ভুৱা বি পি এল আইডি’ৰ জৰিয়তে আৱাস গৃহ যোজনাৰ আৱন্টনৰ নামত শিৱসাগৰ খেলুৱা খণ্ড বিষয়া উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনত ব্যাপক কেলেংকাৰী

25

ভুৱা বি পি এল আইডি’ৰ জৰিয়তে আৱাস গৃহ যোজনাৰ আৱন্টনৰ নামত শিৱসাগৰ খেলুৱা খণ্ড বিষয়া উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনত ব্যাপক কেলেংকাৰী , চৰাইদেউ , শিৱসাগৰ , যোৰহাট-গোলাঘাট জিলাতো প্ৰায় ২০০ কোটি টকাৰ কেলেংকাৰী তথ্য পোহৰলৈ আনিছে অসম নৱ-নিৰ্মাণ সমিতিয়ে , খেলুৱা খণ্ড উন্নয়ন বিষয়া , কেইবাখনো পঞ্চায়তৰ সভাপতি , সচিব আৰু জন প্ৰতিনিধিৰ গোপন অভিসন্ধিৰে ৰাজকোষৰ ধন আত্মসাৎ

দু্ৰ্নীতিৰ দৰ্পণ সেৱা , শিৱসাগৰ , বিশেষ সেৱা , দিচাংমুখ সেৱা , ৩ আগষ্টঃ কংগ্ৰেছ শাসনৰ সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ভুৱা বিপিএল আইডিৰে ইন্দিৰা আৱাস যোজনাৰ আঁচনিখনৰ নামত শিৱসাগৰ খেলুৱা খণ্ড উন্নয়ন বিষয়া কায্যালয়ৰ খণ্ড উন্নয়ন বিষয়া ,পঞ্চায়ত সমূহৰ সভাপতি আৰু সচিব সকলে ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগেৰে গুৱাহাটী উচ্চ ন্যায়লয়ত ৰুজু হৈছে ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ । ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে শিৱসাগৰ,যোৰহাট , গোলাঘাট আৰু চৰাইদেউত প্ৰায় ২০০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী তথা অনিয়ম সংঘটিত হোৱা বুলি তথ্য সহকাৰে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ২০২১ বৰ্ষতে দাখিল কৰিছে অসম নৱ নিৰ্মাণ সমিতিয়ে । উল্লেখ্য যে , ২০১২-১৩ বিত্তীয় বৰ্ষৰ পৰা ২০১৪-১৬ বিত্তীয় বৰ্ষলৈকে ইন্দিৰা আৱাস যোজনা আঁচনিখনৰ অধীনত দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা ৰাইজক সকলক গৃহ আৱণ্টনৰ নামত ব্যাপক অনিয়মৰ আশ্ৰয় লৈ খেলুৱা খণ্ড উন্নয়ন বিষয়া কায্যালয়ৰ খণ্ড উন্নয়ন বিষয়া , পঞ্চায়ত সমূহৰ সভাপতি আৰু সচিবসকলে ভুৱা বিপিএল আইডি’ৰ জৰিয়তে কোটি কোটি আত্মসাৎৰ গোপন অভিসন্ধি তথ্য সহকাৰে ফাদিল কৰি সংগঠনটোৱে দোষীক কঠোৰ শাস্তি প্ৰদানৰ বাবে ২০২১ বৰ্ষত উচ্চ ন্যায়লয়ত দ্বাৰস্থ হয় । কংগ্ৰেছ শাসনৰ সময়ত ২০১২ বিত্তীয় বৰ্ষৰ ১৬ বিত্তীয় বৰ্ষলৈকে অভাৱগ্ৰস্তলোকসকলৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰা ধ্বজ্জাবাহী আঁচনিৰ ভিতৰত অন্যতম ইন্দিৰা আৱাস যোজনাৰ আঁচনিখনত ব্যাপক অনিয়মৰ আশ্ৰয় লৈ শিৱসাগৰস্থিত খেলুৱা খণ্ড উন্নয়ন বিষয়া কায্যালয়ৰ খণ্ড উন্নয়ন বিষয়া , পঞ্চায়ত সমূহৰ সভাপতি আৰু সচিবসকলে সিংহভাগ ধন লুণ্ঠন কৰা অঘোষিত প্ৰতিযোগিতাৰ ফলত আঁচনিখন বগা হাতীলৈ পৰিণত হোৱাৰ লগতে দুখীয়া ৰাইজৰ বাবে অহা কোটি কোটি টকা বিষয়া-কৰ্মচাৰী আৰু জনপ্ৰতিনিধিৰ পকেটত সোমাই । উক্ত সময়ছোৱাত দুখীয়া ৰাইজৰ বাবে অহা উক্ত আঁচনিখনৰ গৃহ আৱণ্টনৰ নামত শিৱসাগৰ , চৰাইদেউ , গোলাঘাট আৰু যোৰহাটৰ পঞ্চায়তসমূহত প্ৰায় ২০০ কোটি টকা কেলেংকাৰী সংঘটিত হোৱাৰ ফলত আঁচনিখনৰ দ্বাৰা সেইসময়ত দুখীয়া ৰাইজৰ কোনো উপকৃত নহ’ল । চাৰিখনৰ জিলাৰ ভিতৰত শিৱসাগৰ জিলাত খেলুৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধীনত ১৭ খন পঞ্চায়তত ভুৱা বিপিএল আইডি’ৰ নামত গৃহ আৱণ্টন , অকৰ্তৃশীলভাৱে গৃহ আৱণ্টন , অস্তিত্বহীন ভুৱা বিপিএল আইডি’ৰ নামত গৃহ আৱণ্টন আৰু একোটা ভুৱা বিপিএল আইডি’ৰ নামত আন এজন অযোগ্য হিতাধিকাৰীক গৃহ আৱণ্টনৰ নামত ব্যাপক অনিয়মৰ আশ্ৰয় লৈ শিৱসাগৰস্থিত খেলুৱা খণ্ড উন্নয়ন বিষয়া কায্যালয়ৰ খণ্ড উন্নয়ন বিষয়া , পঞ্চায়তসমূহৰ সভাপতি আৰু সচিবসকলে কোটি কোটি টকা আত্মসাৎ কৰি দুৰ্নীতিৰ ভূ-স্বৰ্গলৈ পৰিণত কৰিছিল । কংগ্ৰেছ শাসনৰ সময়ত দুখীয়া লোকক বিনামূলীয়া পকীঘৰ গৃহ প্ৰদানৰ নামত ভুৱা বিপিএল আইডি’ৰ জৰিয়তে সংঘটিত কৰা কেলেংকাৰীৰ দিচাং ধাই আলি গাওঁ পঞ্চায়তৰ ভুৱা হিতাধিকাৰীসকলৰ তথ্য আমাৰ হাতত পৰিছে । প্ৰাপ্ত তথ্য অনুসৰি , ভুৱা বিপিএল আইডি’ৰ নম্বৰ ২৫৯৬৭ ৰ হিতাধিকাৰী কলি দাস (পিতা/স্বামী মাধৱ দাস ), ভুৱা বিপিএল আইডিৰ নম্বৰ ২৫৯৯৭ ৰ হিতাধিকাৰী মেম দাস (পিতা/স্বামী ফুলেশ্বৰ দাস) , ভুৱা বিপিএল আইডি নম্বৰ ২৫৯৮৮ ৰ নিৰৱালা দাস (পিতা/স্বামী  ৰাম দাস) , ভুৱা বিপিএল আইডি’ৰ নম্বৰ ২৬৬০০২ ৰ ৰূপহী দাস (পিতা/স্বামী পুনু দাস), ভুৱা বিপিএল আইডি’ৰ নম্বৰ ৪৫৪৭ ৰ হাচিনা বেগম (পিতা/স্বামী মহিৰতদ্দিন) , ভুৱা বিপিএল আইডিৰ নম্বৰ ২৫৭৬১ ৰ কেতুক বেগম ( পিতা/স্বামী কন্তিয়া আলী), ভুৱা বিপিএল আইডিৰ নম্বৰ ২৫৭৮৯ ৰ মমিনা বেগম ( পিতা/স্বামীঃপিয়াৰ মঃ আলী), ভুৱা বিপিএল আইডিৰ নম্বৰ ২৫৯০৫ ৰ হাফিজা বেগম (পিতা/স্বামীঃফুলবাবা আলী), ভুৱা বিপিএল আইডিৰ নম্বৰ ২৫৭৩৮ খুচনা বেগম (পিতা/স্বামীঃৰাজিবুৰ আলী), ভুৱা বিপিএল আইডি নম্বৰ ২৫৭৩১ কাদিৰ আলী (পিতা/স্বামীঃ মহপদ আলী), ভুৱা বিপিএল আইডিৰ নম্বৰ ২৫৮৫৩ গুণমাই চেতিয়া ( পিতা/স্বামীঃবলোৰাম চেতিয়া), ভুৱা বিপিএল আইডি নম্বৰ ২৫৭৬৪ ডিম্বেশ্বৰী ফুকন (পিতা/স্বামীঃৰত্নেশ্বৰ ফুকন), ভুৱা বিপিএল আইডি নম্বৰ ২৫৮১৬ টুটুমনি গগৈ (পিতা/স্বামীঃবিমল গগৈ),ভুৱা বিপিএল আইডি নম্বৰ ২৫৮৬৮ মৃদুলা গগৈ (পিতা/স্বামীঃ জিৰমল গগৈ), ভুৱা বিপিএল আইডি নম্বৰ ২৫৮০৫ শান্তি গগৈ (পিতা/স্বামীঃজিতেন গগৈ নামত দিচাং ধাই গাওঁ পঞ্চায়তে ৭৫০০০ টকাকৈ অবৈধভাৱে চৰকাৰী ধন অপব্যৱহাৰ কৰি লাখ লাখ টকা আত্মসাৎ কৰি দুখীয়া ৰাইজক ৰামটাঙোন মাৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰিছে । কংগ্ৰেছ শাসনৰ সময়ছোৱাত ইন্দিৰা আৱাস যোজনাৰ আঁচনিৰ নামত ভুৱা বিপিএল আইডিয়ে ভুৱা হিতাধিকাৰী নামত খেলুৱা উন্নয়ন খণ্ডৰ ১৭ খন পঞ্চায়তৰ প্ৰতিনিধিয়ে লুণ্ঠন কৰা ভয়াৱহ কেলেংকাৰী প্ৰতিচ্ছবি উন্মোচিত হোৱাত জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । কংগ্ৰেছ শাসনৰ সময়ত খেলুৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে দুৰ্নীতিক সোঁচৰা বেমাৰলৈ ৰূপান্তৰ কৰি উক্ত পঞ্চায়তসমূহৰ প্ৰতিনিধিৰ লগত গোপন মিতিৰালি জৰিয়তে দুখীয়া ৰাইজৰ বাবে অহা উক্ত আঁচনিখনৰ নামত ভুৱা বিপিএল আইডিৰ জৰিয়তে সকলো পক্ষক অন্ধকাৰত ৰাখি কোটি কোটি টকা শৰাধ কৰা তথ্য ফাদিল হোৱাত অনিয়ম বিৰুদ্ধে কঠোৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিমাত হোৱাৰ বিষয়টো গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে । সংগঠনটোৱে এই সন্দৰ্ভত তদাৰকী আৰু দুৰ্নীতিৰ নিৰ্বাৰক শাখাত তথ্য সহকাৰে অভিযোগ প্ৰদান কৰিছে । বিগত বৰ্ষতে এই কেলেংকাৰী সমস্ত তথ্য ৰাজহুৱা হোৱাৰ পিছতো দুৰ্নীতিগ্ৰস্তকাৰী বিষয়া-পঞ্চায়ত প্ৰতিনিধিক কঠোৰ শাস্তিমূলক ব্যৱস্থা জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰিব লাগিছিল যদিও চৰকাৰী যন্ত্ৰৰ পক্ষই চকু মুদা কুলি ভাও ধৰা কাৰ্যত সংগঠনটোৱে উপায়ন্তৰ হৈ ন্যায়লয়ৰ কাষ চাপে । ইপিনে , খেলুৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ বাকী ১৬ খন পঞ্চায়তত ভুৱা বিপিএল আইডিৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰা তথ্য পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ পাব ।