ভাৰতীয় পাঁচ টকীয়া ডাক টিকটত সন্নিৱিষ্ট হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয় , ডাঃ অমৰজ্যোতি ডেকাৰ প্ৰচেষ্টাক শলাগ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

25
ভাৰতীয় পাঁচ টকীয়া ডাক টিকটত সন্নিৱিষ্ট হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয় , ডাঃ অমৰজ্যোতি ডেকাৰ প্ৰচেষ্টাক শলাগ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ , ভাৰতীয় ডাক টিকটত বঘৰা ৰাজ্যিক চিকিৎসালয়ে স্থান পাবলৈ সক্ষম হোৱাত জীৱন সাৰ্থক হয়—ডা: অমৰজ্যোতি ডেকা , মৰিগাঁও জিলা উপায়ুক্তকে ধৰি বিভিন্ন দল সংগঠনৰ শুভেচ্ছা
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৩ আগষ্ট : মৰিগাঁৱৰ বঘৰাত১৯৩৮ চনতেই স্থাপন হোৱা বঘৰা ৰাজ্যিক চিকিৎসালয়খনে বৰ্তমান ভাৰতীয় ৫টকীয়া ডাক টিকটত স্থান লাভ কৰা খবৰে ৰাজ্য খনৰ লগতে সমগ্ৰ মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কালিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰ্যালোচনা সভাৰ অন্তত ভাৰতীয় পাঁচ টকীয়া ডাক টিকটত সন্নিৱিষ্ট হোৱা মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ফটোৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই চিকিৎসালয় খনৰ চিকিৎসক ডা: অমৰজ্যোতি ডেকাৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু প্ৰচেষ্টাক শলাগ লয়। উল্লেখ যে— মৰিগাঁও চহৰৰ সমীপৱৰ্তী অঞ্চল বঘৰাত ১৯৩৮ চনতেই স্থাপিত হোৱা বঘৰা ৰাজ্যিক চিকিৎসালয়খনত ডাঃ অমৰজ্যোতি ডেকাই ২০১৮চনৰ এপ্ৰিল মাহত যোগদান কৰা পিছৰে পৰা চিকিৎসালয়খনৰ স্বাস্থ্য সেৱাৰ উত্তৰনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে অঞ্চলবাসীকে ধৰি বহু কেইটা অনুষ্ঠান প্ৰতিষ্ঠানক প্ৰত্যক্ষভাবে জড়িত কৰি এক জনকল্যানকামী চিকিৎসা প্ৰতিষ্ঠানত পৰ্যবসিত কৰিবলৈ সক্ষম হৈছে। বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ সৌন্দৰ্যত চিকিৎসাৰ বাবে যোৱা ৰোগীয়ে চিকিৎসালয়ত প্ৰৱেশ কৰিয়েই ৰোগীৰ ৰোগ আৰু মানসিক অৱস্থা উন্নত হোৱাৰ লগতে ৰাজপথৰে যোৱা যাত্ৰীৰেও এবাৰ ৰৈ চিকিৎসালয় খন প্ৰত্যক্ষ কৰে। তাৰোপৰি ডাঃ অমৰজ্যোতি ডেকাৰ নেতৃত্বতেই বঘৰা ৰাজ্যিক চিকিৎসালয়ে গ্ৰীন মৰিগাঁওকে ধৰি ২০১৮ৰ পৰা ২০২২চনলৈকে কায়কল্প বঁটা লাভ কৰাৰ লগতে একাধিক বঁটা লাভ কৰি প্ৰশংসিত হোৱাৰ উপৰিও মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। ইফালে,ভাৰতীয় ডাক বিভাগৰ ৫ টকীয়া ডাক টিকটত মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়খন সন্নিৱিষ্ট হোৱাত অত্যন্ত সুখী অনুভৱ কৰা চিকিৎসালয়খনৰ চিকিৎসক ডাঃ অমৰজ্যোতি ডেকাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে— ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া আজাদী কা অমৃত উৎসৱক ব্যতিক্ৰম হিচাপে উদযাপন কৰিবলৈ  বিশ্ব স্বাস্থ্য সংস্থাৰ মানচিত্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা এই ৮৪ বছৰ অতিক্ৰম কৰা বঘৰা ৰাজ্যিক চিকিৎসালয়খনক অন্তৰ্ভুক্ত কৰিবলৈ প্ৰয়াস কৰা হৈছিল।সেই প্ৰয়াসৰ অংশ হিচাপে ভাৰতীয় ডাক বিভাগৰ মাই ষ্টাম্প নামৰ আঁচনি সুবিধা গ্ৰহণ কৰি নিদিষ্ট আবেদন পত্ৰত নিৰ্ধাৰিত মাছুল জমা দি তথ্য পাতি সহ আবেদন কৰা হৈছিল। ইয়াৰ ফলতেই ভাৰতীয় ডাক টিকটত বঘৰা ৰাজ্যিক চিকিৎসালয়ে স্থান পাবলৈ সক্ষম হয় আৰু জীৱন সাৰ্থক হোৱা বুলি মানৱদৰদী যুৱ চিকিৎসক গৰাকীয়ে প্ৰকাশ কৰে। ইপিনে, মৰিগাঁও জিলাৰ অন্যতম প্ৰাচীন প্ৰাথমিক চিকিৎসা সেৱাৰ কেন্দ্ৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ে ভাৰতীয় ডাক টিকটত স্থান লাভ কৰি মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অন্যতম হোতা চিকিৎসালয়খনৰ চিকিৎসক ডাঃ অমৰজ্যোতি ডেকাক মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া , অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাসৰ উপৰিও মৰিগাঁও জিলা সাহিত্য সভা, মৰিগাঁও জিলা সাংবাদিক সংস্থা, নাট্য অনুষ্ঠান সমলয়ৰ লগতে বঘৰাৰ স্থানীয় কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি মৰিগাঁও জিলাৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে অভিনন্দন জ্ঞাপন কৰাৰ উপৰিও উষ্ম আদৰণি জনায়।