মই গৌৰৱান্বিত মই মিঞা

20
#মই গৌৰৱান্বিত মই মিঞা#
✍হাফিজ গিয়াছউদ্দিন আহমেদ । ধূলা (হিৰাপাৰা)।
লেখকৰ ফোন নংঃ 6901102871
>>>      হয় মই মিঞা হিচাপে গৌৰৱান্বিত। যিসকলে মিঞা শব্দৰ সম্পূর্ণ অৰ্থ নাজানি তুচ্ছ তাচ্ছিল্য কৰে তেওঁলোকলৈ মোৰ এই লিখনি। মিঞা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসমত বসবাস কৰা অবিভক্ত ভাৰতৰ পূৰ্ব বংগ মূলীয় বঙালী বা বাংলাভাষী মুছলমানসকলৰ জনগোষ্ঠীয় পৰিচয়। মিঞা শব্দ হৈছে এটা পাৰ্চী মূলীয় সম্বোধন সূচক শব্দ যাৰ অসমীয়া প্ৰতিশব্দ সন্মানীয়, ডাঙৰীয়া, মহাশয়। এই সন্মান সূচক শব্দক বিকৃত ৰূপত নিদিষ্ট এটা ভাষা-ভাষিক জনগোষ্ঠীৰ লোকক অৰ্থাৎ অসমৰ বাংলাভাষী মুছলমানসকলক ঠাট্টা উপলুঙা বা নীচ বুলি দেখুওৱাৰ বাবেই ব্যৱহাৰ কৰে। কিন্তু যিসকলে মিঞা শব্দৰ প্ৰকৃত অৰ্থ জানে তেওঁলোকে কেতিয়াও উপলুঙা নকৰে আৰু ঘৃণাৰ চকুৰে নাচায়। সেয়েহে মোক যদি কোনোবাই মিঞা বুলি সম্বোধন কৰে মই বেয়া নাপাও বৰঞ্চ গৌৰৱ অনুভৱ কৰোঁ। কাৰণ যেতিয়া কোনোবাই মোক মিঞা বুলি সম্বোধন কৰে মই নিজকে সন্মানিত ব্যক্তি বুলি ভাবো। হয় কিছুমান ক্ষেত্ৰত আমাৰ সম্প্রদায়ৰ কিছুমান ব্যক্তিৰ কৰ্মৰ কাৰণে আমাক লজ্জিত কৰে ঠিক সেই এজনে যদি কিবা ভুল কৰে সেই বুলি গোটেই সম্প্রদায়ৰ মানুহক তাৰ্গেট কৰি তুচ্ছ তাচ্ছিল্য কৰাটো কিমানদূৰ যুক্তিসংগত। এটা কথা মনত ৰাখিব অপৰাধীৰ কোনো জাতি ধৰ্ম নাই। এজনে অপৰাধ কৰিলে যে গোটেই জাতিটো দায়ী সেইটো কেতিয়াও হ’ব নোৱাৰে। যি অসমখনক শংকৰ, আজানৰ মিলনভূমি কোৱা হৈছিল। যি খন অসমক শংকৰ আজানৰ দেশ বুলি কোৱা হৈছিল। সেইখন অসমতে বিশেষ ভাষা বাসীৰ লোকক মিঞা শব্দৰ প্ৰকৃত অৰ্থৰ অপব্যৱহাৰ কৰি তুচ্ছ তাচ্ছিল্য কৰা হয়। এটা কথা মনত ৰাখিব মিঞা শব্দ অবিহনে কেতিয়াও অসমীয়া শব্দ সম্পূর্ণ নহ’ব। অস+মিয়া = অসমিয়া। সেই কাৰণে মই গৌৰৱান্বিত যে মইও মিয়া কিন্তু অসমৰ মিয়া। মিঞা মানেই হৈছে প্ৰকৃত অৰ্থত ডাঙৰীয়া। তাকেই কিছুমান ভণ্ড নেতাই নিজৰ মুনাফা আদায়ৰ বাবে জাতিটোক ধংস কৰিব বিচৰা ভণ্ড নেতাই কয় মিঞা মানে বাংলাদেশী। মিঞা মানে গেদা। কিন্তু গেদা হৈছে বাংলা শব্দ যাৰ অসমীয়া অৰ্থ হৈছে সৰু ল’ৰা। ক্ষুদ্র জ্ঞানৰ অভাৱত সঠিক শব্দ প্ৰয়োগ নকৰি তুচ্ছ তাচ্ছিল্য নকৰিব। আমি আমাৰ জাতিটোক ৰক্ষা কৰিব বিচাৰিলে আৰু তুচ্ছ, তাচ্ছিল্য, উপলুঙা, গালি শপনিৰ পৰা পৰিত্ৰাণ পাবলৈ হ’ল আমাৰ সমাজখনৰ পৰা কিছুমান বস্তু পৰিত্যাগ কৰিব লাগিব যেনেঃ বাল্যবিবাহ, বহুবিবাহ, জন্ম নিয়ন্ত্রণ কৰিব লাগিব, তীৰ জুৱা, নিচা জাতীয় সামগ্রী বৰ্জন, শিশু শ্ৰম, ইত্যাদি। কেইটামান বস্তু আকোঁৱালি ল’ব লাগিব যেনেঃ সু শিক্ষাৰে শিক্ষিত হ’ব লাগিব, নম্ৰ আচৰণ ভদ্র ব্যৱহাৰ , পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰখা ইত্যাদি। মূলতঃ শিক্ষা অতিকৈ প্ৰয়োজনীয় কিয়নো শিক্ষা অবিহনে জাতি কেতিয়াও উন্নতিৰ পথত আগুৱাই নাযায়। শিক্ষাই হৈছে জাতিৰ অস্তিত্ব ৰক্ষাৰ অস্ত্ৰ।