ভৱানীপুৰ সমষ্টিৰ বানাক্ৰান্ত ৰাইজক মহাৰাষ্ট্ৰৰ ‘আৰোগ্য সেনা’ৰ চিকিৎসা সেৱা 

39
ভৱানীপুৰ সমষ্টিৰ বানাক্ৰান্ত ৰাইজক মহাৰাষ্ট্ৰৰ ‘আৰোগ্য সেনা’ৰ চিকিৎসা সেৱা
সঞ্জীৱ দাস, ভৱানীপুৰ, ১৭ জুলাইঃ প্ৰলয়ংকৰী বানত বিধ্বস্ত ভৱানীপুৰ বিধানসভা সমষ্টিৰ বানাক্ৰান্ত ৰাইজে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাত দুৰ্গত ৰোগাক্ৰান্ত ৰাইজৰ মাজত বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায় মহাৰাষ্ট্ৰৰ স্বেচ্ছাসেৱী সংগঠন ‘আৰোগ্য সেনা’ৰ এটা চিকিৎসকৰ দলে আজিলৈ তিনিটা দিন ধৰি। মহাৰাষ্ট্ৰৰ ‘আৰোগ্য সেনা’ৰ চিকিৎসকৰ দলে ইয়ং আসাম আৰু হেপী ক্লাব, ভৱানীপুৰৰ যুটীয়া সহযোগত আজিলৈ তিনিটা দিন ধৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ কেবাখনো বানাক্ৰান্ত গাঁৱত ৰোগাক্ৰান্ত ৰাইজৰ মাজত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা তথা চিকিৎসা সেৱা আগবঢ়ায়। ১৫ জুলাইত ভৱানীপুৰ সমষ্টিৰ মেধিকুছিত, কালি কলবাৰী, ভৱানীপুৰ পূৱহাটী আৰু ওজাসাস্তৰত, আজি ভৱানীপুৰ নহাটী আৰু দঙাৰপাৰত মহাৰাষ্ট্ৰৰ ‘আৰোগ্য সেনা’ৰ চিকিৎসক ক্ৰমেঃ ডা: অভিজিত বৈদ্য, ডা: নীতিন কেটকাৰ, ডা: ধনঞ্জয় দেশমুখৰ লগতে কেইবাগৰাকীও স্বাস্থ্য কৰ্মী আৰু সেচ্ছাসেৱকে চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে দলটোত অন্যান্য সেৱা আগবঢ়ায় মহাৰাষ্ট্ৰৰ অধ্যাপক প্ৰমোদ দালভি, অধিবক্তাদ্বয় কেটন যাদৱ, সন্তোষ মহাস্কে আদিয়ে। উল্লেখ্য যে, তিনিওটা দিনতে মেধিকুছি, কলবাৰী, ওজাসাস্তৰ, ভৱানীপুৰ পূৱহাটী, ভৱানীপুৰ নহাটী, দঙাৰপাৰ আদি গাঁৱত প্ৰায় এহেজাৰ ৰোগীৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা তথা স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ব্যাপক পৰিমাণে ৰোগীসকলক ঔষধো প্ৰদান কৰে।