যোগদান কার্যসূচীত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাক্তন যুৱনেতা পংকজ ডেকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা পৰেশ নাথৰ নেতৃত্বত কংগ্ৰেছ , চি পি আই এম দলৰ লগতে  সদৌ অসম ছাত্ৰ সন্থাৰ মুঠ ১৮০ ৰো অধিক ছাত্ৰ কৰ্মী তথা কংগ্ৰেছ আৰু অন্যান্য দলৰ নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ সৰ্বাঙ্গীন তথা বিৰামহীন প্ৰগতি আৰু উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিক ভাৱে যোগদান কৰে । সকলোকে দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই । ইয়াৰোপৰি বিজেপি দলত যোগদান কৰা সকলোকে দলৰ নীতি আদৰ্শক সৰোগত কৰি ত্যাগ আৰু সমৰ্পনৰ মনোভাৱেৰে দেশৰ বাবে সেৱা আগবঢ়াবলৈ আহ্বান জনায় । এই বৃহৎ যোগদান কার্যসূচীত উত্তৰ কামৰূপ জিলাৰ মাননীয় সভাপতি শ্ৰী সুৱল পাল , ৰঙিয়া ব্লক মণ্ডলৰ সভাপতি দ্বীপেন শইকীয়া , ৰঙিয়া নগৰ মণ্ডলৰ সভানেত্ৰী দীপ্তি লহকৰ , ৰঙিয়া পৌৰ সভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ , পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা , ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দীনেশ মহন্তৰ লগতে দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে । উল্লেখযোগ্য যে , কিছুদিন পূৰ্বেও অনুৰূপ ধৰণে কংগ্ৰেছ অধ্যুষিত আৰিমত্ত পঞ্চায়তৰ সভাপতিসহ প্ৰায় তিনি শতাধিক নেতাকৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল । আজিৰ এই যোগদান কাৰ্যসূচীৰ পাছতেই ধাৰণা কৰা হৈছে ৰঙিয়া সমষ্টি ভবেশ কলিতাৰ নেতৃত্বত প্ৰায় বিৰোধীশূন্য সমষ্টিলৈ ৰূপান্তৰিত হোৱাৰ দিশে ।